ETV Bharat / state

জাঁজীমুখবাসীয়ে ঘেৰাও কৰিলে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় - flood victim of assam

জাঁজীমুখৰ বান গৰাখহনীয়াৰ স্থানান্তৰিত পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ দাবীত প্ৰতিবাদ ৷ ৰাজহ চক্ৰৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান ৷

public protest
public protest
author img

By

Published : Nov 11, 2020, 2:18 PM IST

টীয়ক, 11 নবেম্বৰ : টীয়কৰ জাঁজীমুখৰ ৰাইজৰ উদ্যোগত আৰু একতা পৰিষদৰ সহযোগত প্ৰতিবাদ ৷ বৃহত্তৰ জাঁজীমুখৰ বান গৰাখহনীয়াৰ স্থানান্তৰিত পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ দাবীত বুধবাৰে টীয়কৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

public protest
বান গৰাখহনীয়াৰ স্থানান্তৰিত পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ দাবীত প্ৰতিবাদ

উল্লেখযোগ্য যে ১৯৮৩ চনৰ পৰা বৰ্তমানলৈকে প্ৰায় ৫০০ পৰিয়াল আঠবাৰকৈ উচ্ছেদিত হৈ মথাউৰিত বসবাস কৰিবলগীয়া হৈছে । পৰিয়ালসমূহে বাবম্বাৰ এই সমস্যা সমাধানৰ বাবে দাবী জনাই আহিছে যদিও দৰাচলতে অসম চৰকাৰে আজিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । সেয়ে এইবাৰ ২১ ৰ নিৰ্বাচনৰ পূৰ্বে দুৰ্ভগীয়া পৰিয়ালসমূহক স্থানীভাৱে সংস্থাপন প্ৰদান কৰিবলৈ দাবী জনাইছে লগতে এই সন্দৰ্ভত এখনি স্মাৰক পত্ৰ ৰাজহ চক্ৰৰ বিষয়াক ৰাজহুৱাভাৱে প্ৰদান কৰে ।

লগতে পঢ়ক : আমগুৰিৰ নামতিত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.