যোৰহাট, 5 মে’ : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়তে পিতৃক হেৰুৱাইছিল ছোৱালীজনীয়ে ৷ পিতৃৰ মৃত্যু যন্ত্ৰণা বুকুত বান্ধিয়েই পৰীক্ষাত বহিছিল তাই ৷ চলিত বৰ্ষটোত পৰীক্ষাৰ নানা বিসংগতিৰ মাজতো হাৰ নামানি দুচকুত অযুত সপোন লৈ পৰীক্ষাত বহিছিল তাই ৷ কিন্তু আজি উদ্যমী ছোৱালীজনীৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ চকুতে অশ্ৰু ৷
অসমবাসীৰ পৰা সহায় বিচাৰিছে প্ৰিয়া দত্তৰ পৰিয়াল তথা আত্মীয় স্বজনে । দুচকুত অযুত সপোন লৈ কঠিন জীৱন সংগ্ৰাম কৰা প্ৰিয়া আজি নিজেই হাস্পতালৰ বিছনাত ৷ বিধিৰ কি বিধান, প্ৰিয়া দত্তই দৈনিক পাৰ কৰিছে এক দুৰ্বিসহ জীৱন (Priya Datta from Jorhat) ৷
যোৰহাট বালিগাঁৱৰ ১ নং লখিমীখাটৰ নিৱাসী প্ৰয়াত কুল দত্তৰ কন্যা প্ৰিয়া দত্তক দেখি আজি সকলোৱে চকুলো টুকিছে ৷ প্ৰিয়া দত্ত নামৰ কণমানি জনীৰ শৰীৰত দেখা দিছে তেজৰ কৰ্কট ৰোগে ৷ উন্নত চিকিৎসাৰ বাবে পিতৃহীনা প্ৰিয়াৰ আত্মীয়সকলৰ আৰ্থিক অৱস্থাও তথৈবচ । সেয়েহে অসম পৰাৰ বহিঃৰাজ্যলৈ নি উন্নত চিকিৎসা প্ৰদান কৰাৰ কথাটো পৰিয়াল লোকৰ বাবে কোনোপধ্যে সম্ভৱ নহয় (Priya Datta diagnosed with blood cancer) ।
তেজৰ কৰ্কট ৰোগত আক্ৰান্ত কণমানি প্ৰিয়া দত্ত বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে আৰু এক অন্ধকাৰ ভৱিষ্যতৰ ক্ষণ গণিছে কণমানি জনীয়ে । বৰ্তমান প্ৰিয়াক অন্ধকাৰ কুঠৰীৰ পৰা পোহৰৰ পৃথিৱীলৈ ঘূৰাই আনিবলৈ প্ৰয়োজন উন্নত চিকিৎসাৰ আৰু বৰ্তমান সময়ত যিহেতু উন্নত চিকিৎসা ক্ৰমাৎ ব্যয়বহুল হৈ পৰিছে, সেয়েহে পৰিয়াল লোকে অসমবাসীৰ পৰা সহায়ৰ হাত বিচাৰিছে ৷
কণমানি জনীক সুস্থ কৰি তুলিবৰ বাবে এইয়াই পৰিয়ালৰ ওচৰত শেষ উপায় । যদি কণমানি জনীক পুনৰ সুস্থ অৱস্থাত আপুনি দেখিবলৈ ইচ্ছা কৰে তেতিয়া হ'লে ইচ্ছুক সুহৃদয়বানসকলে সহায় কৰিব পাৰে --প্ৰিয়াৰ একাউন্ট নম্বৰ… 0812010226516 Sayanika Datta, IFSC Code PUNB 0081220 Punjab National Bank (Baligoan Branch) Jorhat ৷ Google pay number 6001237814 (Sayanika Datta)।
উল্লেখ্য বৰ্তমান দৰিদ্ৰ লোকসকলৰ চিকিৎসাৰ বাবে অসম চৰকাৰে বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰিছে আৰু সেই আঁচনিৰ আওঁতাত পিতৃহীনা কণমানি জনীক অন্তৰ্ভুক্ত কৰিবলৈ সচেতন মহলে আহ্বান জনাইছে ।
লগতে পঢ়ক : Anan Tanti encounter: আনন তাঁতীক এনকাউণ্টাৰৰ সন্দৰ্ভত আৰক্ষীৰ সংবাদমেল