ETV Bharat / state

পুনৰ বিফল অসম-নাগালেণ্ড সীমা বিবাদৰ শান্তি আলোচনা - যোৰহাট উপায়ুক্ত

যোৰহাট জিলা প্ৰশাসন আৰু নাগালেণ্ডৰ মোকচাঙ প্ৰশাসনৰ মাজত হোৱা সীমা বিবাদৰ শান্তি আলোচনা পুনৰ বিফল ৷ দিছৈ ভেলী সংৰক্ষিত ভূমিৰ পৰা নগা আৰক্ষীৰ চাউনী আঁতৰোৱা আৰু অনিদিষ্টকালীন অৰ্থনৈতিক অৱৰোধ ঘোষণাৰ দাবীৰে বিগত দিনত দল সংগঠন সমূহে প্ৰতিবাদ কৰি আহিছিল ৷ ইয়াৰ সমাধানৰ বাবেই বুধবাৰে নাগালেণ্ডৰ মোকচাঙ প্ৰশাসন আৰু যোৰহাট জিলা প্ৰশাসনৰ মাজত জিলা আৱৰ্ত ভৱনত এক বৈঠক অনুষ্ঠিত হৈছিল ৷

As_jrt_peace_meeting_with_nagaland_vis_AS10039
অসম-নাগালেণ্ড সীমা বিবাদৰ শান্তি আলোচনা বিফল
author img

By

Published : Nov 25, 2020, 7:50 PM IST

মৰিয়নী,25 নৱেম্বৰ : ক্ৰমাত বৃদ্ধি পাইছে অসম-নাগালেণ্ডৰ সীমান্ত বিবাদ ৷ দিছৈ ভেলী সংৰক্ষিত ভূমিৰ পৰা নগা আৰক্ষীৰ চাউনী আঁতৰোৱাৰ দাবীৰে বিগত দিনত দল সংগঠন সমূহে প্ৰতিবাদ কৰি আহিছে ৷ দল সংগঠনৰ প্ৰতিবাদৰ পাছতে অসম আৰক্ষীয়েও এটা কেম্প স্থাপন কৰে নগা আৰক্ষীৰ চাউনীৰ ওচৰতে ৷ ইফালে অসমৰ মাটিত নগা এনে কাৰ্যৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে নাগালেণ্ডৰ বিৰুদ্ধে অনিদিষ্টকালীন অৰ্থনৈতিক অৱৰোধ ঘোষণা কৰিছে ৷

অসম-নাগালেণ্ড সীমা বিবাদৰ শান্তি আলোচনা বিফল

সীমা বিবাদ আৰু অৰ্থনৈতিক অৱৰোধ এই দুই বিষয়ৰ লগতে শান্তি সম্প্ৰতি বৰ্তাই ৰখাৰ বাবে বুধবাৰে নাগালেণ্ডৰ মোকচাঙ প্ৰশাসন আৰু যোৰহাট জিলা প্ৰশাসনৰ মাজত জিলা আৱৰ্ত ভৱনত এক বৈঠক অনুষ্ঠিত হয় যদিও ইয়াৰ কোনো স্থায়ী সমাধান নোলাল ৷ সমগ্ৰ বিষয়টো অমীমাংসিত হৈ ৰ'ল ৷ এই বৈঠকত যোৰহাট জিলা উপায়ুক্ত, মোকচাঙ উপায়ুক্তৰ লগতে আৰক্ষী অধীক্ষক আৰু DFO চেন্টি টোলা আওবে অংশ গ্ৰহণ কৰে ৷

লগতে পঢ়ক : হাতী খেদিবলৈ যোৱা বনকৰ্মীক আক্ৰমণ ৰাইজৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.