ETV Bharat / state

Assam Satra Mahasabha: অসম সত্ৰ মহাসভাৰ উৎকৃষ্ট মহাবিদ্যালয়ৰ ফলাফল ঘোষণা - Assam Satra Mahasabha Examination

২০২২-২৩ বৰ্ষৰ সৰ্বোৎকৃষ্ট আৰু উৎকৃষ্ট মহাবিদ্যালয়ৰ ফলাফল ঘোষণা অসম সত্ৰ মহাসভা পৰীক্ষা পৰিষদৰ (Assam Satra Mahasabha Examination Board )। সৰ্বোৎকৃষ্ট মহাবিদ্যালয়ৰ সন্মান অৰ্জন কৰিছে শংকৰজ্যোতি বহুমুখী সাংস্কৃতিক মহাবিদ্যালয়ে ।

Assam Satra Mahasabha Examination Board
অসম সত্ৰ মহাসভা পৰীক্ষা পৰিষদ
author img

By

Published : Apr 11, 2023, 9:22 PM IST

যোৰহাট, ১১ এপ্ৰিল: অসম সত্ৰ মহাসভা পৰীক্ষা পৰিষদৰ দ্বাৰা বাচনি কৰা ২০২২-২৩ বৰ্ষৰ সৰ্বোৎকৃষ্ট আৰু উৎকৃষ্ট মহাবিদ্যালয় সমূহৰ ফলাফল সোমবাৰে ঘোষণা কৰা হয় (Result of Assam Satra Mahasabha Examination)। যোৰহাটৰ অসম সত্ৰ মহাসভাৰ কাৰ্যালয়ত ঘোষণা কৰা হৈছে এই ফসাফল । কালি অসম সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদৰ সচিব পংকজ শইকীয়াই এক সংবাদমেল যোগে এই ফলাফল ঘোষণা কৰে (Assam Satra Mahasabha Examination)।

ঘোষিত ফলাফল অনুসৰি সৰ্বোৎকৃষ্ট মহাবিদ্যালয়ৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয় মাজুলীৰ শংকৰজ্যোতি বহুমুখী সাংস্কৃতিক মহাবিদ্যালয়ে (Shankarjyoti Multipurpose Cultural College)। আনহাতে, উৎকৃষ্ট মহাবিদ্যালয়সমূহ হৈছে শিৱসাগৰ ৰাগ ৰাগিনী শিক্ষকেন্দ্ৰ, গুৱাহাটীৰ মুক্তিমংগল, যোৰহাটৰ সংগীতম ৰজাবাৰী, হাবি বৰঙাবাৰী সত্ৰীয়া সংস্কৃতি বিকাশ কেন্দ্ৰ, মৰিগাঁও, গোবিন্দ কোলাক্ষেত্ৰ, উলুৱনী, গুৱাহাটীৰ পৰম্পৰা প্ৰৱাহ, গুৰুগ্ৰাম সত্ৰীয়া সংস্কৃতি কেন্দ্ৰ, তিতাবৰৰ শ্ৰীগুৰু সংগীত বিদ্যালয়, নটৰাজ মিউজিক এণ্ড ডান্স একাডেমী, শুকদল সত্ৰীয়া সংস্কৃতি বিকাশ কেন্দ্ৰ, গুৱাহাটীৰ সপ্তক সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানে ।

তদুপৰি উৎকৃষ্ট আন মহাবিদ্যালয়কেইখন হৈছে গৰাজান অংকুৰ সংগীত বিদ্যালয়, নামৰূপ শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰ, মঙলদৈ ত্ৰিনয়ন সংগীত মহাবিদ্যালয়, বৰপেটা কলাংগণ, চতিয়া ন দুৱাৰ সংগীত বিদ্যাপীঠ, নগাঁও ড৹ ভূপেন হাজৰিকা কিশলয় সংগীত বিদ্যালয়, গুৱাহাটী কলাকেন্দ্ৰ, শোণিতপুৰৰ চাৰিদুৱাৰ সংগীত বিদ্যাপীঠ, গুৱাহাটীৰ প্ৰয়াস কলাকেন্দ্ৰ, নগাঁও সাধনালয় সংগীত মহাবিদ্যালয়, নগাঁও শংকৰদেৱৰ সংগীত বিদ্যালয় পুৰনিগুদাম, ছিপাঝাৰ বন্দনা ডান্স একাডেমী, উত্তৰ লখিমপুৰৰ ৰত্নাৱলী সংগীত কলাকেন্দ্ৰ, গোৱালপাৰা প্ৰীতি নৃত্য কলাকেন্দ্ৰই ।

আনহাতে, এই ফলাফল ঘোষণাৰ লগত সংগতি ৰাখি এখন সভা অনুষ্ঠিত কৰা হয় । এই সভাৰ বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে সত্ৰ মহাসভাৰ উপ সভাপতি মুনো বৰুৱাই । উক্ত সভাতেই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সেই অনুসৰি স্নাতকোত্তৰ ব্যৱহাৰিক পৰীক্ষা ২২ আৰু ২৩ এপ্ৰিলত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

প্ৰথম ষান্মাসিক জুনত আৰু আনটো আগষ্ট, ডিচেম্বৰ আৰু ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । লগতে ২০২২-২৩ বৰ্ষৰ সমাৱৰ্তন ১২ নৱেম্বৰৰ ভিতৰত গুৱাহাটীত অনুষ্ঠিত কৰা, শিক্ষক প্ৰশিক্ষণ ৫,৬,৭ মে'ত অনুষ্ঠিত কৰা আৰু ৭ মে'ত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই সভাত সত্ৰ মহাসভাৰ দক্ষিণ পূৱ মণ্ডলৰ সাংস্কৃতিক সম্পাদক ৰিংকু দত্ত, সাংস্কৃতিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰঞ্জিত কুমাৰ হাজৰিকা উপস্থিত থাকে ।

লগতে পঢ়ক:Mega Bihu event : সৰুসজাইৰ বিহুকলৈ দুষ্ট চক্ৰক কঠোৰ সকিয়নী মন্ত্রী পীযুষ হাজৰীকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.