ETV Bharat / state

চিকিৎসক নামাজ পঢ়িবলৈ গ’ল: চিকিৎসাৰ অভাৱত ৰোগীৰ মৃত্যু

চিকিৎসকৰ অনুপস্থিতিত পুনৰ প্ৰাণ গ'ল টীয়কৰ এগৰাকী ৰোগীৰ (Patient died absence of doctor in Teok) । কৰ্তব্যৰ সময়ত চিকিৎসক গ'ল নামাজ পঢ়িবলৈ । সৰ্বত্ৰে প্ৰতিক্ৰিয়া ।

author img

By

Published : Oct 8, 2022, 6:10 PM IST

Patient died absence of doctor in Teok
চিকিৎসক নামাজ পঢ়িবলৈ গ’ল

টীয়ক, ৮ অক্টোবৰ : ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ ফোঁপোলা স্বৰূপৰ (Poor condition of Assam Health Sector) বাস্তৱ ছবি পুনৰ পৰিস্ফূত হৈছে টীয়কৰ একমাত্ৰ চিকিৎসাৰ ভৰসা টীয়ক FRU-ত (Teok FRU) । শুকুৰবাৰে বিয়লি উচ্চ ৰক্তচাপত ভোগা টীয়কৰ জগদুৱাৰ সোণাৰি গাঁৱৰ নাৰায়ণ হাজৰিকা নামৰ এজন ৰোগীক জৰুৰীকালীন অৱস্থাত অনা হৈছিল টীয়ক FRU-লৈ ।

কিন্তু উক্ত সময়ত কৰ্তব্যৰত অৱস্থাত থকা চিকিৎসক ডাঃ চালাহউদ্দিন আহমেদ গৈছিল নামাজ পঢ়িবলৈ । ৰোগীৰ আত্মীয়ই চিকিৎসক নাপাই কৰ্মৰত অৱস্থাত থকা নাৰ্ছকে কিবা এটা কৰিবলৈ অনুৰোধ জনায় যদিও তাত কোনো সঁহাৰি লাভ নকৰে । তাৰ পিছত উপায়ন্তৰ হৈ আত্মীয়সকলে ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ (Jorhat Medical College Hospital) লৈ যায় যদিও মাজপথতে ৰোগীজনে প্ৰাণত্যাগ কৰে ।

উক্ত ঘটনাই এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । উল্লেখযোগ্য যে এইগৰাকী চিকিৎসকে পূৰ্বতেও চিকিৎসালয়ত ৰোগী এৰি থৈ কৰ্তব্যৰত অৱস্থাত নামাজ পঢ়িবলৈ বুলি ৮ কিলোমিটাৰ নিলগৰ কাকজানলৈ যায় বুলি অভিযোগ উত্থাপিত হৈছে । লগতে ৰোগীসকলৰ লগতো দুৰ্ব্যৱহাৰ কৰাৰ লগতে কৰ্তব্যত সময়মতে উপস্থিত নথকাৰ অভিযোগো আছে ।

চিকিৎসকৰ অনুপস্থিতিত টীয়কত মৃত্যু ৰোগীৰ

ইপিনে আজি পুৱা ৮ বজাৰ পৰা তেওঁ কৰ্তব্যত উপস্থিত থাকিব লাগিছিল যদিও আজিও চিকিৎসকগৰাকী প্ৰায় ১১ বজাৰ পাছতহে চিকিৎসালয়ত উপস্থিত হোৱাৰ দৃশ্য কেমেৰাত বন্দী হৈছে । ইপিনে টীয়ক FRU-ৰ অধীক্ষকগৰাকীৰ সৈতে হোৱা সাক্ষাতত তেওঁ জনায় যে অভিযুক্ত চিকিৎসকগৰাকীয়ে যে কৰ্মৰত অৱস্থাত নামাজলৈ যায় তেওঁ সেই বিষয়ত জ্ঞাত নহয় বা তেওঁক নজনোৱাকৈয়ে যায় ।

সেয়ে পুনৰ যাতে কৰ্মৰত সময়ত এনে ভুল নহয় তাৰবাবে সকীয়নি প্ৰদান কৰে । লগতে টীয়কৰ দৰে বৃহৎ অঞ্চলৰ একমাত্ৰ ভৰসা উক্ত চিকিৎসালয়খনত এখন এম্বুলেন্স নোপোৱাৰ বাবেও হতাশাত ভাগি পৰে পৰিয়ালটো । সেয়ে এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় লগতে চিকিৎসকজনৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগলৈ কাতৰ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালটোৱে ।

লগতে পঢ়ক :তেজস্বিতাৰ মৃত্যুৰ পাছতে মাজুলীলৈ আহিল ৩খন নতুন এম্বুলেন্স

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.