ETV Bharat / state

গুৱাহাটীৰ পূজা সমিতিৰ বাবে স্বচ্ছতা প্ৰতিযোগিতাৰ নীতি-নিয়ম ঘোষণা জি এম চিৰ

GMC cleanliness competition: স্বচ্ছতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ কি কি নীতি-নিয়ম পূজা সমিতিবোৰে মানিব লাগিব জনালে জি এম চিৰ মেয়ৰে ।

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

GMC Cleanliness Competition
পূজা সমিতিৰ বাবে স্বচ্ছতা প্ৰতিযোগিতাৰ নিয়মাৱলী ঘোষণা জি এম চিৰ (ETV Bharat Assam)

গুৱাহাটী, ৭ অক্টোবৰ : শাৰদীয় দুৰ্গা পূজাত স্বচ্ছতা প্ৰতিযোগিতাৰে গুৱাহাটী মহানগৰখনক পৰিষ্কাৰ কৰি ৰখাৰ লক্ষ্য লৈছে গুৱাহাটী পৌৰ নিগমে । তাৰ বাবে বিগত বৰ্ষৰ দৰে এইবাৰো গুৱাহাটী পৌৰ নিগমে শাৰদীয় দুৰ্গা পূজা উপলক্ষে পূজা সমিতিসমূহৰ মাজত স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন কৰিছে ।

এই কথা সোমবাৰে উজানবজাৰস্থিত কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত ঘোষণা কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই । সংবাদমেলত তেওঁ কয়, "গুৱাহাটী পৌৰ নিগমে দুৰ্গা পূজাৰ পৰা কালী পূজালৈকে স্বচ্ছতা বজাই ৰখা ১৭৫ খন পূজা সমিতিক পুৰস্কৃত কৰা হ'ব । স্বচ্ছতা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰপ্ৰাপ্ত ২৫ খন পূজা সমিতিক ১০ হেজাৰ টকাকৈ, দ্বিতীয় পুৰস্কাৰপ্ৰাপ্ত ৫০ খন পূজা সমিতিক ৭ হেজাৰ টকাকৈ আৰু তৃতীয় পুৰস্কাৰপ্ৰাপ্ত ১০০ খন পূজা সমিতিক ৫ হেজাৰ টকাকৈ প্ৰদান কৰা হ'ব ।"

গুৱাহাটীৰ পূজা কমিটীৰ বাবে স্বচ্ছতা প্ৰতিযোগিতাৰ নীতি-নিয়ম ঘোষণা জি এম চিৰ (ETV Bharat Assam)

প্ৰতিযোগিতাৰ শিতান সন্দৰ্ভত তেওঁ কয়, "৭ টা শিতানত মুঠ ৭০ নম্বৰ ধাৰ্য কৰা হৈছে । প্ৰতিযোগিতাৰ বাবে গুৱাহাটী পৌৰ নিগমে এখন প্ৰ-পত্ৰ যুগুত কৰি উলিয়াইছে । এই প্ৰ-পত্ৰ পূৰণ কৰি জমা দিয়া পূজা সমিতিসমূহে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব ।"

জি এম চিৰ স্বচ্ছতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ কি কি নীতি-নিয়ম মানিব লাগিব

এইক্ষেত্ৰত কেবাটাও নীতি-নিয়ম বান্ধি দিয়াৰ কথা উল্লেখ কৰি শৰণীয়াই কয়, "এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক মণ্ডপসমূহত ব্যৱহাৰৰ পৰা বিৰত থকা, জাবৰ নিষ্কাশন বা জমা কৰি থোৱাৰ বাবে সু-ব্যৱস্থা কৰা, প্ৰতিখন পূজা সমিতিয়ে সেউজীয়া আৰু নীলা ডাষ্টবিন ব্যৱহাৰ কৰা, চাফাই কৰ্মী, স্বেচ্ছাসেৱক নিয়োগ কৰা আদি নিয়মসমূহ প্ৰতিযোগিতাৰ ক্ষেত্ৰত পালন কৰিব লাগিব ।"

প্ৰতিযোগিতা কিদৰে পৰিচালনা কৰা হ'ব

প্ৰতিযোগিতাখন সূচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন বিষয়াক লৈ প্ৰতিটো ৱাৰ্ডত এখনকৈ সমিতি গঠন কৰা বুলি শৰণীয়াই জানিবলৈ দিয়ে । তেওঁ কয়, "পৰিষ্কাৰ-পৰিচ্ছনতাৰ বাবে নিয়োজিত হৈ থকা এন জি অʼসমূহৰ মাজতো প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । যিসমূহ এন জি অʼই ভালকৈ ঘৰৰ পৰা, পূজা মণ্ডপসমূহৰ পৰা জাবৰ-জোঁথৰ সংগ্ৰহ কৰে তেওঁলোকক প্ৰথম পুৰস্কাৰ হিচাপে ১ লাখ টকা, দ্বিতীয় পুৰস্কাৰ হিচাপে ৭০ হেজাৰ টকা আৰু তৃতীয় পুৰস্কাৰ হিচাপে ৫০ হেজাৰ টকা প্ৰদান কৰা হ'ব ।"

পাৰিষদ বা ৱাৰ্ডসমূহৰ মাজতো অনুষ্ঠিত হ'ব প্ৰতিযোগিতা

দুৰ্গা পূজাৰ পৰা অহা বৰ্ষৰ ৩১ জানুৱাৰীলৈকে পাৰিষদ বা ৱাৰ্ডসমূহৰ মাজতো এক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি সদৰী কৰি মেয়ৰ শৰণীয়াই কয়, "জাবৰ-জোঁথৰ সংগ্ৰহ, চাফ-চিকুণতা বজাই ৰখা পাৰিষদসকলে প্ৰথম পুৰস্কাৰ হিচাপে ১০ লাখ টকাৰ উন্নয়ন পুঁজি, দ্বিতীয় পুৰস্কাৰ হিচাপে ৭ লাখ টকাৰ উন্নয়ন পুঁজি আৰু তৃতীয় পুৰস্কাৰ হিচাপে ৫ লাখ টকাৰ উন্নয়ন পুঁজি লাভ কৰিব ।"

সংবাদমেলত মেয়ৰ মৃগেন শৰণীয়াই দুৰ্গা পূজাৰ মণ্ডপসমূহত 'আমাৰ গুৱাহাটী, দায়িত্ব আমাৰ' শীৰ্ষক এক শ্লোগান লগোৱাৰ ব্যৱস্থা কৰিব বুলিও সদৰী কৰে ।

লগতে পঢ়ক :ৰুদ্ৰসিংহই কাক পৰাজিত কৰি বুঢ়ী গোঁসানী দেৱালয় স্থাপন কৰিছিল ? - Burhi Gosani Devalaya in Jorhat
লগতে পঢ়ক :পূজা চাবলৈ আহক আৰু মনত ৰাখি যাওক কেইখনমান কিতাপৰ নাম - Duliajan unique Puja Pandal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.