ETV Bharat / state

বহিঃৰাজ্যত আবদ্ধ লোকক শীঘ্ৰে অসমলৈ অনাৰ দাবী ৰূপজ্যোতি কুৰ্মীৰ ! - indian railway

ৰেলৰ যোগে অসমলৈ আগমণ অব্যাহত আছে বহিঃৰাজ্যত আবদ্ধ লোকৰ । মঙ্গলবাৰে বিয়লি পৰ্যন্ত তিনিখন বিশেষ ৰেলেৰে 42 জন যাত্ৰী মৰিয়নী জংচনত উপস্থিত হয়।

covid 19
covid 19
author img

By

Published : Jun 3, 2020, 4:09 AM IST

মৰিয়নি, 2 জুন : বহিঃৰাজ্যত আবদ্ধ লোকসকলৰ বাবে ৰাজ্য চৰকাৰ আৰু ৰেল বিভাগে ব্যৱস্থা কৰা বিশেষ ৰে'ল সেৱা বৰ্তমানেও অব্যাহত আছে । মংগলবাৰে বিয়লি পৰ্যন্ত তিনিখন বিশেষ ৰেলেৰে 42 জন যাত্ৰী মৰিয়নি জংচনত উপস্থিত হয় । পুৱা 3.30 বজাত বিশেষ দিল্লী ডিব্ৰুগড় ৰাজধানী ৰেলেৰে 32 জন যাত্ৰী মৰিয়নিত নামে। দুপৰীয়া প্ৰায় 1 বজাত চেন্নাই তিনিচুকীয়া বিশেষ শ্ৰমিক ৰেলৰ জৰিয়তে 8 জন যাত্ৰী মৰিয়নিত উপস্থিত হয়। গান্ধীধাম তিনিচুকীয়া বিশেষ শ্ৰমিক ৰেলখন বিয়লি প্ৰায় 4.30 মান বজাত মৰিয়নি উপস্থিত হয়। এইখন ৰেলৰ পৰা মাত্ৰ 2 জন যাত্ৰী নামে।

বহিঃৰাজ্যত আবদ্ধ লোকক শীঘ্ৰে অসমলৈ অনাৰ দাবী ৰূপজ্যোতি কুৰ্মীৰ

অন্যহাতে বহিঃৰাজ্যত বৰ্তমানেও অসমৰ বহু লোক আবদ্ধ হৈ থকাৰ পাচতো ৰেল সমূহত বহু কম যাত্ৰী আহিছিল। এই সন্দৰ্ভত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বৰ্হিৰাজ্যত আবদ্ধ লোকসকল অসমত ক'ভিড-19 আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধিৰ বাবে অসমলৈ ঘূৰি আহিব বিচৰা নাই অথবা চৰকাৰে বহিঃৰাজ্যত আবদ্ধ লোকসকলক যেনে দৰে যোগাযোগ কৰিব লাগিছিল তেনেদৰে যোগাযোগ কৰা নাই । তাৰ পৰিপ্ৰেক্ষিতত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৰাজ্য চৰকাৰক বহিঃৰাজ্যত আবদ্ধ লোকসকলক যোগাযোগ কৰি অতি শীঘ্ৰে অসমলৈ অনাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায়।

লগতে পঢ়ক : বহিঃৰাজ্যৰ পৰা অহা যুৱক-যুৱতীৰ বাবে 'সুদক্ষ' আঁচনি মুকলি !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.