যোৰহাট, 2 ফেব্ৰুৱাৰী : বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে ৰণকৌশল প্ৰস্তুত কৰিছে ৷ বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ আৰম্ভ কৰিছে ৷
মঙলবাৰে যোৰহাট আৰু গোলাঘাট জিলাৰ অন্তৰ্গত দেৰগাঁও সমষ্টিত ৰাইজৰ দলে এটা কাৰ্যালয় উদ্বোধন কৰে ৷ জিলা সভাপতি দিব্যজ্যোতি শৰ্মাই উদ্বোধন কৰে কাৰ্যালয়টো ৷
কাৰ্যালয় মুকলি অনুষ্ঠানৰ পৰাই দলটোৰ সভাপতি তথা কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্ৰবিন দাসে বিজেপি চৰকাৰৰ লগতে দেৰগাঁৱৰ বিধায়ক ভবেন ভৰালীক ক্ষুৰধাৰ সমালোচনা কৰে ৷
লগতে পঢ়ক : 2021-22 বৰ্ষৰ বাজেট ব্যৱহাৰিক আৰু উন্নয়নসমূলক: সৰ্বানন্দ সোণোৱাল