ETV Bharat / state

অসম কৃষি বিশ্ববিদ্যালয়ৰ সকলো ফাইলৰ কাম হ'ব অনলাইনৰে

author img

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 7:36 PM IST

Assam Agricultural University: সম্পূৰ্ণ অনলাইন ব্যৱস্থাৰে পৰিচালিত হ'ব অসম কৃষি বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ ব্যৱস্থাপনা প্ৰক্ৰিয়া । নৱবৰ্ষৰ উপলক্ষে অসম কৃষি বিশ্ববিদ্যালয় পৰিয়ালক সম্বোধন কৰি উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাৰ ঘোষণা ।

Assam Agricultural University
উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকা

যোৰহাট, ১ জানুৱাৰী : অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাই নৱবৰ্ষৰ প্ৰথম দিনটোতেই আজি বিশ্ববিদ্যালয় পৰিয়ালক সম্বোধন কৰে । যোৰহাটৰ বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত উপাচাৰ্য গৰাকীয়ে এতিয়াৰে পৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ ব্যৱস্থাপনা ব্যৱস্থা ডিজিটেলাইজ কৰা হ'ব বুলি ঘোষণা কৰে ।

তেওঁ সকলো ফাইলৰ কাম অনলাইন ব্যৱস্থাৰ জৰিয়তে আদান প্ৰদানৰ কৰা হ'ব বুলি উল্লেখ কৰে । লগতে তথ্য প্ৰযুক্তিৰ প্ৰয়োগৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ে যথেষ্ট উন্নতি কৰিছে বুলি মন্তব্য় কৰে উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাই । বিশ্ববিদ্যালয়ৰ নামভৰ্তি আৰু নিযুক্তিৰ ক্ষেত্ৰতো ইতিমধ্যে সম্পূৰ্ণ অনলাইন ব্যৱস্থা হাতত লোৱা হৈছে । অসম কৃষি বিশ্ববিদ্যালয়ে শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত উল্লেখনীয় সাফল্য লাভ কৰিছে বুলি প্ৰকাশ কৰি শেহতীয়াকৈ ১০ টা উচ্চ উৎপাদনক্ষম বীজ উদ্ভাৱন কৰাৰ বিষয়ে উল্লেখ কৰে ।

উপাচাৰ্যগৰাকীয়ে মুক্ত আৰু দুৰ শিক্ষা ব্যৱস্থাৰ জৰিয়তে অধিক সংখ্যকক উপকৃত কৰাৰ বাবে পদক্ষেপ হাতত লোৱাৰ লগতে আগন্তুক বছৰত ৮০ টা নতুন বিষয়ত মুক্ত আৰু দুৰ শিক্ষা পাঠ্যক্ৰম মুকলি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ পৰিকল্পনা সদৰি কৰে । প্ৰাকৃতিক কৃষিৰ ওপৰত বিশ্ববিদ্যালয়ে গুৰুত্ব আৰোপ কৰা বুলি সদৰী কৰি ইয়াৰ কৌশল উত্তৰণৰ বাবে সকলোৰে দায়িত্ব আৰু কৰণীয় থাকিব বুলি তেওঁ কয় ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁয়ে আঁতধৰা এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ বিশেষ বিষয়াসকলৰ লগতে বিভাগীয় মুৰব্বী অধ্যাপকসকল,গৱেষক বিজ্ঞানী, কৰ্মচাৰীসকল আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে । উল্লেখ্য যে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ে কৃষি সম্পৰ্কীয় বিভিন্ন উপাদান আৰু কৌশল উদ্ভাৱন কৰি দেশবাসীৰ লগতে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কাঢ়িবলৈ সক্ষম হৈছে । শৈক্ষিক দিশতো বিভিন্ন চমকপদ সফলতা অৰ্জন কৰিছে বিশ্ববিদ্যালয়খনে ।

লগতে পঢ়ক:মহানগৰীত সুৰাপায়ীৰ বিৰুদ্ধে অভিযানত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.