ETV Bharat / state

Raas mahotshav2022: যোৰহাটত মাজুলীৰ ৰাস আখৰা শীৰ্ষক গীত উন্মোচন

author img

By

Published : Oct 31, 2022, 8:09 PM IST

সমাগত ৰাস মহোৎসৱ (Raas mahotshav)। সমগ্ৰ ৰাজ্যত চলিছে ৰাসৰ প্ৰস্তুতি । ঠায়ে ঠায়ে চলিছে ৰাসৰ আখৰা । সত্ৰ,ৰংগমঞ্চত দুপৰ নিশালৈ ৰাসৰ আখৰাত ব্যস্ত ক'লা কৌশলী আৰু শিল্পী ।

Raas mahotshav2022
যোৰহাটত মাজুলীৰ ৰাস আখৰা শীৰ্ষক গীত উন্মোচন

যোৰহাট, ৩১ অক্টোবৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাসৰ আখৰাত ব্যস্ত শিল্পী, ক'লা-কুশলী সকল (Raas mahotshav in Assam)। খোল, বাঁহীৰ অমিয়া সুৰে মুখৰিত কৰিছে আকাশ বতাহ । খোল, বাঁহী, তাল আৰু সুৰে সুৰে গোপীসকল আখৰাই সকলোকে মুগ্ধ কৰিছে । ৰাস বুলিলে বিশেষকৈ সত্ৰ নগৰীৰ মাজুলী মুখ্য আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে । চাৰিওফালে মাথো উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰা পৰিলক্ষিত হয় । ব্যতিক্ৰম নহয় মাজুলী আৰু যোৰহাট (Raasleela preparation in Majuli) ।

সত্ৰ, ৰংগমঞ্চত দুপৰ নিশালৈ ৰাসৰ আখৰাত ব্যস্ত ক'লা কৌশলী আৰু শিল্পীসকল । আলহী-অতিথি আৰু বিশেষকৈ বিদেশী পৰ্যটকক আদৰিবলৈ সাজু হৈ পৰে মাজুলীৰ প্ৰতিগৰাকী লোক । তেনে এক পৰিবেশক দৃশ্য-শ্ৰৱ্য মাধ্যমেৰে দাঙি ধৰিবলৈ প্ৰয়াস কৰিছে যোৰহাটৰ দুজন চৰকাৰী কৰ্মচাৰী মুনিন্দ্ৰ বৰা আৰু জয়প্ৰকাশ বৰাই ।

যোৰহাটৰ ঢেকৰগড়াৰ জ্ঞানজ্যোতি কলা কৃষ্টি কেন্দ্ৰত চলি থকা ৰাসৰ আখৰাৰ মাজতে দেওবাৰে নিশা ''মাজুলীৰ ৰাস'' শীৰ্ষক গীতটো উন্মোচন (Song titled Majulir Raas unveiled) কৰে যোৰহাটৰ জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে । গীতৰ কথা আৰু সুৰ মুনিন্দ্ৰ বৰাৰ । উল্লেখ্য় যে দুবছৰ ক'ভিডকালীন পৰিস্থিতিৰ বাবে ৰাজ্যবাসীয়ে পালন কৰিবলৈ অসমৰ্থ হৈছিল সম্পূৰ্ণ শ্ৰী কৃষ্ণ ৰাসলীলা । এইবাৰ এনে আতংকৰ পৰা মুক্ত হৈ দুগুণ উৎসাহেৰে পালন কৰিবলৈ ওলাইছে সম্পূৰ্ণ শ্ৰী কৃষ্ণ ৰাসলীলা ।

জিলাখনত সকলোৰে মাজত এতিয়া পাৰভঙা আনন্দ আৰু উৎসাহ দেখিবলৈ পোৱা গৈছে । ডেকা-গাভৰুৰ পৰা সকলোৱে ৰাসৰ আখৰাত ব্যস্ত হৈছে । এতিয়া অস্বায়ী ৰাস আখৰাৰ স্থলী গোপী আৰু শ্ৰীকৃষ্ণ নৃত্যত বৃন্দাবন লৈ পৰিগনিত হৈছে । ইপিনে, ভক্ত প্ৰাণ ৰাইজক আদৰিবলৈ সম্পূৰ্ণ ৰূপে সাজু সত্ৰ আৰু অস্বায়ী ৰাস পৰিচালনা সমিতি সমূহ ।

শৰতৰ চন্দ্ৰাৱলী ৰাতিৰ স্নিগ্ধ জোনাকৰ সুকোমল কোলাতেই নামি আহে শাৰদী পূৰ্ণিমা ৷ আহিন আৰু শৰতৰ সুকোমল গাথাঁই শ্যামলিমা প্ৰকৃতিৰ বুকুত কঁহুৱাৰ ৰঙ সানে ৷ শৰতৰ চন্দ্ৰাৱলী ৰাতিত কৃষ্ণৰ সুমধুৰ বংশী ধ্বনিয়ে গোপীসকলক আপ্লুত কৰিছিল ।

লগতে পঢ়ক:DAC election campaign: বিহপুৰীয়াত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.