ETV Bharat / state

যোৰহাটত নতুন ভূমি নীতিৰ বিৰুদ্ধে প্ৰতিবাদ

author img

By

Published : Jul 2, 2020, 7:14 PM IST

ৰাজ্য চৰকাৰৰ শেহতীয়া ভূমি নীতিৰ বিৰুদ্ধে বৃহস্পতিবাৰে যোৰহাটত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বীৰ লাচিত সেনাই ৷ ভূমি নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ৰাজপথ উত্তাল কৰাৰ লগতে প্ৰতিলিপি দাহ কৰে প্ৰতিবাদকাৰীসকলে ৷

যোৰহাটত নতুন ভূমি নীতিৰ বিৰুদ্ধে প্ৰতিবাদ
যোৰহাটত নতুন ভূমি নীতিৰ বিৰুদ্ধে প্ৰতিবাদ

যোৰহাট, 2 জুলাই : ৰাজ্যত পুনৰ প্ৰতিবাদৰ ঢৌ । বৃহস্পতিবাৰে প্ৰতিবাদত উত্তাল হৈ পৰে যোৰহাটৰ ৰাজপথ । সদৌ অসম ছাত্র সন্থাৰ লগতে বীৰ লাচিত সেনাৰ প্ৰতিবাদত উত্তাল হৈ পৰে যোৰহাটৰ ৰাজপথ ।

যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ছাত্র সন্থাই ভূমি নীতি বিৰোধিতা কৰি প্ৰতিলিপি দাহ কৰে । খিলঞ্জীয়া মানুহৰ ভূমি অধিকাৰ কাঢ়ি নিবলৈ কোনো কীৰণতে দিয়া নহ’ব, কৰ’ণাৰ সংক্ৰমণৰ সময়ত চৰকাৰে নিজৰ স্বাৰ্থ পূৰণৰ লক্ষ্যৰে বনিয়া গোষ্ঠীৰ হাতত ৰাজ্যখনৰ ভূমি হস্তান্তৰ কৰিব বিচৰা কাৰ্যক মানি লোৱা নহ’ব শীৰ্ষক শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷ অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হু‌ংকাৰ দিয়ে আছুৱে ।

আনহাতে, আন এক জাতীয় সংগঠন বীৰ লাচিত সেনাই চহৰখনৰ মাৰোৱাৰী ঠাকুৰবাৰী সন্মুখত অসম চৰকাৰৰ নতুন ভূমি নীতিৰ বিৰোধিতা কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

লগতে পঢ়ক : চিকিৎসক আৰু নাৰ্ছৰ বাবে বছৰৰ শেষলৈ 25 শতাংশ ৰেহাইৰ সুবিধা ইণ্ডিগ'ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.