ETV Bharat / state

গুলীয়াই হত্যা কৰা হ'ল যোৰহাটৰ নাহৰফুটুকীটো ! - jorhat tiger news

উত্তেজনাৰ অৱসান ঘটিল যোৰহাটৰ দ-গায়ন গাঁৱত । তিনি জনক আক্ৰমণ কৰি ত্ৰাস সৃষ্টি কৰা নাহৰফুটুকীটোক গুলীয়াই হত্যা । বন বিভাগ ট্ৰেংকুলাইজ কৰাত ব্যৰ্থ হৈ গুলীয়াই হত্যা কৰা হ'ল বাঘটো ৷

leopard injured villager
leopard injured villager
author img

By

Published : Mar 30, 2020, 11:30 PM IST

যোৰহাট, 30 মাৰ্চ : কৰ'ণা আতংকৰ মাজতে বাঘৰ সন্ত্ৰাসত জ্বলা কলা খাইছে যোৰহাটবাসীয়ে । যোৰহাটৰ দ-গায়ন গাঁৱৰ পুলিন ৰাজখোৱাৰ ঘৰত পুৱাই এটা প্ৰকাণ্ড নাহৰফুটুকী প্ৰত্যক্ষ কৰা হয় ৷ দিনৰ ১০ মান বজাত গাঁওখনৰ এজন লোকক কামুৰি আঘাত কৰে । ইতিমধ্যে নিতু নামৰ ব্যক্তিজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল। আনহাতে গাঁওখনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বন বিভাগৰ লোক উপস্থিত হোৱা পাচতে চলিছিল নাহৰফুটুকীটোক ট্ৰেংকুলাইজ কৰাৰ প্ৰচেষ্টা । কিন্তু ঘৰৰ ভিতৰত অৱস্থান কৰি থকাৰ ফলত এবাৰ ট্ৰেংকুলাইজ কৰাৰ চেষ্টা কৰিছিল যদিও সেইয়া সম্ভৱ নহ'ল । কিন্তু সময় ক্ৰমান্বয়ে ৰাইজৰ উৎকন্ঠা বৃদ্ধি পায়। ৰাইজৰ দাবী নাহৰফুটুকীটোক ধৰিব লাগে। বন বিভাগ লোকে চেষ্টা কৰি থকাৰ সময়তে হঠাতে নাহৰফুটুকীটোৱে বেৰ ভাঙি ওলাই আহি প্ৰথমতে বনবিভাগৰ নব্বীবুৰ ৰহমানক আক্ৰমণ কৰে ৷ বন বিভাগৰ লোকে দুজাঁই গুলি ফুটোৱাত বাঘটোৱে বনকৰ্মী জনক এৰি মাথাউৰি ওপৰত ৰৈ থকা সীমান্ত বাহিনীৰ ৰমেশ নামৰ জোৱান জনক সন্মুখৰ পৰা আক্ৰমণ কৰি বগৰাই দিয়ে। যাৰফলত পৰিস্থিতি সম্পূৰ্ণ উত্তপ্ত হৈ পৰিল।

গুলীয়াই হত্যা কৰা হ'ল যোৰহাটৰ নাহৰফুটুকীটো !

আনহাতে আঘাত প্ৰাপ্ত দুয়োজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ অনা হয় চিকিৎসাৰ বাবে। নাহৰফুটুকীটোৱে নদীৰ পাৰৰ এজোপা গছত অৱস্থান কৰাৰ ফলত আন্ধাৰ হোৱাৰ বাবে ট্ৰেংকুলাইজ কৰিব পৰা নগ'ল। কিন্তু ৰাইজৰ হেঁচাৰ ফলত অৱশেষত বন বিভাগৰ লোকে গুলীয়াই হত্যা কৰে নাহৰফুটুকীটো ৷

লগতে পঢ়ক : প্ৰাসংগিক হৈ উঠিছে এসময়ৰ আবেগ ৰেডিঅ'

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.