ETV Bharat / state

পুঠি নৈৰ বানে সংহাৰী ৰূপ ধাৰণ কৰিছে টীয়কত - পুঠি নৈৰ বান

পুঠি নৈৰ বাঢ়নী পানীয়ে মথাউৰিৰ কেইবাটাও অংশ ছিঙি নিয়াৰ ফলত টীয়কত বানে বিধ্বস্ত কৰিছে বিস্তৰ অঞ্চল ৷

massive flood in teok
massive flood in teok
author img

By

Published : Jun 18, 2020, 7:28 PM IST

টীয়ক, 18 জুনঃ পুঠি নৈৰ বানে টীয়কত ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ বুধবাৰে নিশা অহা এজাক বৰষুণত সৃষ্ট পুঠি নৈৰ বাঢ়নী পানীয়ে এতিয়া বিপদ নমাই আনিছে কুৰি খনৰো অধিক গাঁৱলৈ ৷ পুঠি নৈৰ দুয়োকাষৰ মথাউৰি বিগত সময়ত মেৰামতি কৰা হৈছিল যদিও, মেৰামতিৰ বাবে অহা ধনৰাশি কম হোৱাৰ বাবে মজবুতকৈ মথাউৰি মেৰামতি কৰিব নোৱাৰৰ ফলতে বানে গাঁওবাসীৰ বিস্তৰ ক্ষতিসাধন কৰা বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে ৷

পুঠি নৈৰ বানে সংহাৰী ৰূপ ধাৰণ কৰিছে টীয়কত

নৈৰ বাঢ়নী পানীয়ে মথাউৰিৰ কেইবাটাও অংশ ছিঙি নিয়াৰ ফলত কৃষি ভূমিকে ধৰি ৰাইজৰ ঘৰৰ ভিতৰত পানী সোমাইয়ো বিস্তৰ ক্ষতিসাধন কৰিছে ৷ ইয়াৰোপৰি আকস্মিকভাৱে অহা বাঢ়নী পানীৰ ফলত ৰাইজৰ মাজত এতিয়া দেখা দিছে খাদ্যৰ নাটনিয়ে ৷ এতিয়া অনতি পলমে মথাউৰিটো কটকটীয়াকৈ মেৰামতি কৰিবলৈ ৰাইজে চৰকাৰক আহ্বান জনাইছে ৷ ৰাইজৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পীড়াকটা আঞ্চলিক সমিতিয়ে চৰকাৰক আহ্বান জনাইজে ৰাইজক এই বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ ৷ উল্লেখ্য যে, এনে পৰিস্থিতিৰ মাজতো স্থানীয় জন প্ৰতিনিধি তথা প্ৰশাসনৰ লোকে ৰাইজৰ খবৰ নোলোৱাতো ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে ৷

লগতে পঢ়কঃ চিয়াঙৰ বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে জোনাইত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.