ETV Bharat / state

যোৰহাট চ্যুকাফা সমন্ধয় ক্ষেত্ৰ পৰিদৰ্শন মন্ত্ৰী বিমল বৰাৰ

author img

By

Published : Jun 2, 2021, 9:51 PM IST

যোৰহাট চ্যুকাফা সমন্ধয় ক্ষেত্ৰ পৰিদৰ্শন ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাৰ ৷ আগন্তুক তিনি মাহৰ ভিতৰত চ্যুকাফা সমন্বয় ক্ষেত্ৰৰ নিৰ্মিয়মান সভাগৃহটো সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কতৃপক্ষক নিৰ্দেশ মন্ত্ৰী গৰাকীৰ ৷

Jorhat Sukafa Samandhya Area Inspection Cultural  Minister Bimal Bora
যোৰহাট ছ্যুকাফা সমন্ধয় ক্ষেত্ৰ পৰিদৰ্শন সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাৰ

যোৰহাট, 2 জুন : যোৰহাট চ্যুকাফা সমন্ধয় ক্ষেত্ৰ পৰিৰ্দশন সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাৰ ৷ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই বুধবাৰে যোৰহাটৰ স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰ পৰিদৰ্শন কৰি আধৰুৱা হৈ থকা কাম কাজৰ বুজ লয় । মন্ত্ৰীগৰাকীয়ে আগন্তুক তিনি মাহৰ ভিতৰত চ্যুকাফা সমন্বয় ক্ষেত্ৰৰ নিৰ্মিয়মান হৈ থকা সভাগৃহটো সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কতৃপক্ষক নিৰ্দেশ দিয়ে । চ্যুকাফা সমন্বয় ক্ষেত্ৰটো শক্তিশালী ৰূপত গঢ় দি উত্তৰ-পূৰ্বাঞ্চলৰ স্বাভিমানৰ প্ৰতীক ৰূপে চিহ্নিত কৰিবলৈ চেষ্টা কৰিব বুলি আশ্বাস প্ৰদান কৰে ।

আনহাতে, মন্ত্ৰী গৰাকীয়ে সমন্বয় ক্ষেত্ৰত সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্বয়ৰ বিষয়ববীয়া সকলৰ লগত এখন পৰ্যালোচনা সভাতো অংশগ্ৰহণ কৰে । পৰিৰ্দশন কালত মন্ত্ৰী গৰাকীৰ সৈতে ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিৱ পৱন বৰঠাকুৰ, জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ লগতে জিলা প্ৰশাসনৰ অন্যান্য বিষয়া, কৰ্মচাৰী উপস্থিত থাকে ৷

লগতে পঢ়ক: দুৰ্ঘটনাত পতিত নাহিদ আফ্ৰিনৰ পিতৃ-মাতৃৰ বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.