ETV Bharat / state

চাইকেল চলাই গৈ মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান ৰূপজ্যোতিৰ

author img

By

Published : Jul 16, 2020, 8:20 AM IST

সীমান্তত নগাৰ অবৈধ বেদখল উচ্ছেদ আৰু মগ্ৰৈ বিঅপি নিৰ্মানৰ দাবীত চাইকেল চলাই গৈ মুখ্যমন্ত্ৰীক স্মাৰক প্ৰদান কৰে ৰূপজ্যোতি কুৰ্মীয়ে ।

চাইকেল চলাই গৈ মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান ৰূপজ্যোতিৰ
চাইকেল চলাই গৈ মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান ৰূপজ্যোতিৰ

মৰিয়নী, 16 জুলাই : মৰিয়নীৰ বিধায়ক ৰূপজ্যোতিৰ কুৰ্মীয়ে পুনৰবাৰ চাইকেল চলাই এক প্ৰতিবাদ সাব্যস্ত কৰে । মৰিয়নীৰ পৰা প্ৰায় 40 কিলোমিটাৰ পথ চাইকেল চলাই বুধবাৰে টীয়ক থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰিবলৈ অহা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক এক স্মাৰক প্ৰদান কৰে বিধায়কগৰাকীয়ে ।

উল্লেখ্য যে, অসম নাগালেণ্ড সীমান্তৱৰ্তী মৰিয়নিৰ তিনিখন সংৰক্ষিত বনাঞ্চলত নগাৰ অবাধ বেদখলে মৰিয়নী সমষ্টিৰ জনগণৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । শেহতীয়াকৈ নগাই মৰিয়নীৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত পকী দলং নিৰ্মাণ কৰি পুনৰবাৰ অসমৰ নিজৰ আধিপত্য সাব্যস্ত কৰিছে । সমান্তৰালভাৱে মৰিয়নী সমষ্টিৰ অন্তৰ্গত দিছৈ, দিছৈ ভেলী আৰু তিৰুহিলছ সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 90 শতাংশ ভূমি নগাই অবাধ বেদখল কৰাৰ পাছতো অসম চৰকাৰে এই বেদখল উচ্ছেদ কৰিবলৈ কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক গৰাকীয়ে ।

আনফালে অসম চৰকাৰে অসমবাসীক নগাৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবলৈ মৰিয়নী সমষ্টিৰ মগ্ৰৈ গাৱঁত 2016-17 চনতে এটা বিঅপি নিৰ্মানৰ প্ৰচেষ্টা চলাইছিল । অসম চৰকাৰে অসমৰ ৰাজহ ভূমিত নিৰ্মাণ কৰিবলৈ লোৱা বিঅপিতো নগাৰ উপদ্ৰৱত প্ৰশাসন তথা অসম আৰক্ষীয়ে পিছ হুহুকি অহাৰ ফলত আজিকোপতি ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ নহ'ল । মৰিয়নীৰ সীমান্তত অসমৰ সংৰক্ষিত বনাঞ্চল তিনিখনত অব্যাহত থকা নগাৰ বেদখল উচ্ছেদ আৰু নগাৰ ভাবুকিত বন্ধ হৈ থকা মগ্ৰৈ বিঅপি শীঘ্ৰে নিৰ্মাণ কৰাৰ দাবীৰে এক স্মাৰকপত্ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰদান কৰে ।

লগতে পঢ়কঃ অখিল গগৈক মুক্তি দিবলৈ আহ্বান প্ৰফুল্ল কুমাৰ মহন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.