ETV Bharat / state

অৱশেষত আহিল JDA ভূমি কেলেংকাৰীৰ তদন্তৰ প্ৰতিবেদন

author img

By

Published : Jan 7, 2021, 5:46 PM IST

যোৰহাট উন্নয়ন প্ৰাধিকৰণে সকলো বিধি ভংগ কৰি নীতিশ জৈন নামৰ এজন ব্যৱসায়িক ভূমি হস্তান্তৰ কৰাৰ কাৰ্যৰ বিষয়ে ফাদিল হোৱাৰ পাছতেই যোৰহাট জিলা উপায়ুক্তই এই সন্দৰ্ভত এখন ৬ জনীয়া কমিটি গঠন কৰি তদন্তৰ ঘোষণা কৰিছিল। অৱশেষত আহিল ১৪ বিঘা ৩ কঠা ১২ লোচা চৰকাৰী মাটি ব্যৱসায়িক হস্তান্তৰ কৰাৰ তদন্তৰ প্ৰতিবেদন।

pressmeet-aginest-jda
অৱশেষত আহিল JDA ভূমি কেলেংকাৰীৰ তদন্তৰ প্ৰতিবেদন

যোৰহাট, 7 জানুৱাৰী : বৃহস্পতিবাৰে যোৰহাটৰ জনতা পেৰেডাইজত এক সংবাদমেল অনুষ্ঠিত কৰি যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ বিৰুদ্ধে সৰৱ হৈ পৰে যোৰহাট আছু । কিছু দিন আগতে নীতিশ জৈন নামৰ এজন ব্যৱসায়ীক যোৰহাট উন্নয়ন প্ৰাধিকৰণে সকলো বিধি ভংগ কৰি ভূমি হস্তান্তৰ কৰাৰ কাৰ্যৰ বিষয়ে ফাদিল কৰিছিল যোৰহাটৰ জ্যেষ্ঠ অধিবক্তা ৰিন্টু গোস্বামীয়ে।

ইয়াৰ পাছতেই যোৰহাট জিলা উপায়ুক্তই এই সন্দৰ্ভত এখন ৬ জনীয়া কমিটি গঠন কৰি তদন্তৰ ঘোষণা কৰিছিল। এই তদন্তৰ প্ৰতিবেদনত ব্যৱসায়ী নীতিশ জৈনক ভূমি হস্তান্তৰৰ প্ৰায়বোৰ নীতি উলংঘা কৰিছে বুলি উল্লেখ কৰা হয়।
এই ভূমি হস্তান্তৰত জন হিতাৰ্থে হোৱা নাই,এই হস্তান্তৰত এক বেপাৰোৱা স্বাৰ্থ লুকাই থকা,সম্পূৰ্ণ ৰূপে আছাম টাউন এণ্ড কান্ট্রি প্লেনিঙৰ বিধি উলংঘা কৰা, সদস্য আৰু সম্পাদকক আন্ধাৰত ৰখা,ফাইনেল বিল আৰু টেকনিকেল বিল উত্থাপন নকৰা,বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ নকৰা,অসম চৰকাৰৰ টেণ্ডাৰৰ যি ৱেব চাইট আছে সেই ৱেব চাইটত সবিশেষ প্ৰকাশ নকৰা আদি বিভিন্ন বিধি ভংগ কৰাৰ কথা ৪৩ পৃষ্ঠাজোৰা তদন্তৰ প্ৰতিবেদনখনত আছে বুলিও সংবাদমেলত অভিযোগ উত্থাপন কৰিছে যোৰহাট আছুৱে ৷

আনহাতে যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰশান্ত গোস্বামীক অপসাৰণ কৰা,যোৰহাটত নতুন পৰিকল্পনা তৈয়াৰ কৰা,লেণ্ড বেংকৰ কাৰ্যকৰী কৰা আদি বিভিন্ন দাবীও উত্থাপন কৰে আছুৱে ৷
লগতে পঢ়ক: জামিন আবেদন নাকচ হোৱাৰ পিছতে শোকত ম্ৰিয়মান অখিলৰ মাতৃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.