ETV Bharat / state

অসমৰ বিজেপি চৰকাৰখন দেউলীয়া: যোৰহাটবাসীৰ ক্ষোভ - বিজেপি চৰকাৰ

ৰাজকোষ টনকিয়াল কৰিবলৈ ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্তত ক্ষুব্ধ দল-সংগঠন ।

new-tax-policy
এক হঠকাৰী সিদ্ধান্ত
author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 9:19 PM IST

এক হঠকাৰী সিদ্ধান্ত

যোৰহাট, 22 নৱেম্বৰ : বিহু আবেগ, বিহু অসমীয়াৰ আয়ুস ৰেখা ৷ এজন অসমীয়া হিচাপে বিহু শব্দটোৰ সৈতে কৰ শব্দটো একেলগে শুনি নিশ্চয়কৈ কাৰো ভাল নালাগিব ৷ বিহু-কৰ কিবা যেন অমিল ৷ চৰকাৰক কৰ দি বিহু পতাৰ কথা ভাবিব জানো কেতিয়াবা অসমীয়াই ! পিছে ৰাইজে নভবা কামেই এই চৰকাৰখনে কৰি আছে ৷ বিহু পতাৰ সৈতে আপুনি ভাবিব লাগিব কৰ দিয়াৰ কথা ৷ কিয়নো চৰকাৰে লৈছে এক হঠকাৰী সিদ্ধান্ত ৷ চৰকাৰৰ এই সিদ্ধান্তৰ কথা বিয়পি পৰাৰ লগে লগেই ৰাইজে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

ৰাজকোষ টনকিয়াল কৰিবলৈ ৰাজ্য চৰকাৰে লৈছে এক হঠকাৰী সিদ্ধান্ত ৷ ক্ষুব্ধ হৈ পৰিছে দল সংগঠনৰ লগতে সাধাৰণ ৰাইজ । বিহু পাতিবলৈ এতিয়া গৃহ বিভাগক দিব লাগিব কৰ ৷ কিন্তু আচৰিত কথা যে দুৰ্গা পূজাক লৈ তেনে কোনো ধৰণৰ কৰৰ কথা উল্লেখ নাই ৷ ধাৰত পোত যোৱা অসম চৰকাৰে কৰ সংগ্ৰহৰ কোনো পথেই এৰি দিব বিচৰা নাই । এহাতে যদি হিতাধিকাৰীক সন্তুষ্ট কৰাৰ নামত অৰুণোদয় আঁচনিৰ জৰিয়তে মাহে মাহে বেংক একাউণ্টত ধন সোমোৱাই দিছে, আনহাতে আকৌ সেই ৰাজহ ঘাটি মাৰিবলৈ বেংক পৰা হাজাৰ হাজাৰ কোটি টকা ঋণ লৈছে বিজেপি মিত্ৰজোঁট চৰকাৰে । কিন্তু এই ধাৰৰ বোজা ল’ব পৰা নাই চৰকাৰে ৷

ধাৰৰ বোজাৰ সৈতে মোকাবিলা কৰিবলৈ এইবাৰ জনসাধাৰণৰ ওপৰত ৰামটাঙোন সোধাইছে চৰকাৰে । অসমীয়াৰ জাতীয় উৎসৱ তথা অসমীয়াৰ বাপতি সাহোন বিহু পাতিবলৈ এতিয়াৰে পৰা অনুমতি লোৱাৰ নামত এক অতিৰিক্ত মাচুল অৰ্থাৎ কৰ দিব লাগিব গৃহ বিভাগক, এই লৈ ক্ষোভিত হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে যোৰহটীয়া ৰাইজ ।

ৰাজ্যৰ গৃহ বিভাগে জাৰি কৰা এই নিৰ্দেশনা শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনাইছে যুৱ ছাত্ৰ পৰিষদে । এগৰাকী যোৰহটীয়া ৰাইজে কয় যে মাছৰ তেলেৰে মাছ ভাজি খোৱা চৰকাৰখনৰ পৰা এনে ধৰণৰ ঘোষণা শুনাটোত কোনো আচৰিত হ’বলগীয়া নাই ৷ হিতাধিকাৰীয়ে চৰকাৰক এইবাৰ ৰক্ষা কৰিব নোৱাৰে, কাৰণ হিতাধিকাৰীৰ লগতে ৰাইজে এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিক ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে বুলিও বহুতে কটাক্ষ কৰে ।

উল্লেখ্য যে সাংস্কৃতিক সমদল, বিহু অনুষ্ঠান, ৰাজনৈতিক ৰেলী, অনুষ্ঠান, সভা, সকলো ধৰণৰ খেল-ধেমালিৰ অনুষ্ঠান, বাটৰ নাট, সজাগতা ৰেলী, বাণিজ্য মেলা, খাদ্য মেলা, এক্সপ’, পেট্ৰ’ল পাম্প, গেছ এজেন্সি আৰু আন ব্যৱসায়িক প্ৰতিষ্ঠান আদি নিৰ্মাণ কৰি বিভিন্ন ক্ষেত্ৰত অনুমতি ল’বলৈ চৰকাৰক দিব লাগিব কৰ ৷ ইয়াকে লৈ ৰাজ্যত এক মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ তাৎপৰ্যপূৰ্ণ যে, অসমীয়াৰ বিহু অনুষ্ঠান পাতিবৰ বাবে অনুমতি ল’বলৈ ৰাজ্য চৰকাৰক কৰ পৰিশোধ কৰিব লাগিব কিন্তু শাৰদীয় দুৰ্গা পূজা পাতিবলৈ অনুমতি ল’বৰ বাবে কোনো ধৰণৰ কৰ পৰিশোধ কৰিব নালাগে ।

লগতে পঢ়ক : বিজেপি চৰকাৰ ইষ্ট ইণ্ডিয়া কোম্পানীতকৈও ভয়ংকৰ : লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.