ETV Bharat / state

যোৰহাট পৌৰসভাৰ আঁচনিত বৃহৎ কেলেংকাৰীৰ অভিযোগঃ হৰলুকী বহু গুৰুত্বপূৰ্ণ নথি

এই কেলেংকাৰীৰ উচিত তদন্তৰ কৰাৰ দাবীৰে তথা দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ সোমবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা নগৰ সমিতিয়ে ৷ কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এয়াই যে, উক্ত বহু মহলীয়া কাৰপাৰ্কিং প্ৰকল্পটোৰ বহু গুৰুত্বপূৰ্ণ ফাইলটো হেৰাই যোৱাৰ তথ্য পোহৰলৈ আহিছে ৷

author img

By

Published : Sep 28, 2020, 8:20 PM IST

Scam at Jorhat municipality: protest by AJYCP
যোৰহাট পৌৰসভাৰ আঁচনিত বৃহৎ কেলেংকাৰীৰ অভিযোগঃ হৰলুকী বহু গুৰুত্বপূৰ্ণ নথি

যোৰহাট, 28 ছেপ্তেম্বৰ: যোৰহাট চহৰত সৃষ্টি হোৱা ব্যাপক যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি 2013 চনতে কংগ্ৰেছ চৰকাৰে নিৰ্মাণ কৰা অত্যাধুনিক বহু মহলীয়া কাৰ পাৰ্কিং ব্যৱস্থাত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগেৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ ৷ সোমবাৰে এই কেলেংকাৰীৰ উচিত তদন্তৰ কৰাৰ দাবীৰে তথা দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা নগৰ সমিতিয়ে ৷ কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এইয়াই যে, উক্তি বহু মহলীয়া কাৰপাৰ্কিং প্ৰকল্পটোৰ বহু গুৰুত্বপূৰ্ণ ফাইলটো হেৰাই যোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ পূৰ্বৰ পৌৰপতি, পৌৰসভা একাংশ কৰ্মী আৰু ঠিকাদাৰে দুৰ্নীতি লুকোৱাবৰ বাবেই এই গুৰুত্বপূৰ্ণ ফাইলটো হৰলুকী কৰা বুলি অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰী শিৱ কলিতাই ৷ এই ঘটনা সম্পৰ্কত অৱগত হোৱাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা লগতে উচিত তদন্তৰ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷

উল্লেখ্য যে, যোৰহাট চহৰত যান-জঁটৰ সমস্যা দূৰ কৰিবলৈ ২০১৩ চনতে কংগ্ৰেছ চৰকাৰে হাতত লৈছিল এক অত্যাধুনিক বহু মহলীয়া গাড়ী পাৰ্কিং প্ৰকল্প ৷ চৰকাৰ সলনি হল, কংগ্ৰেছৰ পৌৰসভাৰ ঠাইত আহিল বিজেপি দলৰ পৌৰসভা ৷ কিন্তু যোৰহাটৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ স্বৰূপ এই আঁচনি খন এতিয়া পুখুৰী লৈ পৰিণত হ'ল ৷ প্ৰকল্পটোৰ লগত জড়িত থকা বহু বিষয়া আৰু ঠিকাদাৰৰ অৱহেলাৰ বাবে 7 বছৰ ওকলি যোৱাৰ পাছতো আজি পৰ্যন্ত সম্পূৰ্ণ নহ'ল যোৰহাট নগৰৰ মাজমজিয়াত থকা বহু মহলীয়া যান বাহন প্ৰকল্পটো ৷ উল্লেখযোগ্য যে, 10 কোটি 51 লাখ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা প্ৰকল্পটোৰ তলৰ মহলাত 70 খন দোকান ঘৰৰ লগতে 150 খন বাহনৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰিছিল ৷ কিন্তু চৰকাৰ আহিল আৰু গল, কি কংগ্ৰেছ আৰু কি বিজেপি সকলোৰে দিনত একেদৰেই অৱহেলিত হৈ পৰি ৰল এই কোটি টকীয়া প্ৰকল্পটো ৷

লগতে পঢ়কঃ ক'ভিড-১৯ ক ৰোধিবলৈ নেন' প্লাষ্টিক শ্বীটৰ আৱিষ্কাৰ ! কি এই নেন' টেকন'লজি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.