ETV Bharat / state

Pathetic Story of a Young Boy: মাতৃ স্নেহৰ পৰা বঞ্চিত, দৰিদ্ৰ পৰিয়ালৰ এজন যুৱকৰ কৰুণ গাঁথা

author img

By

Published : May 18, 2023, 8:41 PM IST

এটা বন্ধ কোঠাত এজন 19 বছৰীয়া সুঠাম যুৱক ৷ 6 বছৰ বয়সতে মাতৃহাৰা হোৱা যুৱকজন এতিয়া আবদ্ধ সৰু এটা কোঠাত (Pathetic Story of a young Boy in Jorhat) ৷

Pathetic Story of a young Boy in Jorhat
এজন যুৱকৰ কৰুণ গাঁথা

যোৰহাট, 18 মে’: এটা বন্ধ কোঠাত এজন 19 বছৰীয়া সুঠাম যুৱক | 6 বছৰ বয়সতে মাতৃহাৰা হোৱা যুৱকজন হৈ পৰিল ৰুগীয়া ৷ যোৰহাট নগৰৰ তৰাজানৰ এটা সৰু কোঠাত এজন সুঠাম যুৱক ৷ ১৯ বছৰীয়া যুৱকজন এতিয়া আবদ্ধ সৰু এটা কোঠাত (Pathetic Story of a Young Boy) ৷

সুবোধ চুতীয়া নামৰ ব্যক্তিজনৰ পুত্ৰ এইজন সুঠাম যুৱক পাৰ্থ জ্যোতি কলিতা (উপাধি সলনি কৰিছে) ৷ 19 বছৰীয়া এইজন যুৱকজন 6 বছৰ বয়সৰ পৰাই এটা সৰু কোঠাত আবদ্ধ ৷ মাতৃয়ে 6 বছৰ বয়সতে এৰি যোৱাৰ কিছু দিন পাছৰ পৰাই যুৱক জনৰ মানসিক অৱস্থা ক্ৰমান্বয়ে বেয়া হৈ পৰে ৷ পিতৃয়ে জনোৱা অনুসৰি সৰুতেই মাতৃগৰাকীয়ে শিশু পুত্ৰৰ ওপৰত চলাইছিল নিৰ্মম অত্যাচাৰ ৷ অত্যাচাৰ অমানৱীয় আছিল ৷ মাতৃয়ে শিশু অৱস্থাতে মূৰত বেয়াকৈ মৰাৰ লগতে দলিয়াই দিছিল বুলিও অভিযোগ কৰিছে পিতৃয়ে (Pathetic Story of a young Boy in Jorhat) ৷

মাতৃৰ এনে কঠোৰ ব্যৱহাৰৰ বাবে পাছলৈ ভয় খাইছিল শিশুটিয়ে ৷ ফলত লাহে লাহে মানসিক ভাৱে শিশু অৱস্থাতে ভাগি পৰিল এতিয়াৰ সুঠাম এই যুৱকজন । বহু চিকিৎসা কৰিও সুস্থ কৰিব পৰা নাই দৰিদ্ৰ পৰিয়ালৰ এই যুৱকজনক (Poor Young Boy of Jorhat needs govt help) ৷

6 বছৰ বযসৰ পৰাই বৰ্তমানো কোঠাৰ ভিতৰতেই সোমাই থাকে যুৱকজন ৷ মাতৃৰ কঠোৰ ব্যৱহাৰত মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা পাৰ্থজোতিয়ে কিন্তু পুৱাই শুই উঠি ধুপ-চাকি জ্বলাই ভগৱানক প্ৰাৰ্থনা কৰে ৷ যুৱকজনৰ এই অৱস্থাই পিতৃকো যথেষ্ঠ মানসিক কষ্ট দিছে বুলি জানিবলৈ দিয়ে ৷ যোৰহাট চহৰৰ তৰাজানত দুৰ্বিষহ জীৱন যন্ত্ৰণাত ছটফটাই থকা এই পৰিয়ালটোৰ কাষত এতিয়া প্ৰয়োজন হৃদয়ৱান লোকৰ উপস্থিতি ৷ যুৱকজনৰ চিকিৎসাৰ বাবে সহৃদয় কোনো লোকে আৰ্থিকভাৱে সহায় কৰিব বুলি এতিয়া আশাৰে বাট চাইছে যুৱকজনৰ অসহায় পিতৃয়ে ৷

লগতে পঢ়ক: Sorbhog News: চাহ-চিঙৰা বিক্ৰী কৰা 50 উৰ্ধৰ দুই ভগ্নীৰ কৰুণ জীৱন গাঁথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.