ETV Bharat / state

ৰাজহুৱা সম্পত্তি আত্মসাৎ কৰি আৰক্ষীৰ জালত কংগ্ৰেছী ঠিকাদাৰ - mariani congressi contractor arrested

জনস্বাস্থ্য কাৰিকৰী বিভাগেৰ পানীৰ পাইপ চুৰি কৰি নিজ গৃহ নিৰ্মাণত ব্যৱহাৰ কৰাৰ অভিযোগ মৰিয়নীৰ নকছাৰীৰ ইমতিয়াজ আলি নামৰ কংগ্ৰেছী নেতা তথা ঠিকাদাৰ গৰাকীৰ বিৰুদ্ধে ৷ বীৰ লাচিত সেনাৰ সহযোগত চুৰি সামগ্ৰী জব্দ কৰিলে আৰক্ষী প্ৰশাসনে ৷

an congessi contractor is accused of being involved in stealing of government property
স্থানীয় সংগঠনৰ সহযোগত ঠিকাদাৰজনক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে
author img

By

Published : Jul 27, 2020, 1:20 PM IST

মৰিয়নী , 27 জুলাইঃ চৰকাৰী পানীৰ পাইপ অবৈধ ভাবে হস্তগত কৰি নিজ গৃহ নিৰ্মাণত ব্যৱহাৰ কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল মৰিয়নীৰ এজন কংগ্ৰেছী নেতা তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰ ৷ ঘটনাৰ বিৱৰণী মতে , মৰিয়নীৰ নকছাৰীৰ দেৱেৰাপাৰ গাঁৱৰ বাসিন্দা ইমতাজ আলি নামৰ লোক জনৰ বিৰুদ্ধে নিজ গৃহ নিৰ্মাণত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পাইপ চুৰি কৰি ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি দেবেৰাপাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল স্থানীয় যুৱক পাপু জামাল হাজৰিকাই ৷ সেই এজাহাৰৰ ভিত্তিতে বীৰ লাচিত সেনাৰ নকছাৰী শাখাৰ সহযোগত ব্যক্তিজনৰ বাসগৃহতো অভিযান চলাই বহু সংখ্যক চৰকাৰী পাইপ উদ্ধাৰ কৰিবলৈ সক্ষম হয় দেবেৰাপাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰসেশ্বৰ দত্ত আৰু মৰিয়নী ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ বৰাই ৷

ঠিকাৰৰ ঘৰত ওলাল চৰকাৰী সামগ্ৰী

অভিযোগ অনুসৰি , লোক জনে নৱ নিৰ্মিত গৃহটোৰ খুটা সমূহ নিৰ্মাণত পানীৰ পাইপ সমুহ ব্যৱহাৰ কৰিছিল ৷ পাইপ সমূহ ঢাকি ৰাখিবৰ বাবে নিৰ্মামৰ পাছত চিমেণ্টেৰে প্লাষ্টাৰ কৰাৰ ব্যৱস্থা কৰিছিল ব্যক্তিগৰাকীয়ে ৷ অভিযানৰ পাছতে ব্যক্তিজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি আইনৰ ৩৭৯ ধাৰাত ২৩৫\২০ ধাৰাত গোচৰ ৰুজু কৰি ইমতিয়াজ আলিক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

an congessi contractor is accused of being involved in stealing of government property
স্থানীয় সংগঠনৰ সহযোগত ঠিকাদাৰজনক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে

উল্লেখ্য যে , জনস্বাস্থ্য কাৰিকৰী বিভাগে মৰিয়নি গ্ৰেটাৰ চেলেংহাট পানী যোগান আঁচনিত ব্যৱহাৰ কৰিবলৈ বৃহৎসংখক পানীৰ পাইপ মজুত কৰি ৰাখিছিল ৷ বিভাগটোৰ পৰাই পানীৰ পাইপ চুৰি হোৱাৰ পাছতো বিভাগৰ ফালৰ পৰা আৰক্ষীক অৱগত নকৰালৈ লক্ষ্য কৰি এই অবৈধ কাৰ্যত বিভাগটোৰ আন কোনো ব্যক্তিও জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃদক্ষিণ কোৰিয়াত অব্যাহত আছে কৰ'ণাৰ প্ৰাৰ্দূভাৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.