ETV Bharat / state

ড্ৰাগছৰ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা - NAGAON MINORITY LEADER ARRESTED

ASSP leader arrested : আৰক্ষীৰ জালত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা । ড্ৰাগছ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ সংখ্যালঘু নেতা আবু বক্কৰ ছিদ্দিক ।

ASSP Leader Arrested
ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 7, 2024, 5:09 PM IST

Updated : Oct 7, 2024, 5:26 PM IST

নগাঁও, ৭ অক্টোবৰ : এগৰাকী সংখ্যালঘু নেতাৰ বিৰুদ্ধে এইবাৰ উত্থাপন হৈছে ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ তথ্য । সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এগৰাকী কেন্দ্ৰীয় নেতা নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই সৃষ্টি হৈছে চাঞ্চল্যৰ । সংখ্যালঘু নেতাগৰাকীৰ নাম হৈছে আবু বক্কৰ ছিদ্দিক ।

সংখ্যালঘু সংগ্ৰাম পৰিষদ নামৰ এটা সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি আবু বক্কৰ ছিদ্দিকৰ বিৰুদ্ধে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ কিছু তথ্য লাভ কৰাৰ পাছতেই সোমবাৰে পুৱাতেই প্ৰথমে নগাঁৱৰ জুৰীয়া আৰক্ষীয়ে আটক কৰাৰ পাছত দুপৰীয়া গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে ।

ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা (ETV Bharat Assam)

সংবাদ মাধ্যমৰ সন্মুখত এই তথ্য সদৰী কৰে নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াই । সংবাদ মাধ্যমৰ সন্মুখত নগাঁও আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, কিছুদিন পূৰ্বে নগাঁৱৰ কচুৱা আৰক্ষী থানাত ৰুজু হৈছিল এক গোচৰ । কচুৱা আৰক্ষী থানাত ৭৩/২০২৪ নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ কেবাটাও ধাৰা ৰুজু হোৱা গোচৰৰ অনুসন্ধানত ড্ৰাগছ সৰবৰাহৰ সৈতে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ ছিদ্দিক জড়িত থকাৰ তথ্য নগাঁও আৰক্ষীয়ে লাভ কৰাৰ কথা সংবাদ মাধ্যমৰ সন্মুখত অৱগত কৰে নগাঁৱৰ অপৰাধ শাখাৰ আৰক্ষী বিষয়াগৰাকীয়ে ।

উক্ত গোচৰৰ ভিত্তিতেই সোমবাৰে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাৰ অন্তত অধিক তথ্যৰ বাবে আৰক্ষীয়ে পুনৰ নিজৰ জিম্মাত বিচাৰিব বুলিও আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে ।

উল্লেখ্য যে বিগত কিছুদিন ধৰি উজনি অসমত সৃষ্টি হোৱা মিঞা শ্ৰমিক বিতৰ্কতো সাঙোৰ খাই পৰিছিল সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ ছিদ্দিকৰ নাম । উজনি অসমৰ পৰা নিজ নিজ ঘৰলৈ উভতি অহা শ্ৰমিক পুনৰ উজনি অসমলৈ যোৱাৰ পথত শ্ৰমিকসকলক বাধা প্ৰদান কৰি মিঞা শ্ৰমিকক উজনি অসমত নিৰাপত্তা নিশ্চিত কৰাৰ দাবী কৰিছিল সংখ্যালঘু সংগ্ৰাম পৰিষদে ।

লগতে পঢ়ক :কি কাৰণে পৰিচালক হিমাংশুৱে ক’লে জয় হনুমেনৰ প্ৰদৰ্শন বন্ধ কৰাৰ কথা - Assamese movie Joy Hanu man
লগতে পঢ়ক :অৱশেষত বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস বন্ধৰ নিৰ্দেশ প্ৰত্যাহাৰ - Gauhati University

Last Updated : Oct 7, 2024, 5:26 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.