ETV Bharat / state

কলিয়াপানীস্থিত আউনীআটী সত্ৰত শুভাৰম্ভণি দুৰ্লভ সম্পদৰ সংগ্ৰহালয়

শুকুৰবাৰে যন্ত্ৰসহিতে বহু সংখ্যক দুৰ্লভ সম্পদ সংগৃহীত এটা সংগ্ৰহালয় টীয়কৰ কলিয়াপানীস্থিত আউনীআটী সত্ৰৰ প্ৰাংগণত শুভাৰম্ভণি কৰা হয় ৷

museum inaugurated in teok
museum inaugurated in teok
author img

By

Published : Jun 5, 2020, 8:30 PM IST

টীয়ক, 5 জুনঃ শুকুৰবাৰে ঐতিহাসিক শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ একাদশ সত্ৰাধিকাৰ বৈকুণ্ঠী দেৱদত্তদেৱ গোঁসাই ঈশ্বৰৰ দ্বাৰা প্ৰতিষ্ঠিত,যোৰহাট ভট্টাচাৰ্য পৰিয়ালৰ যোগেদি প্ৰাপ্ত ধৰ্ম প্ৰকাশ যন্ত্ৰসহিতে বহু সংখ্যক দুৰ্লভ সম্পদ সংগৃহীত এটা সংগ্ৰহালয় টীয়কৰ কলিয়াপানীস্থিত আউনীআটী সত্ৰৰ প্ৰাংগণত শুভাৰম্ভণি কৰা হয় ৷ ১৮৬৯ চনত ইংলেণ্ডত তৈয়াৰ কৰা ছপা যন্ত্ৰ কলিকতাৰ পৰা সংগ্ৰহ কৰি এই সত্ৰলৈ অনা হৈছিল ৷ সংগৃহীত এই সম্পদ সমূহৰ ভিতৰত পৌৰাণিক বিবাহ কাৰ্যত ব্যৱহৃত দোলা,পিতলৰ শৰাই, সিংহাসন,হাতী দাঁতৰ খৰম, হাতী দাঁতৰ জপা,সাঁচিপাতৰ পুথি, ফুল বচা ৰূপৰ শৰাই, কাঠৰ কৃষ্ণ মূৰ্তি, ৰূপৰ বান বাতি, ৰূপৰ ঢগধগী লোটা, কাঁহৰ ৰজা দিনীয়া বৰথাল আদিকে ধৰি প্ৰায় তিনিশৰো অধিক দুষ্প্ৰাপ্য সম্পদ দর্শনাৰ্থীয়ে চাব পৰাকৈ সুব্যৱস্থা কৰা হৈছে ৷

কলিয়াপানীস্থিত আউনীআটী সত্ৰত শুভাৰম্ভণি দুৰ্লভ সম্পদৰ সংগ্ৰহালয়

উক্ত অনুষ্ঠান শুভাৰম্ভ কৰে সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ উপস্থিত থকা উদ্বোধনী অনুষ্ঠানটিত,যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগৰ লগতে শ্ৰীশ্ৰী পুনিয়া সত্ৰৰ নীলমণি গোস্বামী,টুৱাৰাম খনিকৰ,অনন্ত শৰ্মা,ৰাজু দাসকে ধৰি ভালে সংখ্যক বৈষ্ণৱ ভক্ত উপস্থিত থাকে ৷ কৰ'ণা মহামাৰী সংক্ৰমণৰ বাবে সামাজিক দুৰত্ব বজাই ৰাখি চৰকাৰী সকলো নীতি নিৰ্দেশনা অৱলম্বন কৰি সমগ্ৰ অনুষ্ঠানটি অনুষ্ঠিত কৰা হৈছে ৷ সত্ৰাধিকাৰ আৰু আছুৰ সাধাৰণ সম্পাদক দুয়োগৰাকী ব্যক্তিয়ে এই সংগ্ৰহালয়লৈ কোনো ব্যক্তিৰ ঘৰত থকা ঐতিহাসিক সমল মুক্তহস্তে দান কৰি সংগ্ৰাহলয়টি আৰু অধিক আকৰ্ষণীয় কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়কঃ কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ পৰিৱেশ সম্পৰ্কীয় গীত মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.