ETV Bharat / state

টীয়কত বিধ্বস্ত পথ মেৰামতি নকৰাত জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ - Protest demanding road repairs

বিধ্বস্ত পথৰ বাবে ৰাইজে ভুগিবলগীয়া হৈছে যমৰ যাতনা । ৰাইজৰ আহ্বানৰ প্ৰতি যেন কাণসাৰ নাই জনপ্ৰতিনিধিৰ । এইবাৰ টীয়কত ৰাইজে পথ মেৰামতিৰ দাবীত সাব্য়স্ত কৰিলে প্ৰতিবাদ(Protest demanding road repairs)।

teok
টীয়কত বিধ্বস্ত পথ :মেৰামতি নকৰাত জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ
author img

By

Published : Jun 20, 2022, 10:06 PM IST

টীয়ক, ২০জুন: চৰকাৰে যাতায়তৰ ক্ষেত্ৰত উন্নয়ণ হোৱা বুলি দাবী কৰিলেও টীয়ক সমষ্টিত বিধ্বস্ত বাট-পথে জীয়াতু ভোগাইছে ৰাইজক । এই সমষ্টিটোৰ কিছুমান ঠাইত পথ নে পথাৰ ধৰিবই নোৱাৰা হৈছে । চৰকাৰে পৰিৱৰ্তন হোৱা বুলি প্ৰচাৰ চলোৱাৰ সময়তে বোকা পানীৰে উপচি পৰিছে অঞ্চলটোৰ বাট-পথ । এনে অৱস্থাৰ পাছতো যেন গা লৰা নাই সমষ্টিটোৰ জন প্ৰতিনিধিৰ।

এতিয়া টীয়কৰ গ্ৰামাঞ্চলত বিধ্বস্ত বাট-পথৰ বাবে ৰাইজে প্ৰতিবাদ কৰিবলগীয়া হৈছে । দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত বিধ্বস্ত বামকুকুৰাচোৱা বৰা-বৰুৱা পথটোৰ বাবে অঞ্চলটোৰ ৰাইজে ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা হৈছে । বাৰম্বাৰ পথটো নিৰ্মাণৰ বাবে আবেদন নিবেদন কৰিও সুফল নোপোৱাত গাঁওখনৰ ৰাইজে পথলৈ ওলাই আহি বোকাময় পথতে প্ৰতিবাদ সাব্য়স্ত কৰে (Protest demanding road repairs)। ক্ষুব্ধ ৰাইজে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্য়স্ত কৰি কয়,' আমাৰ পথটোৰে ৰাইজে অহা-যোৱা কৰিব পাৰিছিল । এতিয়া নোৱাৰা হ'ল । এয়াই চৰকাৰৰ পৰিবৰ্তন।'

teok
টীয়কত বিধ্বস্ত পথ :মেৰামতি নকৰাত জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ

ৰাইজে শীঘ্ৰে জন প্ৰতিনিধিক উক্ত অঞ্চলটোৰ সমস্যাসমূহৰ বুজ ল'বলৈ দাবী জনায় । চৰকাৰে এইক্ষেত্ৰত ব্য়ৱস্থা গ্ৰহণ নকৰিলে ভৱিষ্য়তে নিৰ্বাচনত ভোট বৰ্জন কৰিব বুলিও ৰাইজে সকীয়াই দিয়ে । আনকি এই অঞ্চলটোত কোনো ৰাজনৈতিক দলৰ প্ৰতিনিধিক প্ৰৱেশ কৰিবলৈ নিদিয়াৰো ৰাইজে হুংকাৰ দিয়ে । উল্লেখ্য় যে উক্ত পথটোৰ বাবে প্ৰায় ৬০ টাকৈ পৰিয়ালে এতিয়া যমৰ যাতণা ভুগিবলগীয়া হৈছে ।

লগতে পঢ়ক: ধোঁৱাচাঙত জনপ্ৰতিনিধিৰ প্ৰতিশ্ৰুতি: ৰাস্তা নিৰ্মাণ কৰেহে কৰে বোকা কিন্তু হৈয়েই থাকে

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.