ETV Bharat / state

অনিশ্চয়তাৰ মাজত ONGC ৰ তিনি বিষয়া-কৰ্মচাৰীৰ পৰিয়ালবৰ্গ

অপহৰণৰ 48 ঘণ্টা পাৰ হোৱা পাচতো খবৰ পোৱা নাই অপহৃত ONGC ৰ তিনি বিষয়া কৰ্মচাৰীৰ । যাৰ বাবে সম্পূৰ্ণ অনিশ্চয়তাৰ মাজত দিন কটাবলগীয়া হৈছে ONGC ৰ তিনি বিষয়া-কৰ্মচাৰীৰ পৰিয়ালে ৷ পৰিয়ালৰ প্ৰতিজন সদস্যৰ প্ৰতিটো ক্ষণ হৈ পৰিছে আতংকময় ৷

অনিশ্চয়তাৰ মাজত ONGC ৰ তিনি বিষয়া-কৰ্মচাৰীৰ পৰিয়ালবৰ্গ
অনিশ্চয়তাৰ মাজত ONGC ৰ তিনি বিষয়া-কৰ্মচাৰীৰ পৰিয়ালবৰ্গ
author img

By

Published : Apr 23, 2021, 8:14 PM IST

তিতাবৰ, 23 এপ্ৰিল : অপহৰণৰ 48 ঘণ্টা পাৰ হ'ল ৷ আজি পৰ্যান্ত কোনো খবৰ পোৱা নাই অপহৃত ONGC ৰ তিনি বিষয়া কৰ্মচাৰীৰ । অপৰহণৰ সন্দৰ্ভত এতিয়ালৈকে মূখ খোলা নাই তদন্তৰ দায়িত্বত থকা অসম আৰক্ষীয়েও ৷ অদ্যপি অপহৰণ কাণ্ডটোৰ দ্বায়িত্ব স্বীকাৰ কৰা নাই কোনো এটা উগ্ৰপন্থী সংগঠনে।

যাৰ বাবে সম্পূৰ্ণ অনিশ্চয়তাৰ মাজত দিন কটাবলগীয়া হৈছে ONGC ৰ তিনি বিষয়া-কৰ্মচাৰীৰ পৰিয়ালে ৷ অপহৃত পৰিয়ালৰ সদস্যই কিদৰে কটাইছে চৰম উৎকন্ঠাই ভৰি থকা সময়বোৰ ? এতিয়া তেওঁ লোকৰ বাবে প্ৰতিটো ক্ষণ হৈ পৰিছে আতংকময় ৷

অনিশ্চয়তাৰ মাজত ONGC ৰ তিনি বিষয়া-কৰ্মচাৰীৰ পৰিয়ালবৰ্গ

তিতাবৰৰ বৰহোলা নাঙল গাঁৱৰ নিবাসী অপহৃত ৰিতুল শইকিয়াৰ বাসগৃহত এতিয়া বিৰাজ কৰিছে এক শোকাকুল পৰিবেশে । ৰিতুল শইকিয়াৰ পিতৃ- মাতৃৰ চকুত চকুলো ৷ চাৰি মহীয়া এটি কণমানি শিশুক লৈ ৰিতুল শইকিয়াৰ পত্নীয়ে কাতৰ আহ্বান জনাইছে স্বামী ৰিতুল শইকিয়াৰ সহিতে আন দুয়োজন সতীৰ্থক মুকলি কৰি দিবলৈ ৷

শুক্ৰবাৰে পুৱা নাঙল গাঁৱৰ ৰিতুল শইকিয়াৰ পৰিয়ালবৰ্গই আয়োজন কৰে এক সংবাদমেলৰ। ৰিতুল শইকিয়াৰ ভাতৃয়ে অপহৰণকাৰী দলক উদ্দেশ্যি এখনি শৰাই আগবঢ়াই মুক্তিৰ বাবে প্ৰাৰ্থনা জনায়।

লগতে পঢ়ক:উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী সাল-সলনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.