তিতাবৰ , 26 ডিচেম্বৰঃ এইবাৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মাত মাতি ৰোষত পৰিল এগৰাকী শিক্ষয়িত্ৰী ৷ যোৰহাট জিলাৰ তিতাবৰত সংঘটিত হ’ল এই ঘটনা ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্ট কৰাৰ পাছতেই তিতাবৰৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ বন্দিতা বৰা নামৰ শিক্ষয়িত্ৰী গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে বিদ্যালয়খনৰ কৰ্তৃপক্ষই ৷ কম্পিউটাৰ শিক্ষয়িত্ৰী গৰাকীলৈ বৰ্খাস্তৰ নিৰ্দেশ দিলে অধ্যক্ষই ৷
আনহাতে , শিক্ষয়িত্ৰী গৰাকীলৈ অধ্যক্ষই বৰ্খাস্তৰ নিৰ্দেশ দিয়াৰ পাছতেই শিক্ষয়ত্ৰী গৰাকীৰ সমৰ্থনত ওলাই আহিল বিদ্যালয়খনৰ শিক্ষাৰ্থী সকল ৷ ছাত্ৰ-ছাত্ৰী সকলে শিক্ষয়িত্ৰী গৰাকীৰ বিৰুদ্ধে এনে ব্যৱস্থা গ্ৰহণ নকৰিবলৈ দাৱী জনোৱাৰ লগতে শিক্ষায়ত্ৰী গৰাকীৰ নিযুক্তি বাহাল ৰাখিবলৈ অধ্যক্ষ মুকেশ কুমাৰক আছু আৰু যুৱ ছাত্ৰ পৰিষদে প্ৰদান কৰিলে ২৪ ঘণ্টাৰ সময় ৷
উল্লেখযোগ্য যে , বিদ্যালয়খনৰ এজন শিক্ষকৰ বিৰুদ্ধে অসম বিৰোধী মন্তব্যৰ অভিযোগো উত্থাপন কৰিছে ছাত্ৰ ছাত্ৰী সকলে ৷ সমগ্ৰ অসমতে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ অব্যাহত থৰকাৰ সময়তে ৰাজ্যৰ এখন আগশাৰীৰ বিদ্যালয়ত ঘটা এনে ধৰণৰ ঘটনাই আচম্বিত কৰিছে তিতাবৰ অঞ্চলৰ স্থানীয় ব্যক্তি সকলৰ লগতে সচেতন মহলক ৷
লগতে পঢ়কঃ এইগৰাকী মন্ত্ৰীৰ নাম ল'বলৈ কুণ্ঠাবোধ কৰে নেকি প্ৰফুল্ল কুমাৰ মহন্তই !