ETV Bharat / state

Jorhat News : আৰ্থিক দুৰৱস্থাৰ বাবে চিকিৎসাৰ পৰা বঞ্চিত মেৰাপানীৰ এগৰাকী মহিলা - চিকিৎসাৰ পৰা বঞ্চিত মেৰাপানীৰ এগৰাকী মহিলা

মেৰাপানীৰ এটা অতি মৰ্মান্তিক, হৃদয় বিদাৰক কাহিনী ৷ দুৰ্ভগীয়া এটাক পৰিয়ালক প্ৰয়োজন চৰকাৰ, ৰাইজৰ সহায়-সহযোগিতাৰ ৷

POOR FAMILY URGED HELP FROM OTHERS AT TITABOR
আৰ্থিক দুৰৱস্থাৰ বাবে চিকিৎসাৰ পৰা বঞ্চিত মেৰাপানীৰ এগৰাকী মহিলা
author img

By

Published : Jul 11, 2023, 11:29 AM IST

আৰ্থিক দুৰৱস্থাৰ বাবে চিকিৎসাৰ পৰা বঞ্চিত মেৰাপানীৰ এগৰাকী মহিলা

যোৰহাট, 11 জুলাই : এটি উৰুখা পঁজা । কোনোমতে টিনপাতকেইখন লগাই মাটিৰে লিপা ঘৰতটোত বাচি ৰৈছেগৈ মাত্ৰ দুটা কোঠালী । এই উৰুখা পঁজাতেই থাকে এটা দুৰ্ভগীয়া পৰিয়াল ৷ এগৰাকী ৰুগীয়া মহিলাসহ তেওঁৰ স্বামী আৰু একমাত্ৰ পুত্ৰ সন্তানটি থাকে এই উৱলি যোৱা ঘৰটোত । এই ঘৰটোৰ এটা সৰু কোঠালীতে গঁৰাল সদৃশ বেৰাৰ মাজত তলা বন্ধ কৰি ৰখা হৈছে এগৰাকী 50 উৰ্ধৰ মহিলাক । ৰচীৰে বান্ধি থোৱা হৈছে হাত-ভৰি ।

প্ৰায় এবছৰমানৰ আগলৈকে সম্পূৰ্ণ সুস্থ অৱস্থাত আছিল যোৰহাট জিলাৰ মেৰাপানীৰ এইগৰাকী মহিলা । কিন্তু তাৰ পাচত অচিন ৰোগত আক্ৰান্ত হৈ মহিলাগৰাকীয়ে হেৰুৱাই পেলায় মানসিক ভাৰসাম্য । খেতি মাটি নোহোৱা অতিকৈ দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী পুৰুষজনে আনৰ ঘৰত কৰে দিন হাজিৰা । লগতে একমাত্ৰ পুত্ৰসন্তানটিও অষ্টম শ্ৰেণীত অধ্যয়নৰত ।

দিন হাজিৰা নকৰিলে পাকঘৰত চৌকা নজ্বলা মানুহজনে পুত্ৰক স্কুললৈ পঠিয়াই কোঠাৰ ভিতৰত অথবা ঘৰৰ বাৰান্দাতে অসুস্থ পত্নীগৰাকীক বান্ধি থৈ যাবলৈ বাধ্য হয় । সম্প্ৰতি দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটোৰ একমাত্ৰ মহিলাগৰাকীক উপযুক্ত চিকিৎসাৰ বাবে নাই সাঁচতীয়া টকা-পইছা । যাৰ বাবে সম্পূৰ্ণ অসুস্থ অৱস্থাতেই পেটৰ ক্ষুধা নিবাৰণৰ বাবে প্ৰতিদিনেই দিন হাজিৰা কৰিবলৈ বুলি ওলাই যাবলগীয়া হয় পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী তথা অসুস্থ মহিলাগৰাকীৰ স্বামীয় ।

সাঁচতীয়া কিছু ধনেৰে পত্নীক গোলাঘাটৰ হাস্পতাললৈ নি চিকিৎসাৰ ব্যৱস্থা কৰিছিল যদিও চিকিৎসকে মহিলাগৰাকীক বাহিৰলৈ নিয়াৰ পৰামৰ্শ দিয়াত মাথো টকাৰ অভাৱৰ বাবে পিছ হুঁহকিব লগীয়া হৈছে পৰিয়ালটো । ইফালে সপ্তাহ-দিন ধৰি খাবলৈ শুবলৈ মন নকৰা অসুস্থ মহিলাগৰাকীয়ে হাত-ভৰিৰ ৰচী খুলি দিলেই অনাই-বনাই ঘুৰি ফুৰে বুলি কয় পৰিয়ালটোৱে ।

কিছু উপযুক্ত চিকিৎসা লাভ কৰিলেই সুস্থ হৈ উঠাৰ পূৰ্ণ সম্ভৱনা থকা মহিলাগৰাকীৰ চিকিৎসাৰ বাবে এতিয়া চৰকাৰ তথা কোনো হৃদয়ৱান ব্যক্তিক সহায়-সহযোগিতা আগবঢ়াবলৈ কাতৰ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে । দৰিদ্ৰ পৰিয়ালটোৰ কাষত থিয় হ’বলৈ ৰাজ্যৰ বিত্তমন্ত্ৰী তথা সমষ্টিটোৰ বিধায়িকা অজন্তা নেওগকো অনুৰোধ জনাইছে পৰিয়ালটোৱে ৷

লগতে পঢ়ক : Pottery industry in Assam: সমস্যাত মাজুলীৰ মৃৎ শিল্পী; চৰকাৰক ব্যৱস্থা গ্ৰহণৰ কৰাৰ আহ্বান

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.