ETV Bharat / state

অসম-নগালেণ্ড সীমান্তৰ এখন সম্প্ৰীতিৰ ভলীবল খেল - volleyball

অসম নগালেণ্ড সীমান্তত বিভিন্ন সময়ত সংঘাতৰ সূত্ৰপাত হৈ থকাৰ মাজতে এখন ভলীবল খেলে সীমান্তলৈ কঢ়িয়াই আনিছে সম্প্ৰীতিৰ বতৰা ৷ 18 বছৰে অনুষ্ঠিত হৈ অহা সম্প্ৰীতিৰ এই ভলীবল খেলখন এইবাৰ অনুষ্ঠিত হৈছে অসম নগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চল বান্দৰচলিয়াত ৷ নগা আৰু অসমীয়াৰ মুঠ ২৬টা দলে অংশগ্ৰহণ কৰা খেল খনে দুয়োখন ৰাজ্যৰে বিবাদৰ নিষ্পত্তি কৰিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে ৷

naga assamese friendly volleyball match
এখন ভলীবল খেলে অসম নগালেণ্ড সীমান্তলৈ কঢ়িয়াই আনিছে সম্প্ৰীতিৰ বতৰা
author img

By

Published : Jan 5, 2021, 7:07 PM IST

Updated : Jan 6, 2021, 7:20 PM IST

যোৰহাট, 5 জানুৱাৰী: দীৰ্ঘদিনে অসম নগালেণ্ড সীমান্তত হৈ থকা সীমা বিবাদৰ পাচতে সীমান্তত অনুষ্ঠিত এখন ভলী বল খেলে কঢ়িয়াই আনিছে আশাৰ বতৰা ৷ দুইখন ৰাজ্যৰ মাজত বিভিন্ন সময়ত সংঘাতৰ সূত্ৰপাত হৈ থকাৰ মাজতে শান্তি আৰু সমম্বয়ৰ বাৰ্তা লৈ আনিছে তিতাবৰৰ অসম নগালেণ্ডৰ সীমান্তত অনুষ্ঠিত নগা অসমীয়াৰ বন্ধুত্বমূলক ভলীবল খেল খনে ৷ বিগত 18 বছৰে অনুষ্ঠিত হৈ অহা সম্প্ৰীতিৰ এই ভলীবল খেলখন এবাৰ যদি অসমত,আনবাৰ অনুষ্ঠিত হয় নগালেণ্ডত । এই খেল খনেই দুয়োখন ৰাজ্যৰ শান্তি আৰু সমম্বয়ৰ এনাজৰী ।

অসম-নগালেণ্ড সীমান্তৰ এখন সম্প্ৰীতিৰ ভলীবল খেল

উল্লেখ্য যে,আন বছৰৰ দৰে এইবছৰো ভলীবল খেলখন অনুষ্ঠিত হৈছে অসম নগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চল বান্দৰচলিয়াত ৷ নগা আৰু অসমীয়াৰ মুঠ ২৬টা দলে অংশগ্ৰহণ কৰা খেল খনক লৈ আশাবাদী সীমান্তবাসী ৷ ক্ৰীড়াৰ জৰিয়তে সম্প্ৰীতি গঢ়া এই খেলখনক লৈ উৎফুল্লিত দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত বাস কৰা লোকসকল ৷ এইখেল খনৰ দ্বাৰা দুয়োখন ৰাজ্যৰে বিবাদৰ নিষ্পত্তি হ'ব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে ৷

লগতে পঢ়ক : গুৱাহাটীৰ বিখ্যাত গগৈ পৰ্ক আৰু ইয়াৰ আঁৰৰ ব্যক্তিজন

Last Updated : Jan 6, 2021, 7:20 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.