যোৰহাট, 10 এপ্ৰিল : ''বজাৰত লাগিছে জুই, চৰকাৰ আছে শুই '' এই শ্ল’গানেৰে জাতীয় দল-সংগঠনে সাব্যস্ত কৰিছে ইটোৰ পিছত সিটো প্ৰতিবাদী কাৰ্যসূচী (Protest against price hike) ৷ কেৱল দল-সংগঠনে নহয় সৰ্বসাধাৰণ ৰাইজেও মূল্যবৃদ্ধিৰ প্ৰকোপত এতিয়া ত্রাহি মধুসূদন দেখি সৰৱ হৈছে দিল্লী-দিছপুৰৰ শাসনত অধিষ্ঠিত সকলৰ বিৰুদ্ধে ৷
বিশেষকৈ ৰঙালী বিহুৰ সময়ত এতিয়া সৰ্ব-সাধাৰণ ৰাইজে বজাৰৰ পৰা বয়-বস্তু ক্ৰয় কৰিবলৈ গৈ চৰা দাম দেখি হাতত খালী মোনা লৈ ওভটি আহিব লগীয়া অৱস্থা হৈছে (Price hike before Rongali bihu) ৷ কিন্তু কুম্ভকৰ্ণ নিন্দাত এতিয়া মগ্ন হৈ আছে জনতাৰ আশা-ভৰষাৰ থল একাংশ জন প্ৰতিনিধি । মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাটো দূৰৰে কথা এক কথাত তেওঁলোকৰ চকুতেই পৰা নাই বজাৰত চলি থকা মূল্যবৃদ্ধি ৷
যদিহে, কেতিয়াবা চৰাদামৰ কথাৰে সাংবাদিকৰ প্ৰশ্নৰ সমুখীন হৈছে জন প্ৰতিনিধিয়ে আগবঢ়াইছে মূল্যবৃদ্ধি সম্পৰ্কত নিজৰ নিজৰ সূত্ৰ ৷ কোনোৱে যদি কৈছে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ বাবে মূল্যবৃদ্ধি হোৱাৰ কথা কোনোৱে আকৌ মূল্যবৃদ্ধিৰ সময়তে জনতাক মিঠাতেল কমকৈ খোৱাৰ পৰামৰ্শ আগবঢ়াইছে স্বাস্থ্য সচেতন নেতাই ৷
শেহতীয়াকৈ ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছায়ো অগ্ৰাহ্য কৰিছে মূল্যবৃ্দ্ধিৰ প্ৰসংগক (Kamakhya Prasad Tasa on price hike) ৷ এক কথাত সাংসদ তাছাৰ মতে বজাৰত মূল্যবৃদ্ধি হোৱাই নাই ৷ যোৰহাটৰ কছাৰী ময়দানত অনুষ্ঠিত হোৱা বহাগী মেলাত অংশগ্ৰহণ কৰি সাংবাদিকৰে মুখামুখি হৈ তাছাই ক’লে ভাৰতবৰ্ষৰ অন্যান্য ঠাইৰ তুলনাত অসমত সামগ্ৰীৰ মূল্য কম ৷ আনকি, মূল্যবৃদ্ধিৰ সৈতে জড়িত প্ৰশ্ন কৰা সাংবাদিককো এইধৰণৰ প্ৰশ্ন নকৰিবৰ বাবে আহ্বান জনাইছে সাংসদ গৰাকীয়ে ৷
অৱশ্যে, মূল্যবৃদ্ধিৰ সৈতে যদি কোনো মধ্যভোগী জড়িত হৈ আছে সেই সন্দৰ্ভত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে তেওঁ ৷ সাতে-সোতৰই এতিয়া মূল্যবৃদ্ধিৰ প্ৰসংগটোকেই অপ্ৰাসংগিক হিচাপে প্ৰতিষ্ঠা কৰিব চেষ্টা কৰিছে খোদ একাংশ জনপ্ৰতিনিধিয়ে ৷ হয়তো এই প্ৰশ্নই ৰাজ্য তথা কেন্দ্ৰত অধিষ্ঠিত চৰকাৰখনৰ মূল্যবৃ্দ্ধি নিয়ন্ত্ৰণত থকা ব্যৰ্থতা উদঙাই দিব বুলিয়েই বহু সংখ্যক জনপ্ৰতিনিধিয়ে মৌনতাই উত্তম পন্থা হিচাপে গ্ৰহণ কৰিছে ৷
লগতে পঢ়ক : লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ কাজিৰঙা ভ্ৰমণ