ETV Bharat / state

দেৱাশীস গগৈৰ হত্যাকাণ্ডৰ লগত জড়িত আন দুই অভিযুক্তক আটক

author img

By

Published : Jun 11, 2020, 4:30 PM IST

দেৱাশীষ গগৈ হত্যাকাণ্ড সন্দৰ্ভত 17 জনক আটক আৰক্ষীৰ ৷ 14 জনক ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে ৷ তদন্ত পূৰ্ণ গতিত চলি থকাৰ কথা প্ৰকাশ আৰক্ষীৰ ৷

Mariani Debasis gogoi murder case
আৰক্ষীৰ জালত দেৱাশীষ হত্যাকাণ্ডৰ 17 অভিযুক্ত

মৰিয়নী, 11 জুনঃ যোৰহাট জিলাৰ মৰিয়নীৰ গাভৰু পাহাৰ গণ নিগ্ৰহ কাণ্ডত নিহত হোৱা দেৱাশীষ গগৈৰ হত্যাকাণ্ডৰ লগত জড়িত আন দুই অভিযুক্তক কৰায়ত্ত কৰিছে মৰিয়নী আৰক্ষীয়ে ৷ বৃহস্পতিবাৰে মৰিয়নী আৰক্ষীয়ে গাভৰু পৰ্বত চাহ বাগিচাৰ নৰেন নায়ক আৰু বিজয় কন্ধ নামৰ দুই অভিযুক্তক আটক কৰি মৰিয়নী আৰক্ষী থানালৈ আনে । ইয়াৰ লগে লগে 17 জনলৈ বৃদ্ধি পালে দেবাশীস গগৈৰ হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে আটক কৰা লোকৰ সংখ্যা ৷ 14 জন অভিযুক্তক ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷

উল্লেখযোগ্য যে,বাগিচাখনৰ পৰিচালক জয়দ্বীপ ক'ল আৰু সহকাৰী পৰিচালক বলবীৰ সিঙক আৰক্ষীয়ে সোধা-পোছাৰ বাবে আৰক্ষীয়ে আটক কৰিছিল যদিও ইতিমধ্যে দুয়োকে মুকলি কৰি দিয়া হৈছে ৷ বৃহস্পতিবাৰে আটক কৰা দুই অভিযুক্তক জেৰা অব্যাহত ৰখাৰ লগতে ঘটনাটোৰ সন্দৰ্ভত তদন্ত পূৰ্ণ গতিত চলাই থকা হৈছে বুলি মন্তব্য কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ ৰাজস্থানত ঘোচ লৈ আটক চিকিৎসক আৰু কনিষ্ঠ অভিযন্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.