মৰিয়নী, 5 মে' : লক্ ডাউনৰ বাবে মংগলবাৰে নাগালেণ্ডৰ পৰা অসমলৈ উভতি আহিল 40 গৰাকী শ্ৰমিক ৷ নাগালেণ্ডৰ লুংঠুৰ এটা কাঠফলা মিলত শ্ৰমিক হিচাপে কৰ্মৰত ব্যক্তিকেইজনে লক্ ডাউনৰ বাবে তীব্ৰ খাদ্য সংকটত ভুগি অসমলৈ উভতি আহিবলৈ বাধ্য হৈছে ৷
জানিব পৰা মতে, নাগালেণ্ডৰ লুংঠুস্থিত এটা ভিনেইল কাৰখানাত অসমৰ বাক্সা আৰু তিনিচুকীয়া জিলাৰ 40 জন শ্ৰমিক আবদ্ধ হৈ পৰিছিল ৷
প্ৰথম অৱস্থাত মালিকপক্ষই শ্ৰমিক সকলক খাদ্য সামগ্ৰী বিনামূলীয়াকৈ যোগান ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও পৰৱৰ্তী সময়ত মালিক পক্ষই শ্ৰমিক সকলৰ পৰা খাদ্য সামগ্ৰী দিয়াৰ বিনিময়ত টকা বিচৰাত তেওঁলোকে তীব্ৰ অৰ্থ সংকটত ভোগি নাগালেণ্ডৰ পৰা প্ৰদব্ৰজে আহি মৰিয়নীত উপস্থিত হয় ।
ইফালে প্ৰশাসনৰ লোকে শ্ৰমিক সকল অহা গম পাই নিউ সোণোৱাল খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ সমীপত তেওঁলোকক আবদ্ধ কৰি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰে ।
পৰৱৰ্তী সময়ত আৰক্ষী প্ৰশাসনে বাক্সা আৰু তিনিচুকীয়া জিলাৰ এই শ্ৰমিক সকলক নিজ-নিজ গৃহলৈ বাছৰে যাবলৈ সুবিধা কৰি দিয়ে ।
আনহাতে নাগালেণ্ডৰ লুংঠুস্থিত কাৰখানাটোৰ মালিক মৰিয়নীৰ জনৈক সুৰেখা নামৰ ব্যক্তিজনে এই শ্ৰমিক সকলক প্ৰতাৰণা কৰা কাৰ্যই সকলোকে অসন্তুষ্ট কৰিছে ।
লগতে পঢ়ক : আমিনগাঁৱত ট্ৰেক্টৰ বিতৰণত অংশগ্ৰহণ মন্ত্ৰী ভৱেশ কলিতাৰ