তিতাবৰ,11 এপ্ৰিল : ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ সীমা সমস্যাৰে জৰ্জৰিত অসম-নগালেণ্ড সীমান্তৰ মেৰাপানীতো বাপতিসাহোন ৰঙালী বিহুটিক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে মেৰাপানীবাসীয়ে ৷ বিহুৰ পূৰ্বৰ মাদকতা আৰু স্বকীয়তা ৰক্ষা কৰাৰ উদ্দেশ্যে আগবাঢ়ি আহিছে মেৰাপানীৰ বিজয়পুৰ অঞ্চলৰ একাংশ মহিলা ।
দৈয়াং গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰায় 90 টা আত্মসহায়ক গোটৰ মহিলাসকলে একত্ৰিত হৈ স্থানীয় খেলপথাৰত আয়োজন কৰে বহাগী আদৰণি অনুষ্ঠান । শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই বহাগী আদৰণি অনুষ্ঠানত মহিলাসকলৰ সমূহীয়া বিহুনাচ আৰু বিহুনামেৰে মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চলটো ।
বহাগ বিহুটিক আদৰিবলৈ প্ৰাণ ভৰি নাচিলে প্ৰতিগৰাকী মহিলা-যুৱতীয়ে । বিশেষকৈ মুকলি বিহুৰ প্ৰাসংগিকতা ৰক্ষা কৰি আয়োজিত বহাগী আদৰণি অনুষ্ঠানৰ জৰিয়তে অসমীয়া গ্ৰাম্য সমাজ জীৱনৰ এনাজৰীডাল অক্ষুন্ন ৰখাৰ চেষ্টা চলায় উদ্যমী মহিলাসকলে । ক’ৰণাৰ বিভীষিকা নাশ হৈ চেনেহৰ ৰঙালী বিহুটিয়ে সমাজলৈ সুখৰ বতৰা কঢ়িয়াই অনাৰ আশা প্ৰকাশ কৰিছে মেৰাপানীবাসীয়ে ৷
লগতে পঢ়ক : সাংবাদিকৰ বাঁহীৰ সুৰত মন উৰুঙা হ’ল নাচনীৰ