ETV Bharat / state

অসমৰ ভূমিত নগা সংগঠনৰ আগ্ৰাসন

author img

By

Published : Aug 6, 2021, 9:19 PM IST

সংৰক্ষিত বনাঞ্চলত নগাৰ 'আও ষ্টুডেণ্ট ইউনিয়নে' স্থাপন কৰিলে সংগঠনটোৰ ফলক । বন বিভাগে মৰিয়নী আৰক্ষীৰ সহযোগত অৱশেষত নাম ফলক উচ্ছেদ কৰিবলৈ সক্ষম হয় ।

naga aggression
অসমৰ ভূমিত নগা সংগঠনৰ আগ্ৰাসন

যোৰহাট,৬ আগষ্ট : উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সীমা বিবাদকলৈ (Border dispute) ইতিমধ্যে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে । সীমা সমস্যা যাতে সমাধান হয় তাৰ বাবেও ৰাজ্য কেইখনৰ মাজত আলোচনা চলি আছে । তেনে সময়তে অসম-মিজোৰাম সীমান্তত (Assam Mizoram Border dispute) যি ঘটনা সংঘটিত হৈ গ'ল সেয়া সকলোৰে বাবে উদ্বেগৰ খবৰ ।

ইফালে নাগালেণ্ডৰ লগতো দীৰ্ঘদিন ধৰি সীমাকলৈ বিবাদ অব্যাহত আছে । শেহতীয়াকৈ এই সন্দৰ্ভত অসম আৰু নাগালেণ্ড চৰকাৰৰ মাজত বিশেষ চুক্তিও সম্পন্ন হৈছে । কিন্তু লক্ষণীয়ভাৱে ইমানৰ পাছতো অসমৰ ভূমিত নগাৰ আগ্ৰাসন (Naga aggression) অব্যাহত আছে । এইবাৰ অসমৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত (Dissoi valley reserve forest) নগাই আগ্ৰাসনৰ চেষ্টা চলাইছে ।

সংৰক্ষিত বনাঞ্চলখনত নগাৰ 'আও ষ্টুডেণ্ট ইউনিয়নে' (Ao student's Conference) স্থাপন কৰিলে সংগঠনটোৰ ফলক । নগা সংগঠনটোৰ এই কাৰ্যই এতিয়া চিন্তাত পেলাইছে অসমৰ সীমান্তৱৰ্তী গাঁৱৰ ৰাইজক । ইফালে সীমা বিবাদকলৈ আলোচনা চলি থকাৰ মাজতে অসমৰ ভূমিত নগা সংগঠনে ফলক লগাই থৈ যোৱা কাৰ্যকলৈ সমগ্ৰ অঞ্চলতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ।

অসমৰ ভূমিত নগা সংগঠনৰ আগ্ৰাসন

অৱশ্যে ফলকৰ বিষয়ে লগে লগে স্থানীয় ৰাইজে আৰক্ষী আৰু বনবিভাগক অৱগত কৰে । বন বিভাগে মৰিয়নী আৰক্ষীৰ সহযোগত অৱশেষত নাম ফলক উচ্ছেদ কৰিবলৈ সক্ষম হয় । কিন্তু মৰিয়নী নিউ সোণোৱাল খণ্ড বন বিষয়াৰ কাৰ্যালয় আৰু অসম সীমান্ত আৰক্ষী বাহিনী ছাউনীৰ নাতিদূৰৈত অসমৰ ভূমিত এনেদৰে নগা সংগঠনে ফলক স্থাপন কৰাকলৈ ক্ষোভিত হৈ পৰিছে বিভিন্ন দল সংগঠন । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ (KMSS) লগতে আন দল সংগঠনসমূহে নগাৰ এই কাৰ্যক গৰিহণা দিয়ে ।

লগতে ভৱিষ্যতে এনে কাৰ্য নকৰিবলৈ সকীয়াই দিয়ে । এই ক্ষেত্ৰত অসম চৰকাৰ তথা প্ৰশাসনৰ ভূমিকাৰ ওপৰতো প্ৰশ্ন তোলে সংগঠনসমূহে । তেওঁলোকৰ দাবী প্ৰশাসনৰ অৱহেলাৰ বাবে নগাই এই কাৰ্য সংঘটিত কৰিব পাৰিলে । আনকি ইয়াৰ পাছত এতিয়া নিৰাপত্তাহীনতাত ভুগিছে সেই অঞ্চলৰ ৰাইজ ।

লগতে পঢ়ক :যোৰহাটত এগৰাকী সচিবে দায়িত্ব ল'বলগীয়া হৈছে কেইবাখনো পঞ্চায়তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.