ETV Bharat / state

King cobra Rescue : মৰিয়নীৰ সোণাপুৰত উদ্ধাৰ বিলুপ্তপ্ৰায় ৰজাফেঁটী

author img

By

Published : Apr 9, 2023, 10:14 PM IST

মৰিয়নীৰ সোণাপুৰত উদ্ধাৰ প্ৰকাণ্ড ৰজাফেঁটী (King cobra Rescue in Jorhat) ৷ বনবিভাগ আৰু প্ৰকৃতিপ্ৰেমী যুৱক অনিল তাচাৰ সহযোগত উদ্ধাৰ হোৱা ৰজাফেঁটী সাপডালক মৰিয়নী দিচৈভেলী সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া হয় ।

King cobra Rescue in Jorhat
উদ্ধাৰ প্ৰকাণ্ড ৰজাফেটি (

যোৰহাট, 9 এপ্ৰিল : দেওবাৰে মৰিয়নী সোণাপুৰত উদ্ধাৰ হয় বিলুপ্তপ্ৰায় এডাল প্ৰকাণ্ড ৰজাফেঁটী (Kingcobra) সাপ ৷ মৰিয়নী নিউ সোণোৱালৰ সোণাপুৰ গাঁৱৰ এজন ব্যক্তিৰ বাসভৱন পৰাৰ উদ্ধাৰ কৰা হয় এই সাপডাল (King cobra Rescue in Jorhat) । এই বিষাক্ত ৰজাফেঁটী সাপডালক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

বিৱৰণি অনুসৰি, সোণাপুৰ গাঁৱৰ এজন ব্যক্তিয়ে প্ৰথমতে ঘৰৰ মুধচত এডাল প্ৰকাণ্ড ৰজাফেঁটী সাপ প্ৰত্যক্ষ কৰে ৷ তাৰ পাচতে ব্যক্তিগৰাকীয়ে উক্ত সাপডালৰ বিষয়ে অৱগত কৰে স্থানীয় গাঁওবুঢ়াক ৷ স্থানীয় গাঁওবুঢ়াৰ তৎপৰতাত বনকৰ্মীয়ে মৰিয়নীৰ জনপ্ৰিয় সৰ্পপ্ৰেমী যুৱক অনিল তাচাৰ সহযোগত উদ্ধাৰ কৰে সাপডাল ৷

সুস্থ অৱস্থাত সাপডাল উদ্ধাৰ কৰি পৰৱৰ্তী সময়ত মৰিয়নী অসম নগালেণ্ড সীমান্তৰ দিচৈভেলীত মুকলি কৰি দিয়া হয় ৷ সাপডাল উদ্ধাৰ হোৱা পাচতহে ঘৰৰগৰাকীৰ লগতে গাঁওবাসীয়ে স্বস্তিৰ নিশ্বাস লয় ৷ বনকৰ্মীয়ে জানিবলৈ দিয়া মতে, উদ্ধাৰ হোৱা প্ৰাপ্তবয়স্ক প্ৰকাণ্ডৰ ৰজাফেঁটী সাপডালৰ প্ৰজাতি বৰ্তমান বিলুপ্তিৰ অৱস্থাত আছে ।

বনবিভাগৰ লগতে প্ৰকৃতি প্ৰেমী অনিল তাচাৰ সহযোগত উদ্ধাৰ কৰা ৰজাফেঁটী সাপডালৰ আনুমানিক দৈঘ 11 ৰ পৰা 12 ফুট ৷ উল্লেখ কৰা প্ৰয়োজন যে প্ৰকৃতপ্ৰেমী যুৱক অনিল তাচাৰ নেতৃত্বত মৰিয়নীৰ বিভিন্ন প্ৰান্তত এনে ধৰণৰ সৰ্প লগতে বিভিন্ন বন্য জন্তু উদ্ধাৰ কৰি বন বিভাগৰ হাতত হস্তান্তৰ কৰা দেখিবলৈ পোৱা গৈছে ৷ আনকি তাৰ পিচতে বন বিভাগে দিচৈ, দিচৈভেলী, টিৰু হিলচ সংৰক্ষিত বনাঞ্চল লগতে গিবন অভ্যায়ৰণ্যতো মুকলি কৰি আহিছে ।

প্ৰকৃতি প্ৰেমী লোকৰ বাবে আমাৰ মানচিত্ৰ পৰাৰ হেৰাই যাব বিচৰা তথা বিলুপ্তপ্ৰায় জীৱ-জন্তু সংৰক্ষিত হৈ আছে । আজি তাৰিখত এগৰাকী প্ৰকৃতি প্ৰেমীলোক সকলোৰে বাবে প্ৰেৰণা আৰু আৰ্দশ স্বৰূপ । তাপৰ্যপূৰ্ণ যে, আজি তাৰিখত একাংশ লোকে বন্য জীৱ-জন্তু হত্যা কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰি আহিছে ৷ তাৰ বিপৰীতে একাংশই বন্যপ্ৰাণী সংৰক্ষণ কামত দিনে নিশাই সময় অতিবাহিত কৰি অহা পৰিলক্ষিত হৈছে । সেয়ে আমাৰ মাজৰ পৰা বিলুপ্তপ্ৰায় প্ৰাণী সংৰক্ষণ কৰাটো সকলোৰে দায়িত্ব আৰু কৰ্তব্য আছে বুলি সচেতন লোক সকলে মত প্ৰকাশ কৰি আহিছে ৷

লগতে পঢ়ক : Jail viral video: কয়দীৰ সৈতে তাচ খেলত মছগুল কাৰাগাৰৰ ভাৰপ্ৰাপ্ত প্ৰধান প্ৰহৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.