টীয়ক, ১৯ ছেপ্টেম্বৰ: টীয়ক সমষ্টিৰ অন্তৰ্গত বানেধোৱা জাঁজীমুখ গাঁও পঞ্চায়তৰ ১ নং কাৱৈমাৰী অঞ্চলৰ ৰাইজে একবিংশ শতিকাৰ ডিজিটেল যুগতো খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগা এক পৰিস্থিতিৰ সৃষ্টি হৈছে । উক্ত অঞ্চলৰ ৰাইজে বহু দূৰ-দূৰণিৰ পৰা খোৱাপানী কঢ়িয়াবলগীয়া এক পৰিবেশ বিৰাজমান । ৰাইজৰ সুবিধা হোৱাকৈ জাঁজীমুখ পঞ্চায়তৰ ২০২০-২১ পঞ্চদশ বিত্তীয় বৰ্ষৰ অনুমোদিত ২,৩০,০০০ টকা পুঁজিৰে চাৰিটাকৈ টিউবেল স্থাপন কৰা হৈছিল । পঞ্চায়তে লোৱা এই আঁচনিত উৎফুল্লিত হৈ পৰিছিল গঞা ৰাইজ ৷
কিন্তু টিউবেল স্থাপন কৰাৰ পাচত সেই টিউবেল বৰ্তমান ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে । অৱশ্যে উক্ত টিউবেলসমূহ স্থাপন কৰোঁতেই একাংশ প্ৰত্যক্ষদৰ্শী তথা গঞা ৰাইজে টিউবেলবোৰ কিছু ওখ আৰু তলত কৰা পকী শ্লেব ৰ’ডৰ খুটাৰে নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছিল যদিও ঠিকাদাৰে মইমতালিৰে কাম সম্পূৰ্ণ কৰি গৈছিল ৷ যাৰ বাবে নিৰ্মাণৰ কিছুদিনৰ পাচতে অহা এক বানপানীত নতুনকৈ স্থাপন কৰা টিউবেল বাঢ়নী পানীত বুৰ যোৱাৰ লগতে নৱনিৰ্মিত পকী শ্লেব ফাটি যোৱাৰ অভিযোগ তুলিছে ৰাইজে । লগতে টিউবেল স্থাপনৰ সময়ত জোখতকৈ কমকৈ পাইপ পুতি এডালকৈ পাইপ ঠিকাদাৰে ওভতাই নিয়াৰো অভিযোগ তুলিছে ৰাইজে ।
ইপিনে এই সকলোবোৰ অভিযোগ পঞ্চায়তৰ সভাপতিক ৰাইজে অৱগত কৰাত সভাপতিগৰাকীয়ে ওখ কৰিব পৰা বা ৰ‘ড ব্যৱহাৰ কৰিব পৰা সুবিধা প্ৰাককলনত নাই বুলি দায় সৰা মন্তব্য কৰে বুলি জানিবলৈ দিছে ভুক্তভোগী ৰাইজে । সেয়ে ৰাইজৰ সুবিধাৰ বাবে চৰকাৰে দিয়া আঁচনি ৰূপায়নৰ পাচত যদি ৰাইজে উপকৃত নহয় তেন্তে কিয় এইদৰে ৰাইজৰ ধন অপচয় কৰা হৈছে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰাৰ লগতে ৰাইজ উপকৃত হোৱাকৈ টিউবেলকেইটা স্থাপন কৰিবলৈ আহ্বান জনাইছে এইসকল ৰাইজে ।
লগতে পঢ়ক: বালি খান্দি গাঁতৰ পানী খাই জীৱন ধাৰণ কৰিছে আমগুৰিৰ ৩০ টাকৈ পৰিয়ালে