ETV Bharat / state

বিশ্ব শান্তি তথা মহামাৰী ক'ৰণাৰ পৰা পৰিত্ৰাণ বিচাৰি যজ্ঞৰ আয়োজন - শ্ৰীশ্ৰী ৰামানন্দ দেৱ ক্ষেত্ৰ

ক'ৰণা মহামাৰীৰ পৰা পৰিত্ৰাণ তথা বিশ্ব শান্তিৰ বাবে টীয়কৰ চটাইস্থিত দক্ষিণপাট গৃহ আশ্ৰমী সত্ৰত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ যজ্ঞৰ আয়োজন। সমান্তৰালকৈ তিনিচুকীয়াৰ বাঘজানত সংঘটিত গেছ নিৰ্গমন আৰু ভয়াৱহ বিস্ফোৰণৰ ফলত জীৱকুল তথা পৰিৱেশৰ যি ক্ষতি হৈছে তাৰো উপশম বিচাৰি ভগৱানৰ চৰণত সেৱা আগবঢ়াইছে ভকত বৈষ্ণৱে।

narayan yagya organised at tiok
বিশ্ব শান্তি তথা মহামাৰী ক'ৰণাৰ পৰা পৰিত্ৰাণ বিচাৰি যজ্ঞৰ আয়োজন
author img

By

Published : Jun 10, 2020, 6:54 PM IST

টিয়ক,১০ জুন : বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে ক'ৰণা মহামাৰীৰ যি ভয়াৱহতা আৰু সংহাৰী ৰূপে দেখা দিছে তাৰ পৰা পৰিত্ৰাণ বিচাৰি আৰু বিশ্ব শান্তিৰ বাবে বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে যোৰহাটৰ চটাইস্থিত দক্ষিণপাট গৃহ আশ্ৰমী সত্ৰৰ শ্ৰীশ্ৰী ৰামানন্দ দেৱ ক্ষেত্ৰত এভাগী শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ যজ্ঞৰ আয়োজন কৰা হৈছে । দক্ষিণপাট গৃহ আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ দেৱগোস্বামীৰ প্ৰত্যক্ষ সহযোগত প্ৰতি বছৰে চ'ত মাহত অনুষ্ঠিত হৈ আহিছিল এই যজ্ঞভাগ । কিন্তু চলিত বৰ্ষত ক'ৰণা মহামাৰীৰ সন্ত্ৰাসৰ বাবে যথা সময়ত এই বিশেষ যজ্ঞভাগ অনুষ্ঠিত নকৰি কিছু পলমকৈ বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বিশ্ব শান্তি তথা ক'ৰণা নিৰ্মূলৰ বাবে সত্ৰই ঈশ্বৰৰ ওচৰত সেৱা আগবঢ়াইছে।

narayan yagya organised at tiok
বিশ্ব শান্তি তথা মহামাৰী ক'ৰণাৰ পৰা পৰিত্ৰাণ বিচাৰি যজ্ঞৰ আয়োজন

উল্লেখযোগ্য যে সম্পূৰ্ণ সামাজিক দুৰত্ব বৰ্তাই ৰাখি 21 গৰাকী পুৰোহিতৰ পৰিৱৰ্তে 7 গৰাকী পুৰোহিতেৰে এই যজ্ঞভাগি অনুষ্টুপীয়াকৈ অনুস্থিত কৰা পৰিলক্ষিত হয় ।

সমান্তৰালকৈ তিনিচুকীয়াৰ বাঘজানত সংঘটিত গেছ নিৰ্গমণ আৰু বিস্ফোৰণৰ ভয়াৱহ ঘটনাৰ ফলত জীৱকুল তথা পৰিৱেশৰ যি ক্ষতি হৈছে তাৰো উপশম বিচাৰি ভগৱানৰ চৰণত এই মহা যজ্ঞতে সেৱা জনাইছে উপস্থিত ভকত বৈষ্ণৱে।

লগতে চাওকঃ ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ: শিৱানীৰ গৃহত বিধায়িকা আঙুৰলতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.