ETV Bharat / state

Miscrents Terror at Dergaon: দেৰগাঁৱত ব্ৰইলাৰ কঢ়িওৱা বাহনত দুৰ্বৃত্তৰ আক্ৰমণ, চিকিৎসাধীন গাড়ী চালক

author img

By

Published : May 31, 2023, 5:32 PM IST

ব্ৰইলাৰক লৈ দেৰগাঁৱত সংঘটিত হ’ল এক অনাকাংক্ষিত ঘটনা ৷ দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ব্ৰইলাৰ কঢ়িওৱা বাহনৰ চালক (Miscrents Terror at Dergaon) ৷

Miscrents Terror at Dergaon
দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন
দুৰ্বৃত্তৰ আক্ৰমণ

যোৰহাট, 31 মে’: ৰাজ্যত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে ব্ৰইলাৰ মাংসৰ দাম ৷ অত্যাধিক দাম বৃদ্ধিৰ বাবেই এতিয়া একাংশই খাদ্যৰ তালিকাৰ পৰা বাদ দিবলৈ বাধ্য হৈছে ব্ৰইলাৰ মাংস ৷ ইয়াৰ মাজতেই ব্ৰইলাৰক লৈ সংঘটিত হ’ল এক অনাকাংক্ষিত ঘটনা (Miscrents Attack Vehicles carrying broilers in Dergaon) ৷

ব্ৰইলাৰৰ বাবেই সংঘটিত হ'ল ৰক্তক্ষয়ী সংঘাত ৷ মঙলবাৰে নিশাৰ ভাগত দেৰগাঁৱৰ নেঘেৰিটিংত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ব্ৰইলাৰ কঢ়িওৱা বাহনৰ চালক (Miscrents Terror at Dergaon) ৷

জানিব পৰা মতে মঙলবাৰে নিশা দেৰগাঁও টাউনৰ দিশে গৈ আছিল দুখন ব্ৰইলাৰ ভৰ্ত্তি গাড়ী ৷ কিন্তু এখন গাড়ীত ব্ৰইলাৰৰ ওজন বেছি হোৱাত নেঘেৰিটিং চাৰিআলিত দুয়োখন বাহন ৰখাই এখন গাড়ীৰ পৰা আন এখন গাড়ীলৈ কঢ়িয়াই আছিল ব্ৰইলাৰ সমূহ ৷ হঠাৎ সেই সময়তে উপস্থিত হয় কেইটামান দুৰ্বৃত্ত ৷ দুৰ্বৃত্ত কেইটাই গাড়ীৰ চালকক দাবী কৰে কেইটামান ব্ৰইলাৰ (Miscrents Attack Vehicles in Dergaon) ৷

কিন্তু দুৰ্বৃত্ত কেইটাই দাবী কৰা ব্ৰইলাৰ দিবলৈ অমান্তি হয় ব্ৰইলাৰ কঢ়িওৱা গাড়ী চালকে ৷ দাবী কৰা মতে ব্ৰইলাৰ নোপোৱা বাবেই দুৰ্বৃত্ত কেইটাই প্ৰচণ্ডভাৱে প্ৰহাৰ কৰি গুৰুতৰ ভাৱে আহত কৰে গাড়ীৰ চালকক ৷ অৱশ্যে স্থানীয় সচেতন লোকৰ তৎপৰতাত ৰক্ষা পৰে গাড়ী চালক আৰু সহায়কসকল (Miscrents Attack in Dergaon) ৷

ৰাইজৰ খবৰৰ ভিত্তিত ততাতৈয়াকৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে গাড়ীৰ চালক আৰু সহকাৰীকেইজনক ৷ আহত গাড়ীৰ চালক জনক আৰক্ষীয়ে তৎপৰতাৰে ভৰ্তি কৰে দেৰগাঁৱৰ 30 খন বিচনাযুক্ত চিকিৎসালয়ত ৷ ব্ৰইলাৰৰ বাবেই নিশাৰ ভাগত সৃষ্টি হোৱা এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷ ইতিমধ্যে দুৰ্বৃত্তৰ সন্ধানত নামি পৰিছে দেৰগাঁও আৰক্ষী ৷

লগতে পঢ়ক: Illegally stored PDS rice seized: ডিগবৈত জব্দ অবৈধভাৱে মজুত ৰখা সুলভ মূল্যৰ চাউল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.