ETV Bharat / state

টীয়কত ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে বিদ্যালয়ত ওলোমালে তলা - টীয়কৰ নামচিচু উচ্চ মাধ্যমিক বিদ্যালয়

দীৰ্ঘদিনৰ অন্তত ৰাজ্যত সোমবাৰৰ পৰা খোল খাইছে বিদ্যালয়সমূহ ৷ কিন্তু টীয়কৰ এখন বিদ্যালয়ত চৰকাৰৰ নিৰ্দেশ জাৰিৰ পিছতো বন্ধ থাকিল এখন বিদ্যালয় ৷ এক বিশেষ কাৰণত ক্ষুব্ধ জনতাই প্ৰতিবাদ সাব্যস্ত কৰি বিদ্যালয়খনৰ প্ৰৱেশদ্বাৰত ওলোমাই তলা ৷ এই ঘটনা সংঘটিত হৈছে টীয়কৰ নামচিচু উচ্চ মাধ্যমিক বিদ্যালয়ত ৷ কিন্তু কি এই বিশেষ কাৰণ...

Protest in Namsesu ME School Teok jorhat Assam etv bharat news
প্ৰতিবাদকাৰীয়ে বিদ্যালয়ত ওলোমালে তলা
author img

By

Published : Sep 21, 2020, 12:33 PM IST

টীয়ক,21 চেপ্তেম্বৰ: টীয়কৰ এখন বিদ্যালয়ত হঠাতে সৃষ্টি হয় এক উত্তেজনাপূৰ্ণ পৰিস্থিতি ৷ বিদ্যালয়ৰ সন্মুখত সমবেত ক্ষুব্ধ জনতাই প্ৰতিবাদ সাব্যস্ত কৰি বিদ্যালয়খনৰ প্ৰৱেশদ্বাৰত ওলোমাই তলা ৷ এই ঘটনা সংঘটিত হৈছে টীয়কৰ নামচিচু উচ্চ মাধ্যমিক বিদ্যালয়ত ৷ তথ্য অনুসৰি, কিছুদিন পূৰ্বে বিদ্যালয়খনৰ প্ৰধান শিক্ষক অমল বৰুৱাক চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল ৷ এই নিলম্বন সম্পূৰ্ণ ষড়যন্ত্ৰমূলক আছিল বুলি দাবী কৰিছে বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে ৷ কৰ’ণা মহামাৰীৰ মাজতে আজিৰে পৰা খোল খাইছে ৰাজ্যৰ বিদ্যালয়সমূহ ৷ কিন্তু চৰকাৰৰ এই নিৰ্দেশক আওকাণ কৰি ক্ষুব্ধ অভিভাৱকসকলে বিদ্যালয়খন খুলিব নিদি প্ৰৱেশদ্বাৰত তলা ওলোমাই সাব্যস্ত কৰে প্ৰতিবাদ ৷

প্ৰতিবাদকাৰীয়ে বিদ্যালয়ত ওলোমালে তলা

উল্লেখ্য যে,চাৰিবছৰ পূৰ্বে ৰাজ্যিক ভিত্তিত গঠিত নিৰ্বাচক সমিতিয়ে অমল কুমাৰ বৰুৱাক বিদ্যালয়খনৰ প্ৰধান শিক্ষক হিচাপে নিযুক্তি দিছিল ৷ বৰুৱাই প্ৰধান শিক্ষক হিচাপে নিযুক্তি লাভৰ পিছৰে পৰা চাহ বাগিচা অধ্যুষিত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ উন্নয়নৰ বাবে কৰা অৱদানৰ বাবে সকলোৰে আস্থাভাজন হৈ পৰিছিল ৷ যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় ৷ কিন্তু এইগৰাকী শিক্ষকক কৰ’ণা মহামাৰীৰ বাবে বিদ্যালয় বন্ধ থকাৰ সুযোগতে চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল ৷ এই কাৰ্যত ক্ষুব্ধ হৈ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলৰ লগতে স্থানীয় দল-সংগঠন ৷ পূৰ্বে আটছাৰ টীয়ক উপ শাখাৰ উদ্যোগত বিদ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে শিক্ষা বিভাগৰ সঞ্চালকলৈ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ যোগেদি স্মাৰকপত্ৰ প্ৰদান কৰিছিল যদিও বিষয়টোত কোনো সঁহাৰি লাভ নকৰাত দীৰ্ঘদিনৰ মূৰত বিদ্যালয় খোলাৰ প্ৰথম দিনটোতে আটছাৰ উদ্যোগত তলাবন্ধ কাৰ্যসূচী ৰূপায়ণ কৰি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে চাওকঃ অহা 24 ঘণ্টাৰ ভিতৰত ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰষুণৰ সম্ভাৱনা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.