ETV Bharat / state

Jogen Mohan visits Jorhat fire site: যোৰহাট অগ্নিকাণ্ডৰ স্থান পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ - যোৰহাটৰ অগ্নিকাণ্ড

দেওবাৰে যোৰহাটৰ অগ্নিকাণ্ডৰ স্থান পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ ৷ যিসমূহ কাৰণৰ বাবে অগ্নিকাণ্ড সংঘটিত হৈছিল সেয়া পৰ্যবেক্ষণৰ বাবে জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে । আনহাতে যিসমূহ আৱাস গৃহ গৰাকীয়ে নীতি-নিয়ম জলাঞ্জলি দি নিৰ্মাণ কৰিছিল সেয়াও পৰ্যবেক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰী মহনে (Minister Jogen Mohan) ৷

Minister Jogen Mohan visits Jorhat fire site
যোৰহাট অগ্নিকাণ্ডৰ স্থান পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ
author img

By

Published : Dec 25, 2022, 10:36 PM IST

যোৰহাট অগ্নিকাণ্ডৰ স্থান পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ

যোৰহাট, 25 ডিচেম্বৰ: যোৰহাটৰ মাৰোৱাৰীপট্টিত সংঘটিত হোৱা অগ্নিকাণ্ডৰ স্থান দেওবাৰে পৰিদৰ্শন কৰে ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনে (Jogen Mohan visits Jorhat fire site) ৷

মন্ত্ৰীগৰাকীয়ে অগ্নিকাণ্ডৰ স্থান পৰিদৰ্শন কৰি সাংবাদিকৰ আগত কয়- "এই অগ্নিকাণ্ডৰ ফলত বহু লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি হৈছে ৷ জিলা প্ৰশাসনে তৎপৰতাৰে দুদিনৰ ভিতৰত জুই নুমুৱাবলৈ সক্ষম হৈছে ৷ যিহেতু অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত বিধানসভাৰ শীতকালীন অধিৱেশন চলি আছিল ৷ গতিকে অধিৱেশনৰ পৰাই ঘটনাৰ খবৰ লৈ আছিলো ৷ এতিয়া মূল কথা হৈছে যিবিলাক কাৰণত এনেকুৱা অগ্নিকাণ্ড সংঘটিত হয় সেই কাৰণবোৰ জানি আমি ইয়াৰ সমাধান উলিয়াব লাগিব (Reason of Jorhat fire incident)"৷

লগতে মন্ত্ৰীগৰাকীয়ে কয়,"এনেধৰণৰ অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰিবলৈ ইয়াৰ ওপৰত পৰ্যালোচনা কৰিব লাগিব ৷ APDCL অথবা যোগান বিভাগৰ লগত বৈঠক অনুষ্ঠিত কৰি আলোচনা কৰিব লাগিব ৷ প্ৰত্যকগৰাকী ব্যৱসায়ীয়ে নিজৰ ব্যৱসায়ৰ বীমা কৰিব লাগে ৷ তেতিয়া ক্ষতিপূৰণটো অন্তত ক্ষতিগ্ৰস্তলোকসকলে পাই যাব ৷ দুৰ্যোগ ব্যৱস্থাপনাৰ নিয়ম অনুসৰি এক লাখ বিশ হাজাৰ টকা দি সহায় কৰিব পৰা যাব ক্ষতিগ্ৰস্ত লোকসকলক ৷ এই টকাৰে ব্যৱসায়ীসকলক আমি কিছু সকাহ দিব পাৰিম ৷ আনহাতে যিসমূহ আৱাসগৃহ গৰাকীয়ে নীতি-নিয়ম জলাঞ্জলি দি নিৰ্মাণ কৰিছিল সেয়াও পৰ্যবেক্ষণ কৰা হ’ব ৷ "

উল্লেখযোগ্য যে যোৱা ২১ ডিচেম্বৰ নিশা ১০.১৫ বজাত যোৰহাট নগৰৰ মাজমজিয়াস্থিত মাৰোৱাৰীপট্টিত সংঘটিত হৈছিল এই ভয়ংকৰ অগ্নিকাণ্ড (Jorhat Fire Incident) । নিমিষতে ছাই হৈ গৈছিল বহুকেইখন দোকান ৷ প্ৰথম অৱস্থাত অগ্নি নিৰ্বাপক বাহিনীৰ লগতে স্থানীয় ৰাইজৰ বহু প্ৰচেষ্টাইও নুমুৱাব পৰা নাছিল জুই ৷

গোলাঘাট, শিৱসাগৰ, যোৰহাটৰ লগতে বায়ু সেনা বাহিনী, ভাৰতীয় সেনা আৰু অ’ এন জি চিৰ শতাধিক অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়েও জুই নুমুৱাবলৈ সফল হ’ব পৰা নাছিল ৷ ফলত জুইৰ লেলিহান শিখা বিয়পি পৰিছিল সমগ্ৰ অঞ্চললৈ ৷ চহৰখনৰ মাজমজিয়াত সংঘটিত এই অগ্নিকাণ্ড এখনৰ পাছত আন এখন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাসগৃহলৈ সম্প্ৰসাৰিত হৈছিল (Losses in Jorhat fire) ।

অগ্নিকাণ্ডৰ ফলত সহস্ৰাধিক ব্যৱসায়িক প্ৰতিষ্ঠান আৰু কেইৱাটাও বহু মহলীয়া অট্টালিকা জুইত জাহ গৈছিল (Losses in Jorhat fire) । মুহূৰ্ততে ধ্বংসস্তুপত পৰিণত হৈছিল বৃহৎ এলেকাটো । এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ৫০ কোটিৰো অধিক টকা সা-সম্পত্তি জাহ গৈছিল । এই জুই ইমানেই ভয়াৱহ আছিল যে জুই নিৰ্বাপিত কৰিবলৈ অগ্নিনিৰ্বাপক বাহিনীক সময় লাগিছিল ৩০ ঘন্টাৰো অধিক আৰু জুই নুমুৱালৈ ব্যৱহাৰ কৰাৰ হৈছিল আধুনিক প্ৰযুক্তি ৷ কাষৰীয়া জিলাৰ লগতে কেন্দ্ৰীয় সংস্থা,অ এন জি চিৰ, নুমলীগড় ৰিফাইনেৰী আদিৰ অগ্নিনিৰ্বাপক বাহিনীৰো সহায় লোৱা হৈছিল ৷

যোৰহাট নগৰৰ এই অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়া হৈছে দুৰ্যোগ প্ৰশমন বিভাগৰ দায়িত্বত থকা জিলাখনৰ অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনক ৷

লগতে পঢ়ক: Jorhat Fire Incident: যোৰহাটৰ অগ্নিকাণ্ডই লৈছে ভয়ংকৰ ৰূপ, অলৰ-অচৰ জ্যোতিপ্ৰসাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.