ETV Bharat / state

মৰিয়নীত বন্য হস্তীৰ আক্ৰমণঃ আহত বন কৰ্মী

সোমবাৰে বিয়লি খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ এটা বৃহৎ পালে ইয়াৰ দাতিকাষৰীয়া অঞ্চলত প্ৰৱেশ কৰি মঙলবাৰে পুৱা পুনৰ অভয়াৰণ্যলৈ উভতি যায় যদিও হাতীৰ পালটোৰ পৰা  বিছিন্ন হৈ এটা হাতী মৰিয়নীৰ সমীপৱৰ্তী শিঙৰীবিলৰ দাতিৰ এটা জোপোহানিত থাকি যায়। তাৰপিচতে হাতীটোৱে তাণ্ডৱ চলাই অঞ্চলটোত ৷

author img

By

Published : Aug 13, 2019, 10:02 PM IST

Updated : Aug 13, 2019, 10:12 PM IST

মৰিয়নীত বন্য হস্তীৰ আক্ৰমণঃ আহত বন কৰ্মী

মৰিয়নী,13 আগষ্টঃ মৰিয়নীস্থিত হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্য পৰা খাদ্যৰ সন্ধানত নিতৌ জনাঞ্চল প্ৰৱেশ কৰা বন্য হস্তীৰ পালে ইয়াৰ দাতিকাষৰীয়া অঞ্চলৰ ৰাইজক ত্ৰাহি মধুসূধন সোঁৱৰাই আহিছে দীৰ্ঘদিনধৰি । সোমবাৰে বিয়লি খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ এটা বৃহৎ পালে ইয়াৰ দাতিকাষৰীয়া অঞ্চলত প্ৰৱেশ কৰি মঙলবাৰে পুৱা পুনৰ অভয়াৰণ্যলৈ উভতি যায় যদিও হাতীৰ পালটোৰ পৰা বিছিন্ন হৈ এটা হাতী মৰিয়নীৰ সমীপৱৰ্তী শিঙৰীবিলৰ দাতিৰ এটা জোপোহানিত থাকি যায়। ইয়াৰ পিচতে মঙলবাৰে দিনৰ পৰা হাতীটোক পুনৰ অভয়াৰণ্য লৈ খেদি পঠাবলৈ বনবিভাগৰ লগতে স্থানীয় ৰাইজে চেষ্টা কৰি আছিল যদিও সক্ষম নহ'ল হাতীটোক খেদি পঠিয়াবলৈ। সন্ধ্যা হোৱাৰ পাছত হাতীটোৱে আক্ৰমনাত্মক ৰূপ লৈ বনবিভাগ আৰু ৰাইজলৈ চোঁচা লয়। বন্যহস্তীৰ এই আক্ৰমণত বনবিভাগৰ পাঁচজনকৈ লোক গুৰুতৰভাৱে আহত হয় মৰিয়নী বন সংমণ্ডলৰ উপ বন সংমণ্ডলক বিশান্ত শৰ্মা, খণ্ড বন বিষয়া পবিত্ৰ ফুকন,বন কৰ্মী ৰাজীৱ বুঢ়াগোহাই,জয়ন্ত হাজৰিকা,অতুল কলিতা।

মৰিয়নীত বন্য হস্তীৰ আক্ৰমণঃ আহত বন কৰ্মী

ইফালে বন কৰ্মীৰ দলটো হাতীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱাৰ লগতে তেওঁলোকে লগত লৈ যোৱা বন্দুক এটাও ধংস হয় ৷ আঘাতপ্ৰাপ্ত বন কৰ্মীৰ দলটোক পিচত মৰিয়নীৰ প্ৰাথমিক চিকিৎসালয়ত চিকিৎসা প্ৰদানৰ অন্তত উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ ইয়াৰে উপ বন সংমণ্ডলক বিশান্ত শৰ্মাৰ অৱস্থা সংকজনক বুলি জানিব পৰা গৈছে।

Intro:Mariani Elephant Terror

মৰিয়নীত বন্য হস্তীৰ আক্ৰমনত গুৰুত্বৰভাৱে আহত বন কৰ্মী।Body:
Mariani Elephant Terror

মৰিয়নীত বন্য হস্তীৰ আক্ৰমনত গুৰুত্বৰভাৱে আহত বন কৰ্মী।

মৰিয়নীস্থিত হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্য পৰা খাদ্যৰ সন্ধানত নিতৌ জনানঞ্চল প্ৰৱেশ কৰা বন্য হস্তীৰ পালে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজক ত্ৰাহি মধুসূধন সোঁৱৰাই।কালি বিয়লি খাদ্যৰ সন্ধানত হাতীৰ এটা বৃহৎ পালে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত প্ৰৱেশ কৰি পুৱা পুনৰ অভয়াৰণ্যত সোমাই যায়। যদিও হাতীৰ পালটোৰ লগত বিছিন্ন হৈ এটা হাতী মৰিয়নীৰ সমীপৱৰ্তী শিঙৰীবিলৰ দাঁতিৰ এটা জোপোহানিত থাকি যায়। আজি দিনৰ পৰা হাতীটোক পুনৰ অভয়াৰণ্য লৈ খেদি পঠাবলৈ বনবিভাগৰ লগতে স্থানীয় ৰাইজে চেষ্টা কৰি আছিল যদিও সক্ষম নহয়। সন্ধ্যা হোৱাৰ পাছত হাতীটোৱে আক্ৰমন্তমক ৰূপ লৈ বনবিভাগ আৰু ৰাইজলৈ চোঁচ লয়। বন্যহস্তীৰ এই আক্ৰমনত বনবিভাগৰ পাঁচজনকৈ লোক গুৰুত্বভাৱে আহত হয় মৰিয়নী বন সংমণ্ডলৰ উপ বন সংমণ্ডলক বিশান্ত শৰ্মা, খণ্ড বন বিষয়া পবিত্ৰ ফুকন, বন কৰ্মী ৰাজীৱ বুঢ়াগোহাই, জয়ন্ত হাজৰিকা ,অতুল কলিতা।এই বন কৰ্মীৰ দলটো হাতীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱাৰ লগতে তেওঁলোকে লগত লৈ যোৱা বন্দুক এটাও নষ্ট হয়৷ আঘাতপ্ৰাপ্ত বন কৰ্মীৰ দলতোক মৰিয়নীৰ প্ৰাথমিক চিকিৎসালয়ত চিকিৎসা প্ৰদানৰ অন্তত উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ ইয়াৰে উপ বন সংমণ্ডলক বিশান্ত শৰ্মাৰ অৱস্থা সংকজনক বুলি জানিব পৰা গৈছে।
Bite :- beat office

Ranjit Borah
MarianiConclusion:
Last Updated : Aug 13, 2019, 10:12 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.