ETV Bharat / state

Missing student rescued: মৰিয়নিত উদ্ধাৰ কটনৰ সন্ধানহীন ছাত্ৰ সূৰ্য নাৰায়ণ দাস

মৰিয়নি ৰে’ল ষ্টেচনত উদ্ধাৰ হ’ল গুৱাহাটীৰ পৰা নিৰুদ্দেশ হোৱা কটন বিশ্ববিদ্যায়ৰ ছাত্ৰ সূৰ্য নাৰায়ণ দাস ৷ বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ পৰা নিৰুদ্দেশ হৈছিল ছাত্ৰজন (Cotton university student missing) ৷ কিন্তু কেনেকৈ তেওঁ গুৱাহাটীৰ পৰা মৰিয়নি পালেগৈ সেই সম্পৰ্কে অজ্ঞতা প্ৰকাশ কৰিছে সংবাদমাধ্যমৰ আগত ৷

author img

By

Published : Feb 25, 2023, 7:15 AM IST

Missing student rescued
Missing student rescued
মৰিয়নত উদ্ধাৰ হ’ল কটনৰ সন্ধানহীন ছাত্ৰ সূৰ্য নাৰায়ণ দাস

যোৰহাট, 25 ফেব্ৰুৱাৰী: গুৱাহাটীৰ পৰা নিৰুদ্দেশ হোৱা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰক উদ্ধাৰ মৰিয়নি ৰে’ল ষ্টেচনত ৷ শুকুৰবাৰে নিশা আৰক্ষীয়ে উদ্ধাৰ কৰে নিৰুদ্দেশ হৈ থকা সূৰ্যনাৰায়ণ দাস নামৰ ছাত্ৰজনক (Cotton university student missing) ৷ কিন্তু ছাত্ৰজন কেনেকৈ গুৱাহাটীৰ পৰা মৰিয়নি পালেগৈ সেয়া বৰ্তমানেও আছে ৰহস্যৰ আৱৰ্তত ৷

ছাত্ৰজনে অৱগত কৰা অনুসৰি বৃহস্পতিবাৰে নিশা প্ৰায় 9 বজাত কটন বিশ্ববিদ্যালয়ৰ শ্বহীদ মুজাম্মিল ছাত্ৰাবাসত বন্ধুৰ সৈতে আহাৰ গ্ৰহণ কৰি উজান বজাৰস্থিত বি আৰ আম্বেদকাৰ ভৱনত থকা ভাৰাঘৰলৈ তেওঁ গৈ আছিল ৷ কিন্তু ফুড ভিল্লাৰ সমীপত উপস্থিত হোৱাৰ পাচৰে পৰা কোনো কথা মনত নাই বুলি উল্লেখ কৰিছে সূৰ্যনাৰায়ণ দাসে (Surya Narayan Das missing from Guwahati) ৷ ফুড ভিল্লাৰ সমীপৰ পৰা ৰে’লযোগে কেনেকৈ মৰিয়নি ষ্টেচন পালেগৈ সেই সম্পৰ্কেও অজ্ঞতা প্ৰকাশ কৰিছে ছাত্ৰজনে ৷

ইফালে, ছাত্ৰজন নিৰুদ্দেশ হোৱাৰ খবৰ প্ৰেৰণ কৰা হৈছিল সকলো থানালৈ ৷ সেই খবৰৰ ভিত্তিতে মৰিয়নি আৰক্ষীয়ে ৰে’ল আৰক্ষীৰ সহায়ত ষ্টেচনটোত ৰাখিছিল নজৰ ৷ আনহাতে, মৰিয়নি ষ্টেচনৰ সমীপৰ এটা কলনীত পৰি আছিল বুলি উল্লেখ কৰিছে ছাত্ৰজনে ৷ পৰৱৰ্তী পৰ্যায়ত সংজ্ঞা ঘূৰি অহাত ৰে’লৰ টিকট কাটি পুনৰ গুৱাহাটীলৈ যাত্ৰা কৰিবলৈ ষ্টেচনত অপেক্ষা কৰি আছিল সূৰ্যনাৰায়ণ দাসে ৷ সেই সময়তে মৰিয়নি আৰক্ষী তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হয় (cotton university student rescued in Moriani) ৷

উল্লেখ্য যে, ছাত্ৰজনে লগত থকা ম’বাইল ফোন আৰু বেগটো নাই বুলি উল্লেখ কৰিছে সংবাদমাধ্যমৰ আগত ৷ যাৰ বাবে কোনো লোকে ছাত্ৰজনক নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই লুটপাট চলোৱা বুলি সন্দেহ কৰা হৈছে ৷ কিন্তু এতিয়াও স্পষ্ট হোৱা নাই কিদৰে ছাত্ৰজন উপস্থিত হ’লহি মৰিয়নিত ৷ ইফালে, ছাত্ৰজনক নিবৰ বাবে মৰিয়নিত উপস্থিত হয়গৈ তেওঁৰ পিতৃ-মাতৃ ৷

বৃহস্পতিবাৰে নিশা ছাত্ৰজন সন্ধানহীন হোৱাৰ পাচতেই শুকুৰবাৰে পুৱা লটাশিল থানাত ৰুজু কৰা হৈছিল সন্ধানহীন হোৱাৰ গোচৰ ৷ সেই গোচৰ লাভ কৰিয়েই সকলো থানালৈ প্ৰেৰণ কৰা হৈছিল খবৰ (cotton university student missing case) ৷ এই বাৰ্তাৰ পাছতে আৰক্ষী থানাসমূহেও বিভিন্ন স্থানত চোকা নজৰ ৰাখিছিল ৷

কটন বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ আছিল সূৰ্য নাৰায়ণ দাস ৷ ছাত্ৰজন সন্ধানহীন হৈ পৰাৰ খবৰে ৰাজ্যজুৰি সৃষ্টি কৰিছিল চাঞ্চল্যৰ ৷ লগতে, কটনৰ ছাত্ৰাবাসত সৃষ্টি হৈছিল এক হুৱাদুৱা পৰিৱেশৰ ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে সম্প্ৰতি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

লগতে পঢ়ক: Guwahati Double Murder: অমৰজ্যোতিৰ ঘৰত কেয়াৰ টেকাৰ হিচাপে আছিল বন্দনা; ৰচিছিল সম্পত্তিৰ গৰাকী হোৱাৰ অভিসন্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.