ETV Bharat / state

চৰকাৰী ভূমি বণিয়াক গটোৱাক লৈ উত্তাল যোৰহাট

author img

By

Published : Dec 5, 2020, 8:36 PM IST

যোৰহাট উন্নয়ন প্ৰাধিকৰণত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে জাতীয় দল সংগঠনৰ প্ৰতিবাদ ৷ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ ৷ বিনা পইচাত ১৪বিঘা ৩ কঠা ১২ লোচা চৰকাৰী ভূমি বহিৰাগত বণিয়াক গটাই দিয়াক লৈ এতিয়া উত্তাল যোৰহাট ।

land scam
land scam

যোৰহাট, 5 ডিচেম্বৰ : জাতি-মাটি-ভেটিৰ শ্ল'গান দিয়া বিজেপি চৰকাৰে এপদ এপদকৈ চৰকাৰী সম্পদ তথা চৰকাৰী ভূমি হস্তান্তৰ কৰিছে বহিৰাগত বনিয়াক । যোৰহাট ৰাজহুৱা বাছ আস্থানৰ মূল্যৱান ১৪ বিঘা ৩ কঠা ১২ লোচা চৰকাৰী ভূমি বিনা পইচাত বনিয়া নীতিশ জৈনক হস্তগত কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰশান্ত গোস্বামী আৰু একাংশ প্ৰশাসনিক বিষয়াই মিলি গোপনে নিবিদা আহ্বান কৰি এই ভূমি হস্তান্তৰ কৰাৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা, ছাত্র মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন দল সংগঠন ৷

চৰকাৰী ভূমি বণিয়াক গটোৱাক লৈ উত্তাল যোৰহাট

এই কাৰ্যৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন কেইটাই । মূল্যৱান চৰকাৰী ভূমি বহিৰাগত বনিয়াক গটাই দিয়া কাৰ্যৰ বিৰুদ্ধে গৰজি উঠিছে অধিবক্তা ৰিন্টু গোস্বামীসহ একাংশ অধিবক্তা ।
কৰ’না মহামাৰীয়ে সংহাৰ ৰূপ ধাৰণা কৰাৰ সময়ত আগষ্ট মাহতেই ৰাজহুৱা বাছ আস্থানৰ ভূমি নিবিদা দি অকলশৰীয়াকৈ বহিৰাগত বনিয়া নীতিশ জৈনক কমাৰচিয়েল, বিলাসী ফ্লেট বনাবৰ বাবে এনেদৰে বিনা পইচাত দি দিয়া হৈছে । এই ভূমিত হ'বলগীয়া সম্পত্তিৰ যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ 22% আৰু নীতিশ জৈন কোম্পানীয়ে 73% লাভ কৰিব । এতিয়া এই ঘটনাক লৈ যোৰহাটৰ পৰিবেশ উত্তাল হৈ পৰিছে । ইপিনে প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়েও এই সন্দৰ্ভত জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে ৷

লগতে পঢ়ক : দিল্লীৰ প্ৰতিবাদী কৃষকসকলৰ সমৰ্থনত মিৰ্জাত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.