ETV Bharat / state

পৰিমাণতকৈ কম তেল দি গ্ৰাহকক প্ৰৱঞ্চনা কৰে এইটো পেট্ৰ'ল পাম্পে

পেট্ৰ'ল পাম্পত তেল ভৰোৱাৰ সময়ত সাৱধান হওক । কাৰণ একাংশ কৰ্মচাৰীয়ে আপুনি গম নোপোৱাকৈয়ে তেলতকৈ অধিক ধন সংগ্ৰহ কৰিব পাৰে আপোনাৰ পৰা । যোৰহাট জিলাৰ মৰিয়নীত সংঘটিত হৈছে তেনে এক ঘটনা (Petrol pump employee cheats customers in Mariani)। সচেতন গ্ৰাহকজনে উদঙালে পাম্প কৰ্তৃপক্ষৰ লুণ্ঠনৰ অভিসন্ধি ।

author img

By

Published : Jan 7, 2022, 6:38 PM IST

Petrol pump scam
মৰিয়নীত পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীৰ প্ৰৱঞ্চনা

যোৰহাট,৭ জানুৱাৰী : পেট্ৰ'ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক চিন্তাত পেলোৱাৰ সময়তে একাংশ পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীয়ে লুণ্ঠন চলোৱা দেখা গৈছে । ৰাজ্যৰ ভিন্ন প্ৰান্তত বহু সময়তে একাংশ পেট্ৰ'ল পাম্পৰ বিৰুদ্ধে এনে গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে । এইবাৰ অভিযোগৰ আঙুলি মৰিয়নীৰ এটা পেট্ৰ'ল পাম্পৰ বিৰুদ্ধে (Petrol pump scam in Mariani)।

ধনৰ বিপৰীতে গ্ৰাহকক কম পৰিমাণে তেল দিয়াৰ অভিযোগ উঠিছে পেট্ৰ'ল পাম্পটোৰ বিৰুদ্ধে । মৰিয়নীৰ ৰায় বাহাদুৰ পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীয়ে কৰিছে এনে প্ৰতাৰণা (Petrol pump employee cheats customers in Mariani)। বৃহস্পতিবাৰে এগৰাকী গ্ৰাহকে অভিযোগ কৰা মতে তেওঁৰ পৰা অধিক ধন লৈছে পেট্ৰ'ল পাম্প কৰ্তৃপক্ষই । তেওঁৰ বাহনখনৰ তেলৰ ক্ষমতা আছিল ৩ লিটাৰ ৭০০ গ্ৰাম ।

কিন্তু পাম্পটোৰ কৰ্মচাৰীয়ে গ্ৰাহকজনক তাতকৈও অধিক তেল ভৰোৱা বুলি মিছা মাতিছিল আৰু গ্ৰাহকৰ পৰা ৪ লিটাৰ ৮৩ গ্ৰাম তেলৰ দাম লৈছিল কৰ্মচাৰীজনে । গ্ৰাহকজনৰ সন্দেহ হোৱাত বাহনখনৰ পৰা সম্পূৰ্ণ তেল উলিওৱা হয় । তাৰ পাছতহে ঘটনাৰ ৰহস্য ফাদিল হয় ।

সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতে গ্ৰাহকগৰাকীক পেট্ৰ'ল পাম্প কৰ্তৃপক্ষই বিভিন্ন ধৰণে দাবী ধমকি দিয়ে । অভিযোগ অনুসৰি ঘটনা গাপ দিয়াৰ বাবে গ্ৰাহকজনক উৎকোচ দিয়াৰো চেষ্টা কৰে পেট্ৰ'ল পাম্প কৰ্তৃপক্ষই । এই ঘটনাৰ পাছতে এতিয়া সমগ্ৰ মৰিয়নীত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে । উল্লেখ্য যে, উক্ত পেট্ৰ'ল পাম্পটোৰ বিৰুদ্ধে পূৰ্বে এনেধৰণ অভিযোগ উত্থাপন হৈছিল ।

লগতে পঢ়ক :Charideo fire tragedy: চিগাৰেট জ্বলাবলৈ ব্যৱহাৰ কৰা জুইৰ বাবেই জীৱন্তে অগ্নিদগ্ধ তিনি শিশু !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.