ETV Bharat / state

ক’ভিড কেয়াৰ কেন্দ্ৰ পৰা পলায়ন 5 কিশোৰ অপৰাধীৰ

author img

By

Published : Jul 18, 2021, 12:45 PM IST

তিতাবৰত ক’ভিড কেয়াৰ চেণ্টাৰত ভয়ংকৰ কাণ্ড ৷ শনিবাৰে নিশা তিতাবৰ ক’ভিড কেয়াৰ চেণ্টাৰ পৰা পলাই যায় ৫জনকৈ কয়দী ৷ সম্প্ৰতি ইয়াৰে এজনক উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷

juvanile-prisoners-escaped-from-covid-care-center
ক’ভিড কেয়াৰ কেন্দ্ৰ পৰাই পলায়ন কিশোৰ অপৰাধীৰ

তিতাবৰ, 18 জুলাই : তিতাবৰ ক’ভিড কেয়াৰ কেন্দ্ৰৰ পৰা পলায়ন কৰা এটা কয়দীক তিতাবৰ নগৰ চাৰি আলিৰ পৰা শনিবাৰে নিশা উদ্ধাৰ কৰে তিতাবৰ আৰক্ষীয়ে । সম্প্ৰতি পলায়ন কৰা কয়দী কিশোৰ (juvanile prisoner)টোক পুনৰ ক’ভিড কেয়াৰ কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে । কিশোৰজনে আন 4 জন লগৰীয়াৰ সৈতে শনিবাৰে নিশাই ক’ভিড কেয়াৰ কেন্দ্ৰটোৰ পৰা পলায়ন কৰিছিল ৷

উল্লেখ্য যে, বিগত ১১ জুলাইৰ পৰা ১৬ জুলাইৰ ভিতৰত মুঠ ১১টা কিশোৰ অপৰাধীক যোৰহাটৰ লিচুবাৰীত অৱস্থিত শিশু কাৰাগাৰ(children jail)ৰ পৰা তিতাবৰ ক’ভিড কেয়াৰ কেন্দ্ৰলৈ কাৰাগাৰ কৰ্তৃপক্ষই প্ৰেৰণ কৰিছিল ৷ দুৰ্ভাগ্যজনকভাৱে শনিবাৰে নিশা তিতাবৰ ক’ভিড কেয়াৰ কেন্দ্ৰৰ পৰা পলাই যায় ইয়াৰে ৫ টাকৈ অপৰাধী কিশোৰ ৷ সম্প্ৰতি ইয়াৰে এজনক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে যদিও, আন 4 জন বৰ্তমানলৈকে পলাতক অৱস্থাত আছে ৷

পলাতক অপৰাধীক কেইটাক বিচাৰি তিতাবৰ মহকুমা আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলোলৈকে কোনো ধৰণৰ শুংসূত্ৰ পোৱা নাই ৷

জানিব পৰা মতে, আটাইকেইটা অপৰাধী হত্যা, ধৰ্ষণৰ লগতে ড্ৰাগছ জনিত কাৰ্যৰ বাবে কাৰাগৰাত থাকিবলগীয়া হোৱা বুলি জানিব পৰা গৈছে ৷ ক’ভিড কেয়াৰ কেন্দ্ৰৰ পৰা এইদৰে পলায়ন কৰা কিশোৰ কেইজন ক্ৰমে উমৰ ভূঞা , ৰোহিত হীৰা ( ১৭), বিষ্ণু গোৱালা(১৫), চুনো বৰা (১৬) আৰু চাইদুল আলম(১৭) ৷ ইফালে, সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি তিতাবৰত এতিয়া এক চাঞ্চলই বিৰাজ কৰিছে ৷

লগতে পঢ়ক : ঋণগ্ৰস্ত মহিলাক মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ ভাবুকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.