যোৰহাট,7 মে’ঃ ৰাজ্যত পুনৰ সংঘটিত সাংবাদিক নিগ্ৰহৰ ঘটনা ৷ বিগত কিছুদিন পূৰ্বে বাক্সাত সাংবাদিকক নিৰ্যাতন চলোৱাৰ ঘটনাৰ বিতৰ্ক মাৰ নাযাওঁতে যোৰহাটত বুধবাৰে নিশা উত্থাপন হয় কৰ্তব্যৰত সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ ৷ ঘটনাৰ বিৱৰণী অনুসৰি, কৰ্তব্য সমাপন কৰি ঘৰলৈ গৈ থকা অৱস্থাত এটা ব্যক্তিগত চেনেলৰ যোৰহাটৰ সাংবাদিক দিব্যজ্যোতি বৰাক দুৰ্ব্যৱহাৰ কৰে জিলাখনৰ এজন চেক্টৰ দণ্ডাধীশে ৷ দৰাচলতে চেক্টৰ দণ্ডাধীশজন মীন বিভাগৰ এজন বিষয়া ৷ লক্ ডাউনৰ বাবে বিষয়াজনক বিশেষ দণ্ডাধীশৰ ক্ষমতা প্ৰদান কৰা হৈছিল ৷ এনে পৰিপ্ৰেক্ষিততে বিষয়াজনে ক্ষমতাৰ অপব্যৱহাৰ কৰি অপদস্থ কৰে সাংবাদিকজনক ৷ ঘটনাটো সংঘটিত হোৱাৰ সময়ত বিষয়াজনৰ লগত আছিল দুজন গৃহৰক্ষী বাহিনীৰ জোৱানৰ লগতে এজন আৰক্ষী কনিষ্টবল ৷
আনহাতে,অপদস্থ সাংবাদিকগৰাকীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে ৷ যোৰহাট প্ৰেছ ক্লাবৰ এজন সক্ৰিয় সদস্য দিব্যজ্যোতি বৰাই এনেদৰে দণ্ডাধীশৰ ক্ষমতা লাভ কৰা একাংশ বিভিন্ন বিভাগৰ বিষয়াৰ অতপালিৰ বিষয়ে উল্লেখ কৰি ঘটনাটো দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে ৷
লগতে চাওকঃ বিশাখাপট্টনমত গেছ লিক কাণ্ডঃ শিশুসহ 9 গৰাকীৰ মৃত্যু