ETV Bharat / entertainment

কি কাৰণে পৰিচালক হিমাংশুৱে ক’লে জয় হনুমেনৰ প্ৰদৰ্শন বন্ধ কৰাৰ কথা - Assamese movie Joy Hanu man

Joy Hanu man movie controversy: ‘প্ৰথমে চিনেমাখন চাই লওক । অনুভূতিত আঘাত পালে প্ৰথম দিনাই প্ৰদৰ্শন বন্ধ কৰিম ৷’ হিমাংশু প্ৰসাদ দাসৰ স্পষ্ট ঘোষণা ৷

author img

By ETV Bharat Entertainment Team

Published : 3 hours ago

director himanshu prasad das requests viewers to watch Joy Hanu man after BJP  MLAs controversial statement
হিমাংশু প্ৰসাদ দাস (ETV Bharat Assam)

গুৱাহাটী, ৭ অক্টোবৰ : “যদিহে কোনো ব্যক্তিৰ ধৰ্মীয় অনুভূতিত আঘাত হানে তেন্তে আমি মুক্তিৰ দিনাৰ পৰাই চিনেমাখনৰ প্ৰদৰ্শন বন্ধ কৰিম ।”—জয় হনুমেন চিনেমাখনৰ বিৰোধিতা কৰা বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে আনসকলৰ প্ৰতি এই ঘোষণা চিনেমাখনৰ পৰিচালক-নিৰ্মাতা হিমাংশু প্ৰসাদ দাসৰ । অহা ১৮ অক্টোবৰত অসম আৰু দেশৰ আন ৮ ঠাইত মুক্তি লাভ কৰিবলগীয়া চিনেমা ‘জয় হনুমেন’ এ সনাতন ধৰ্মীয় চেতনাত আঘাত হানিছে বুলি অভিযোগ তুলি বিতৰ্কৰ সূত্ৰপাত ঘটাইছে বিজেপিৰ বিধায়ক বিশ্বজিৎ ফুকনে ।

“ভগৱান হনুমান কেনেকৈ হনুমেন হ’ল ? কেৱল আমাৰ সনাতনী চিন্তাধাৰা আৰু হিন্দুৰ আত্মাক অপমান আৰু আঘাত কৰাটোৱে প্ৰগতিশীল বামপন্থা নেকি ? আৰবান নক্সালসকল সদায়ে সনাতন বিৰোধী কিয় ?”— এয়া আছিল চিনেমাখনক লৈ বিধায়কজনৰ সামাজিক মাধ্যমত মন্তব্য ৷ বিধায়কজনৰ মন্তব্যৰ আজি সোমবাৰে প্ৰত্যুত্তৰ দিছে পৰিচালক হিমাংশু প্ৰসাদ দাসে । এক ভিডিঅ’ যোগে বিধায়কগৰাকীৰ লগতে আন সমালোচকসকলক ওপৰে ওপৰে মন্তব্য নকৰি চিনেমাখন প্ৰথমে চাই লৈহে মন্তব্য কৰিবলৈ আহ্বান জনাই তেওঁ ৷

হিমাংশু প্ৰসাদ দাসৰ ভাষ্য (ETV Bharat Assam)

বিধায়ক বিশ্বজিৎ ফুকনৰ প্ৰতি কি ক’লে ছবিৰ পৰিচালকে :

“সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই ফেচবুকত দিয়া এটা পোষ্ট আমাৰ দৃষ্টিগোচৰ হৈছে । প্ৰথম কথা হ’ল জয় হনুমেন চিনেমাখন যে অহা ১৮ অক্টোবৰত মুক্তি পাবলৈ গৈ আছে, তাৰ অৰ্থ হ’ল— এই চিনেমাখনে ইতিমধ্যে চেন্সৰ চাৰ্টিফিকেট লাভ কৰিছে । এখন চিনেমাই চেন্সৰ চাৰ্টিফিকেট লাভ কৰিব লাগিলে চেন্সৰ ব’ৰ্ডে অনুমতি প্ৰদান কৰিব লাগিব । সেই চেন্সৰ ব’ৰ্ড পৰিচালিত হয় ভাৰতীয় সংবিধানে নাগৰিকক দিয়া অধিকাৰৰ ভিত্তিত । ভাৰতবৰ্ষৰ সংবিধানত স্পষ্টভাৱে উল্লেখ আছে যে ধৰ্মীয় আৱেগত আঘাত হনা সকলো কামকেই বে-আইনী ঘোষণা কৰা হয় । অৰ্থাৎ চেন্সৰ ব’ৰ্ডে আমাৰ জয় হনুমেন চিনেমাখনক অনুমতি দিয়া মানে এই চিনেমাখনত ধৰ্মীয় অনুভূতিত আঘাত হনা কোনো ধৰণৰ দৃশ্য আৰু সংলাপ নাই ৷ সেই বাবেই চেন্সৰ ব’ৰ্ডে আমাক চিনেমাখন মুকলিভাৱে প্ৰদৰ্নৰ বাবে অনুমতি প্ৰদৰ্শন প্ৰদান কৰিছে ৷”—এটা ভিডিঅ’যোগে এইদৰে সৰুপথাৰৰ বিজেপি বিধায়কগৰাকীক উত্তৰ দিছে জয় হনুমেনৰ নিৰ্মাতা-পৰিচালক হিমাংশুপ্ৰসাদ দাসে ।

Joy Hanu man movie controversy
ৰাজ্যৰ বাহিৰতো মুক্তিৰ বাবে সাজু (ETV Bharat Assam)

ধৰ্মীয় অনুভূতিত আঘাত হানিলে চিনেমাখনৰ প্ৰদৰ্শন বন্ধ কৰিম :

‘জয় হনুমেন’ চিনেমাখন চাই প্ৰকৃত সনাতন ধৰ্মক ভালপোৱা নাইবা প্ৰকৃত হনুমান ভক্তসকলে কাৰোবাৰ ধৰ্মীয় অনুভূতিত আঘাত কৰিছো বুলি ক’ব নোৱাৰিব বুলি মন্তব্য কৰি হিমাংশু প্ৰসাদ দাসে লগতে কয়—“বাহিৰৰ পৰা দেখিয়েই কোনো কোনোৱে চিনেমাখনক লৈ মন্তব্য কৰি আছে । তাৰ মাজতেই সৰুপথাৰৰ বিধায়কজনে এনে মন্তব্য কৰিছে ৷ গতিকে মই সকলোকে কম— আহক, সকলোৱে অহা ১৮ অক্টোবৰত চিনেমাখন চাওক ৷ যদিহে কোনো ব্যক্তিৰ ধৰ্মীয় অনুভূতিত আঘাত হানে তেন্তে আমি সেইদিনাৰ পৰাই চিনেমাখনৰ প্ৰদৰ্শন বন্ধ কৰিম । কিন্তু আমি নিশ্চিত যে প্ৰকৃত সনাতন ধৰ্মক ভালপোৱা নাইবা প্ৰকৃত হনুমান ভক্তসকলে এই চিনেমাখন চোৱাৰ পিছত ক’ব নোৱাৰিব যে আমি কাৰোবাৰ ধৰ্মীয় অনুভূতিত আঘাত কৰিছো ।”

লগতে পঢ়ক : ভগৱান হনুমান কেনেকৈ হনুমেন হ’ল ? বিতৰ্কৰ আৱৰ্তত নতুন অসমীয়া ছবি ‘জয় হনুমেন’ - Joy Hanu man movie controversy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.