ETV Bharat / state

বিশিষ্ট সংস্কৃত সাধক ড৹ অকণ চন্দ্ৰ শইকীয়ালৈ সত্ৰজ্যোতি সন্মান-২০২১ - আধ্যাত্মিক তথা সত্ৰীয়া সংকৃতি

বিশিষ্ট সংস্কৃত সাধক ড৹ অকণ চন্দ্ৰ শইকীয়ালৈ সত্ৰজ্যোতি সন্মান-২০২১ ৷ মুদৈজান কমলাবাৰী সংগীত মহাবিদ্যালয়ৰ একবিংশতম প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত এক অনুষ্ঠানত প্ৰদান কৰা হয় এই সন্মান ৷

satrajyoti sanman to dr okon chandra saikia
বিশিষ্ট সংস্কৃত সাধক ড0 অকণ চন্দ্ৰ শইকীয়ালৈ সত্ৰজ্যোতি সন্মান-২০২১
author img

By

Published : Apr 4, 2021, 7:20 PM IST

যোৰহাট, 4 এপ্ৰিল : মুদৈজান কমলাবাৰী সংগীত মহাবিদ্যালয়ৰ একবিংশতম প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত এক অনুষ্ঠানত বিশিষ্ট সংস্কৃত সাধক ড৹ অকণ চন্দ্ৰ শইকীয়াক প্ৰদান কৰা হয় ‘সত্ৰজ্যোতি সন্মান-২০২১’ ৷ দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে আয়োজিত মহাবিদ্যালয়খনৰ একবিংশতম প্ৰতিষ্ঠা দিৱসত প্ৰদান কৰা হয় এই সন্মান ৷ ২০০১ চনত প্ৰতিষ্ঠা হৈছিল মহাবিদ্যালয়খন ৷

আধ্যাত্মিক তথা সত্ৰীয়া সংস্কৃতিৰ শিক্ষা প্ৰদান কৰি উঠি অহা প্ৰজন্মক নিজৰ চহকী সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে প্ৰতিষ্ঠিত হৈছিল মহাবিদ্যালয়খন ৷ সমগ্ৰ টীয়ক অঞ্চলতে বিশেষকৈ ছাত্ৰ ছাত্ৰী সকলক এক আধ্যাত্মিক তথা সত্ৰীয়া সংকৃতিৰ শিক্ষা প্ৰদান কৰি এক সুস্থ সাংস্কৃতিক পৰিবেশ গঢ়ি তোলাত অগ্ৰণী ভূমিকা পালন কৰি আহিছে মহাবিদ্যালয়খেন ।

উক্ত অনুষ্ঠানত মহাবিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীসকলে অসমীয়া সংস্কৃতিৰ নৃত্য গীতেৰে অধিক জীপাল কৰি তোলে পৰিৱেশ ৷

লগতে পঢ়ক :বৰপেটাত 144 নং ধাৰা জাৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.