ETV Bharat / state

হাবি-জংঘলৰ মাজত এটা কোটি টকীয়া প্ৰকল্প ! কিন্তু ক'ত ? - হাবি-জংঘল

কংগ্ৰেছ চৰকাৰৰ দিনত আৰম্ভ হোৱা কাম শেষ নহ'ল আজিপৰ্যন্তও ৷

হাবি-জংঘলেৰে আৱৰি ধৰিছে যোৰহাট পৌৰসভাৰ কোটি টকীয়া প্ৰকল্প
author img

By

Published : Jun 7, 2019, 4:18 PM IST

Updated : Jun 7, 2019, 6:31 PM IST

যোৰহাট, 7 জুন : হাবি-জংঘলৰ লগতে মাছ ধৰা পুখুৰীত পৰিণত হৈছে যোৰহাট পৌৰসভাৰ দুটাকৈ কোটি টকীয়া প্ৰকল্প ৷ বিজেপিৰ নেতৃত্বত গঠন হোৱা যোৰহাট পৌৰসভাৰ চৰম নিস্ক্ৰিয়তাৰ বাবেই ২৮ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া প্ৰকল্প দুটা অনাদৃতৰূপে পৰি ৰৈছে ৷ ২০০৭ চনতে কংগ্ৰেছ নেতৃত্বাধীন যোৰহাট পৌৰসভাই চহৰখনৰ শতবৰ্ষ গৰকা চ'ক বজাৰখন প্ৰায় ১৭ কোটি টকাৰে পুনৰ নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিছিল ৷ কিন্তু বজাৰখনৰ একাংশ ব্যৱসায়ীয়ে দোকানসমূহ খালী কৰি দিবলৈ অমান্তি হোৱাত পৌৰসভাই এই পুঁজিৰেই স্থান সলনি কৰি পূজাডুবিত আন এখন নতুন আৰ চি চি বজাৰ স্থাপনৰ কাম হাতত লয় । এই সমূদায় ধন যৌথভাৱে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে মঞ্জুৰ কৰিছিল । কিন্তু কংগ্ৰেছী পৌৰসভাখনে প্ৰথম কিস্তিত মুকলি কৰা ১.৫৩ কোটি টকাৰে পূজাডুবিৰ বৃহৎ বজাৰখনৰ কাম আৰম্ভ হওতেই কংগ্ৰেছ চৰকাৰৰ কাৰ্যকাল অন্ত পৰাত বন্ধ হৈ পৰে পূজাডুবিৰ বজাৰখনৰ নিৰ্মাণ । তাৰ পাচতে আজি পৰ্যন্তও কাম আগনাবাঢ়িল প্ৰকল্পটোৰ ।
ইপিনে বহু মহলীয়া পাৰ্কিং প্ৰকল্পৰ কামও প্ৰায় ১১.৪০ কোটি টকাৰে কংগ্ৰেছী পৌৰসভাৰ দিনতেই আৰম্ভ কৰিছিল । কিন্তু কংগ্ৰেছৰ পৰা আঁজুৰি লোৱা পৌৰসভাখন এতিয়া বিজেপিৰ একাংশ ক্ষমতাৰ খকত মত্ত পৌৰ কৰ্তৃপক্ষৰ বাবেই এতিয়াও এনেদৰে অনাদৃত আৰু অবহেলিত হৈ পৰিছে ।

হাবি-জংঘলৰ লগতে মাছ ধৰা পুখুৰী হৈ পৰিছে পৌৰসভাৰ দুটাকৈ কোটি টকীয়া প্ৰকল্প।।ক্ষমতাৰ খটত মত্ত পৌৰ কতৃপক্ষ।।।বিগত দহ বছৰ ধৰি পৰি আছে অনাদৰ হৈ।।

পৰিবৰ্তন কথা কোৱা একাংশ বিজেপিৰ নেতৃত্বত গঠন হোৱা যোৰহাট পৌৰসভাৰ চৰম নিস্ক্ৰিয়তাৰ বাবেই ২৮ কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া দুটাকৈ প্ৰকল্প এতিয়া হাবি-জংঘলৰ লগতে মাছ ধৰা পুখুৰীলৈ পৰিবৰ্তন ঘটিছে।২০০৭ চনতে কংগ্ৰেছ নেতৃত্বাধীন যোৰহাট পৌৰসভাই চহৰখনৰ শতবৰ্ষ গৰকা চক্ বজাৰ খন প্ৰায় ১৭ কোটি টকাৰে পুনৰ নিৰ্মাণৰ আচনি গ্ৰহণ কৰিছিল।কিন্তু বজাৰ খনৰ একাংশ ব্যৱসায়ী য়ে দোকান সমূহ খালী কৰি দিবলৈ অমান্তি হয়।ফলত সংকটৰ সন্মুখীন হৈ পৌৰসভাই এই পূজিৰে স্হান সলনি কৰি পূজাডূবিৰ আন এখন নতুন আৰ চি চি বজাৰ স্হাপনৰ কাম হাতত লয়।এই সমূদায় ধন যৌথ ভাৱে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে মন্জুৰ কৰিছিল।কিন্তু কংগ্ৰেছী পৌৰসভা খনে প্ৰথম কিস্তিত মুকলি কৰা ১.৫৩ কোটি টকাৰে পূজাডূবিৰ বৃহৎ বজাৰ খনৰ খূটা সমুহ নিৰ্মাণ বাবে লোহা লগাওতেই ২০১৪ চনত পৌৰসভাখনৰ কায্যকাল অন্ত পৰে।তাৰ ফলত বন্ধ।হৈ পৰে পূজাডূবিৰ বজাৰখনৰ নিৰ্মাণ।আৰু সেই যে বন্ধ হল আজিও বন্ধ।
আনহাতে বহু মহলীয়া পাৰ্কিং প্ৰকল্পটো প্ৰায় ১১.৪০ কোটি টকাৰে কংগ্ৰেছী পৌৰসভাৰ দিনতেই আৰম্ভ কৰিছিল।কিন্তু কংগ্ৰেছৰ পৰা আজূৰি লোৱা পৌৰসভাখন এতিয়া বিজেপিৰ একাংশ ক্ষমতাৰ খকত মত্ত পৌৰ কতৃপক্ষৰ বাবেই এতিয়াও এনেদৰে অনাদৰ আৰু অবহেলীত হৈ পৰিছে।

যোৰহাটৰ দৰে জিলা খনত যত এতিয়া ৰাজ্যসভাৰ সাংসদ আৰু বিধান সভা অধ্যক্ষৰো গৃহ জিলা।এনেকুৱা ধৰণৰ আধৰুৱা প্ৰকল্পৰ বাবেই এতিয়া প্ৰশ্ন হয় সচাকৈয়ে পৰিবৰ্তন সাধন।কৰিব পাৰিবনে জিলাখনৰ বহু কোটি টকীয়া প্ৰকল্পৰ।
Last Updated : Jun 7, 2019, 6:31 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.