যোৰহাট,২৩ ছেপ্টেম্বৰ: ২০ ছেপ্টেম্বৰ পৰা অসমৰ প্ৰতিটো প্ৰান্ততে আৰম্ভ হৈছে অমৃত কলহ যাত্ৰা । অমৃত কলহ যাত্ৰাৰ লগত সংগতি ৰাখি প্ৰতিটো পৰিয়ালৰ পৰা সংগ্ৰহ কৰা হৈছে এমুঠিকৈ মাটি । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাট জিলাটো পূৰ্ণগতিত চলি আছে অমৃত কলহ যাত্ৰা । যোৰহাটৰ মৰিয়নি সমষ্টিটো পূৰ্ণ পৰ্যায়ত আৰম্ভ হৈছে মোৰ মাটি, মোৰ দেশ অধীনত অমৃত কলহ যাত্ৰা ।
সমষ্টিটোৰ প্ৰতিখন পঞ্চায়তৰ অন্তৰ্গত প্ৰতি ঘৰৰ পৰা মাটি সংগ্ৰহৰ অভিযান অব্যাহত আছে । ইয়াৰ মাজতে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ নেতৃত্বত শনিবাৰে মৰিয়নি বাগিচাত নাচি বাগি বিশাল সমদলেৰে ঘৰে ঘৰে মাটি সংগ্ৰহ কৰা পৰিলক্ষিত হয় । এই অভিযানত অংশগ্ৰহণ কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় যে স্বাধীনতা আন্দোলন সময়ত যিদৰে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল ঠিক সেইদৰে এই কাৰ্যসূচীতো ওলাই আহিছে । প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে বিধায়কগৰাকী ।
উল্লেখ্য যে দেশৰ ৰাজধানী দিল্লীলৈ ২৭০ টা কলহেৰে অসম পৰা লৈ যোৱা হ'ব মাটি । ৰাজ্যৰ ২৭০ টা ব্লকৰ পৰা অহা একোটাকৈ কলহ ২৭ অক্টোবৰ তাৰিখে ৰাজধানী এক্সপ্ৰেছ যোগে প্ৰেৰণ কৰিব দিল্লীলৈ । ২৮ অক্টোবৰত দিল্লীত কলহ লৈ উপস্থিত হোৱাৰ পিছতে ৩০ অক্টোবৰত আনুষ্ঠানিকভাৱে দেশৰ অমৃত উদ্যানত উচৰ্গা কৰিব অসম পৰা নিয়া মাটি ।
এনেদৰে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ 'মোৰ মাটি মোৰ দেশ' কাৰ্যসূচীৰ বাবে সাজু হৈ মন্ত্ৰী বিধায়কৰ পৰা সকলো পৰ্যায় লোক নামি পৰিছে এই বৃহৎ কাৰ্যসূচীত । ২০ ছেপ্টেম্বৰৰ পৰা ধাৰাবাহিক কাৰ্যসূচীৰে সংগ্ৰহ কৰাৰ হৈছে অসম প্ৰতিটো চুক-কোণত থকা পৰিয়াল পৰা এমুঠি মাটি ।
লগতে পঢ়ক: Woman Missing : নাৰায়ণপুৰ ভোলাবৰিত দুই সন্তানৰ মাতৃ নিৰুদ্দেশ