যোৰহাট, ২৬ এপ্ৰিল : অসম কৃষি বিশ্ববিদ্যালয়ত এখনি জৈৱ প্ৰযুক্তিবিদ্যা বিভাগৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয় । সোমবাৰৰ পৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ উত্তৰ পূৱ জৈৱ প্ৰযুক্তিবিদ্যা কেন্দ্ৰৰ উদ্যোগত 'কৃষি আৰু শিল্পত অনুজীৱ সমন্বিত জৈৱ প্ৰযুক্তিবিদ্যাৰ অৰিহণা' শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয় । কৰ্মশালাখনৰ মুকলি কৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই । মুকলি কৰি কৃষি বিজ্ঞানীসকলৰ গৱেষণা লব্ধ নিত্য নতুন ধাৰণা আৰু উদ্ভাৱনসমূহ নৱপ্ৰজন্মৰ মাজত প্ৰসাৰ কৰিব লাগিব । যুৱ প্ৰজন্মৰ চিন্তা-চৰ্চা সতেজ আৰু উৎসাহী । সেয়ে নতুন প্ৰজন্মক আমন্ত্ৰণ কৰিব লাগিব আৰু উদ্ভাৱনক প্ৰতি সদা আগ্ৰহী এইসকলক লৈ নতুন পৰিকল্পনা আৰু গৱেষণা কৌশল লৈ আগবাঢ়িব লাগিব বুলি এইদৰে মত ব্যক্ত কৰে উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই ।
ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তিবিদ্যা সঞ্চালকালয়ৰ অৰ্থ সাহায্যৰ ২৬ এপ্ৰিলৰ পৰা ১ মে' লৈ অনুষ্ঠিত হ'বলগীয়া এই কৰ্মশালাৰ মুখ্য অতিথিৰ ভাষণত তেখেতে কয় যে প্ৰণালীবদ্ধ বৈজ্ঞানিক অধ্যয়নৰ যোগেদি বিশ্বৰ ভিতৰতে চহকী জৈৱ বৈচিত্ৰ আৰু অন্যান্য অনুজীৱ পুষ্ট অসম তথা উত্তৰ পূৰ্বাঞ্চলক জীৱ প্ৰযুক্তিবিদ্যাৰ কেন্দ্ৰস্থলৰূপে গঢ় দিয়াৰ প্ৰচুৰ সম্ভাৱনীয়তা আছে । দেশৰ প্ৰধানমন্ত্ৰীৰ পৃষ্ঠপোষকতাত ৰাষ্ট্ৰীয় পৰ্যায়ত চলিত 'আজাদী কি অমৃত মহোৎসৱ'ৰ বক্তৃতা চিৰিজৰ অন্তৰ্গত এই কৰ্মশালাৰ আদৰণি ভাষণত ডি বি টিৰ ডাইৰেক্টৰ ড° বিদ্যুত কুমাৰ শৰ্মাই শিক্ষাৰ্থী, গৱেষক, উদ্যোক্তা আৰু কৃষকৰ সুবিধাৰ্থে জীৱ প্ৰযুক্তিবিদ্যামূলক উদ্ভাৱন বিষয়ক এলানি বিশেষ কৰ্মশালা আৰু প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰা বুলি প্ৰকাশ কৰে । এই প্ৰথমখন কৰ্মশালাৰ যোগেদি আন্তঃশৃংখলিত এই বিষয়টোক প্ৰাথমিক পৰ্যায়ৰ গৱেষক, শিক্ষা অনুষদ আৰু ছাত্ৰ সমাজৰ কাষলৈ নিয়াৰ প্ৰয়াস কৰা হৈছে ।
৩০০ গৰাকী অংশগ্ৰহণকাৰীয়ে অনলাইন মাধ্যমেৰে অংশ লোৱা এই কৰ্মশালাত ভূৱনেশ্বৰস্থিত ইনষ্টিটিউট অৱ লাইফ চায়েঞ্চৰ বিজ্ঞানী ড° সুব্ৰত কুমাৰ দাসে সন্মানীয় অতিথি হিচাপে অংশ গ্ৰহণ কৰে । কৰ্মশালাৰ সমন্বয়ক ড° ৰবীন চন্দ্ৰ বড়োৱে আঁত ধৰা আৰম্ভণি অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্য, জৈৱ প্ৰযুক্তিবিদ্যা বিভাগৰ মুৰব্বী ড° এম কে মোডী, কৃষি বিজ্ঞানগুৰু ড° জয়ন্ত ডেকা, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠক, ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰাণা প্ৰতাপ ভূঞা, জ্যেষ্ঠ গ্ৰন্থাগাৰিক ড° চন্দন হাজৰিকা, সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° ৰঞ্জিত কুমাৰ সাউদ, অধ্যাপিকা ড° মধুমিতা বৰুৱাইও অংশগ্ৰহণ কৰে ।
উল্লেখ্য যে, এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালাত ৰাষ্ট্ৰীয় উদ্ভিদ জীৱ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান নতুন দিল্লীৰ সঞ্চালক ড° এ শশ্যানি, বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয়ৰ উপাচাৰ্য ড° জি ডি শৰ্মা, ৰাষ্ট্ৰীয় ৰাসায়নিক পৰীক্ষাগাৰৰ অৱসৰপ্ৰাপ্ত মুখ্য বৈজ্ঞানিক ড° এম ভি দেশপাণ্ডে, বৰ্ধমান বিশ্ববিদ্যালয়ৰ অনুজীৱবিদ্যা বিভাগৰ ড° প্ৰদীপ্ত সাহা, আই আই টি খড়গপুৰৰ ড° পিনাকী সৰৰ দৰে প্ৰখ্যাত বৈজ্ঞানিকসকলে অনলাইন মাধ্যমৰ যোগেদি কৰ্মশালাত অংশগ্ৰহণ কৰিব ।
লগতে পঢ়ক: নলবাৰীত বিনামূলীয়াকৈ মাস্ক আৰু চাবোন বিতৰণ