ETV Bharat / state

যোৰহাটত প্ৰৱঞ্চনাৰ বলি হ'ল চাহ বাগিচাৰ ১৩১ টা পৰিয়াল - ১৩১ টা পৰিয়ালক ৰামঠগন

NGOই আগবঢ়োৱা সুবিধা গ্ৰহণ কৰোঁতে সাৱধান । NGOৰ নামত প্ৰৱঞ্চনাৰ জাল পাতিছে একাংশ অসাধু লোকে । যোৰহাটত NGOৰ জৰিয়তে সেৱা আগবঢ়োৱাৰ আশা দি মুৰমুৰীয়া চাহ বাগিচাৰ ১৩১ টা পৰিয়ালক ৰামঠগন দিলে প্ৰৱঞ্চকে । এতিয়া আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগীয়ে ।

NGO fraud case
যোৰহাটত প্ৰৱঞ্চনাৰ বলি হ'ল চাহ বাগিচাৰ ১৩১ টা পৰিয়াল
author img

By

Published : Nov 11, 2021, 7:25 PM IST

যোৰহাট, ১১ নৱেম্বৰ: সততে দৰিদ্ৰ তথা আৰ্তজনক সহায় কৰাৰ বাবে বেচৰকাৰী সংস্থাবোৰে উল্লেখ্যনীয় ভূমিকা পালন কৰে । বেচৰকাৰী সংস্থাবোৰে বিভিন্ন সা-সুবিধাও আগবঢ়ায়, যিবোৰ এই লোকসকলক যথেষ্ট উপকৃত কৰে । কিন্তু এতিয়া সহায় কৰাৰ নামত একাংশ বেচৰকাৰী সংস্থাই প্ৰৱঞ্চনাৰ জালত পেলাইছে সহজ-সৰল লোকক । যোৰহাটৰ মুৰমুৰীয়া চাহ বাগিচাত সংঘটিত হৈছে এনে এক ঘটনা ।

প্ৰায় ৬ মাহ মান আগতে সহায় কৰাৰ অচিলাৰে মুৰমুৰীয়া চাহ বাগিছাৰ ২৮ নং লাইনৰ দৰিদ্ৰ লোকসকলক সাক্ষাৎ কৰিছিল নয়ন বৰদলৈ নামৰ এজন ব্যক্তিয়ে । নিজকে ভোগদৈ ইণ্টাৰনেশ্যনেল প্ৰাইভেট লিমিটেড নামৰ এটা বেচৰকাৰী সংস্থাৰ সঞ্চালক বুলি পৰিচয় দি নয়ন বৰদলৈয়ে বাগিচাখনৰ সহজ-সৰল লোকসকলক আধাৰ কাৰ্ড, পেন কাৰ্ড আদি প্ৰস্তুত কৰাত সহায় কৰিছিল । লগতে নয়ন বৰদলৈয়ে বেচৰকাৰী সংস্থাটোৰ নামত গাঁওবাসীক কেইবাখনো আঁচনিৰ সুবিধা প্ৰদানৰ প্ৰলোভন দিছিল । নিবনুৱাসকলক প্ৰতি মাহে ৩০০০ টকাকৈ দিয়া, যুৱতীসকলক নাৰ্চিং পাঠ্যক্ৰম কৰোৱাকে ধৰি বহু প্ৰলোভন দিছিল নয়ন বৰদলৈয়ে ।

যোৰহাটত প্ৰৱঞ্চনাৰ বলি হ'ল চাহ বাগিচাৰ ১৩১ টা পৰিয়াল

এই সুবিধাসমূহ লাভ কৰিবলৈ বেংক একাউন্টৰ প্ৰয়োজন বুলি কৈ ১৩১ জন লোকৰ নামত বেংক একাউন্ট খুলি দিয়ে । কিন্তু বেংকৰ কৰ্মচাৰী আহি তেওঁলোকৰ ঘৰত উপস্থিত হোৱাৰ পিছতহে চকু কপালত উঠিল এই ১৩১ জন লোকৰ ।

কিয়নো, নয়ন বৰদলৈয়ে অতি কৌশলৰে বেংক একাউন্ট খুলি এই লোকসকলৰ নামত হাজাৰ হাজাৰ টকাৰ ঋণ লোৱাৰ লগতে ই এম আই পৰিশোধ কৰিব বুলি কৈ সা-সামগ্রীও লৈছে । কাৰোবাৰ নামত যদি এয়াৰ কণ্ডিছনাৰ লৈছে, আন কাৰোবাৰ নামত ল'লে ৰেফ্ৰিজাৰেটৰ । এতিয়া এই ঋণৰ বোজা ল'বলগীয়া হোৱাত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে এই দৰিদ্ৰ লোকসকলৰ মাজত ।

NGO fraud case
যোৰহাটত প্ৰৱঞ্চনাৰ বলি হ'ল চাহ বাগিচাৰ ১৩১ টা পৰিয়াল

আনহাতে, কেৱল মুৰমুৰীয়া চাহ বাগিচাতে নহয়, মৰিয়নী আৰু টীয়কৰ দুখন চাহ বাগিচাতো অনুৰূপ ধৰণে প্ৰৱঞ্চনাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে নয়ন বৰদলৈৰ বিৰুদ্ধে । চিনামৰা থানাৰ লগতে লাহদৈগড় আৰু দেবেৰাপাৰা আৰক্ষী চকীতো গোচৰ ৰুজু কৰা হৈছে নয়ন বৰদলৈৰ বিৰুদ্ধে । এই প্ৰৱঞ্চক নয়ন বৰদলৈক গ্ৰেপ্তাৰ কৰাৰ লগতে দৰিদ্ৰ লোকসকলক ঋণৰ বোজাৰ পৰা মুক্ত কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে চাহ জনজাতি ছাত্ৰ সন্থাই ।

লগতে পঢ়ক:নতুন পাঁচগৰাকী বিধায়কক শপত বাক্য পাঠ কৰোৱালে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.